অসম গণ পৰিষদৰ কাৰ্যনিৰ্বাহক সভা
ৰঙিলী বাৰ্ত্তাসেৱা- আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত এখন বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভা অনুষ্ঠিত কৰাৰ আগতে এইবাৰৰ বান পানীত মৃত্যু বৰণ কৰা লোক সকলৰ সদগতিৰ কামনাৰ্থে ৩ মিনিট সময় মৌনতা অৱলম্বন কৰে। উক্ত সভাত দলত সভাপতি অতুল বৰাৰ সভাপতিত্বত উপ সভাপতি কেশৱ মহন্ত, সম্পাদক ডাঃ কমলা কলিতা, সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, মনোজ শইকীয়া,ড° তপন দাস, বিধায়ক পৃথ্বিৰাজ ৰাভা, কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য,যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁইকে আদি কৰি প্ৰায় সকলো জিলাৰ সভাপতি,সম্পাদকক লৈ প্ৰায় ২৫০ জন মান সদস্য উপস্থিত আছিল।সভাত আজি কেইটামান গুৰুত্ব পূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰে। আগন্তুক বিধান সভাৰ উপ নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন, দলীয় সদস্য ভৰ্তি, জনসংযোগৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে আৰু দলক সকলো পৰ্য্যায়ত শক্তিশালী কৰাৰ বাবে আলোচনা কৰা হয়৷ অহা আগষ্ট মাহৰ ১৯,২০,আৰু ২১ তাৰিখত এখন তিনিদিনীয়া ৰাজনৈতিক কৰ্মশালা অনুষ্ঠিত কৰা হ’ব বুলি সভাত উল্লেখ কৰে। প্ৰতি সপ্তাহত বিভিন্ন সাংগঠনিক স্তৰৰ কৰ্মকৰ্তাৰ লগত ভিডিঅ’ কনফাৰেন্সৰ যোগেদি মত বিনিময়ৰ ব্যৱস্থা কৰা। ইয়াৰ উপৰিও বানপানী আৰু গৰা খহনীয়াত আক্ৰান্ত লোকক সাহায্য প্ৰদান কৰাৰ বাবে এটি কোষ গঠন কৰা ইত্যাদি বিষয় বোৰ সামৰি দলে প্ৰস্তাৱ গ্ৰহণ কৰে।সভাৰ শেষত দলৰ সভাপতি অতুল বৰাই এটি সংবাদ মেল যোগে এই কথা খিনি ব্যক্ত কৰে।