অসম গণ পৰিষদৰ অধিৱেশনৰ প্ৰস্তুতি সভা

অসম গণ পৰিষদৰ অধিৱেশনৰ প্ৰস্তুতি সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম গণ পৰিষদৰ হ’বলগীয়া বাৰ্ষিক অধিৱেশন খন সুচাৰু ৰূপে পালন কৰাৰ বাবে আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদৰ এখন প্ৰস্তুতি সভা আহ্বান কৰে।জানিব পৰা মতে অধিৱেশনখনত ভলন্টিয়াৰৰ দায়িত্ব কাক কাক দিয়া হ’ব মানুহ অনাৰ বাবে কিমান গাড়ী লাগিব, সৰু বাহন বোৰত ক’ত কেনেকৈ তেল ভৰোৱা হ’ব আদি বিষয়ৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়। আজিৰ এই সভাত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক তথা অসম গণ পৰিষদৰ সম্পাদক ৰমেন্দ্ৰ নাৰায়ন কলিতা, সাধাৰণ সম্পাদক মনোজ শইকীয়া, সম্পাদক ড° তপন দাস, সম্পাদক সুনীল ডেকাকে আদি কৰি প্ৰায় ৪৫ জান মান ব্যক্তি সভাত উপস্থিত আছিল।