অসম গণ পৰিষদৰ খোৱাং সমষ্টি সমিতিৰ কাৰ্যনিৰ্বাহক সভা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসম গণ পৰিষদ খোৱাং সমষ্টি সমিতিৰ কাৰ্যনিৰ্বাহক সভা খন আজি (৩০-৬-২৪) ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা উন্নয়ন খণ্ডৰ এলেকাধীন লেজাই সমীপৱৰ্তী চেঁচাৰ ৰত্নকনক কৃষিপামত অনুষ্ঠিত হৈ যায়। অসম গণ পৰিষদ খোৱাং সমষ্টি সমিতিৰ সভাপতি পূণ্যনাথ পাংগিংৰ পৌৰোহিত্যত অনুষ্ঠিত অ গ প খোৱাং সমষ্টিৰ কাৰ্যনিৰ্বাহক সভা খনৰ আদৰণি পিছতেই অ গ প দলৰ হৈ সেৱা আগবঢ়োৱা প্ৰয়াত নেতা কৰ্মকৰ্তা সকলৰ স্মৃতি সোঁৱৰাণ কৰি মৌন প্ৰাৰ্থনা জনায়। অ গ প খোৱাং সমষ্টি সমিতিৰ সম্পাদক ৰণ্টু গোঁহায়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বিষয়ে সংগতি ৰাখি অসম গণ পৰিষদ দলটো খোৱাং সমষ্টিত সাংগঠনিক ভেটি শক্তিশালী কৰা আৰু দলটোৰ সকলো কৰ্মকৰ্তাই দলীয় স্থিতি মজবুত কৰা ক্ষেত্ৰত সেৱাৰ মনোভাৱেৰে অৱতীৰ্ণ হ’বলৈ আহ্বান জনায়।সভাত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা অসম চৰকাৰৰ জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুশীল ৰাজকোঁৱৰে সাংগঠনিক ভাৱে অগপ দলৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত খোৱাং সমষ্টিত প্ৰাথমিক পৰ্যায়ৰ পৰা গোট সমূহ গঠন কৰি সবল ৰূপত অসম গণ পৰিষদ দলটোক তৃণমূল পৰ্য্যায়ৰ পৰাই সাংগঠনিক দিশত যোগাত্মক ভাৱে ইতিবাচক চিন্তা চেতনাৰে দলীয় কৰ্মকৰ্তা সকলক আগবাঢ়ি আহিবলৈ আহ্বান জনায় আৰু প্ৰতি গৰাকী দলীয় কৰ্মীয়ে জনসাধাৰণৰ সৈতে জনসম্পৰ্ক বৰ্তাই ৰাখি অসম গণ পৰিষদ দলৰ আঞ্চলিকতাবাদী বৈশিষ্ট্যতাৰে নিজকে সমাজসেৱক হিচাপে গঢ় দিয়াৰ সন্দৰ্ভত সাৱলীল ভাষণ প্ৰদান কৰে।সভাত চাবুৱা সমষ্টিৰ অসম গণ পৰিষদ দলৰবিধায়ক পোণাকন বৰুৱাই নিজৰ ভাষণত অসমত বি জে পি মিত্ৰজোটৰ চৰকাৰৰ অসম গণ পৰিষদ দল অংশীদাৰ যদিও মিত্ৰ গোষ্ঠীয়ে অৱজ্ঞা,অৱহেলা, দৃষ্টিৰে চায় বুলি আক্ষেপ প্ৰকাশ কৰি কয় যে অসম চৰকাৰৰ মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে যি সহায় আৰু সঁহাৰি পাব লাগে পৰিলক্ষিত হোৱা নাই ক্ষোভ প্ৰকাশ কৰি অসম গণ পৰিষদ দলটোক তৃণমূল পৰ্য্যায়ৰ পৰাই বুথ সমিতিৰ জৰিয়তে দলীয় ভেটি গঠন কৰাৰ ক্ষেত্ৰত কাৰ্যনিৰ্বাহক সভালৈ নিজৰ পৰামৰ্শ আগবঢ়ায়।সভাত অসম গণ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি পুতুল সোণোৱালে নিদিষ্ট বক্তাৰ ভাষণত ,অসম গণ পৰিষদ দলটো শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অসমৰ প্ৰতিটো সমষ্টিতেই অসম গণ পৰিষদ দলৰ আঞ্চলিক সমিতি বিলাক সুচাৰুৰূপে পৰিচালনা,গঠন কৰা , প্ৰতিখন আঞ্চলিক সমিতিয়ে জনসাধাৰণৰ মাজত সোমাই দলীয় মতাদৰ্শ, চিন্তা চেতনাৰে দলটোৰ ভেটি মজবুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।সভাত অ গ প ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি আদিত্য গোস্বামী, অ গ প খোৱাং সমষ্টিৰ উপদেষ্টা ৰত্ন বৰগোহাঁই, অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজেন দত্ত, সমাজকৰ্মী অতুল দত্ত প্ৰমুখ্যে বহু কেইজন দলীয় নেতাই অগ প দলৰ সাংগঠনিক পুনৰ্গঠন , পঞ্চায়ত নিৰ্বাচনৰ বাবে দলটো সামগ্ৰিক ভাৱে প্ৰস্তুত হোৱাৰ সম্পৰ্কে বক্তব্য প্ৰকাশ কৰে।সভাত খোৱাং সমষ্টি সমিতিকে ধৰি সমগ্ৰ ডিব্ৰুগড় জিলাত অগ প দলৰ ভেটি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰা, আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে দলটোৰ কৰ্মকৰ্তা সকলক অনুপ্ৰেৰণাৰে দলীয় ভেটি মজবুত কৰাৰ সন্দৰ্ভত কাম কৰা মানসেৰে প্ৰয়াস কৰায় ওপৰত আলোকপাত কৰি কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে বুলি দলীয় কৰ্মকৰ্তা সকলে জানিবলৈ দিছে।