অসম ক্রিকেট সন্থাৰ সংবাদমেল

অসম ক্রিকেট সন্থাৰ সংবাদমেল

ৰঙিলী বাৰ্ত্তাসেৱা- অহা ৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫। এই প্ৰতিযোগিতাৰ  উদ্বোধনী মেচখন  ভাৰত আৰু শ্ৰীলংকাৰ মাজত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এই উদ্বোধনী অনুষ্ঠান সন্দর্ভত এক সংবাদ মেল আয়োজন কৰে অসম ক্রিকেট সন্থাই। বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়া আৰু এচিএৰ সম্পাদক ত্রিদিব কোঁৱৰৰ অধ্যক্ষতাত অনুষ্ঠিত সংবাদ মেলত গুৱাহাটীত হ’বলগীয়া প্রতিযোগিতাখনৰ খেল সন্দর্ভত কেইবাটাও সিদ্ধান্ত গ্রহণ কৰা হয়। ৩০ ছেপ্টেম্বৰত ভাৰত-শ্রীলংকাৰ মাজত হ’বলগীয়া উদ্বোধনী মেচখনত জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি অর্পণ কৰা হ’ব।অসম ক্ৰিকেট সন্থাই উদ্ধোধনী মেচখনত ১০০ টকা মূল্যৰ ৫ হাজাৰ টিকট জুবিন অনুৰাগী সকলক বিনামূলীয়াকৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে বুলিও সংবাদমেলত সদৰী কৰে। অনুৰাগীসকলে পৰিচয় পত্ৰ দেখুৱাই মেচৰ টিকট সংগ্ৰহ কৰিব পাৰিব বুলি জানিবলৈ দিয়া হৈছে। প্ৰতিযোগিতাৰ প্ৰথমখন মেচৰ আৰম্ভণিৰ পূৰ্বে উদ্বোধনী অনুষ্ঠানত অংগৰাগ পাপন মহন্তই জুবিন গাৰ্গৰ প্ৰতি গীতেৰে শ্ৰদ্ধাঞ্জলি দিব। পাপনৰ লগতে জয় বৰুৱাসহ কেইবাগৰাকীও শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব। মেচৰ পূৰ্বে এই উদ্বোধনী অনুষ্ঠান ৪০ মিনিটৰ হ’ব বুলি জানিবলৈ দিয়া হৈছে।ইফালে বলীউডৰ জনপ্ৰিয় গায়িকা শ্ৰেয়া ঘোষালে প্ৰতিযোগিতাৰ থিম চং মুকলি কৰিব। মেচৰ প্ৰথম ইনিংছৰ বিৰতিৰ পাছতে শ্ৰেয়া ঘোষালে অনুষ্ঠান পৰিৱেশন কৰিব। বলীউডৰ শিল্পীগৰাকীয়ে গীতেৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাব। উদ্ধোধনী অনুষ্ঠানত আইচিচিৰ অধ্যক্ষ জয় শ্বাহৰ লগতে বিচিচিআইৰ বিষয়ববীয়া উপস্থিত থাকিব। লক্ষণীয়ভাৱে ১৯ তাৰিখে জুবিন গাৰ্গৰ অকাল মৃত্যু নোহোৱা হ’লে উদ্বোধনী অনুষ্ঠানত পাপনৰ সৈতে জুবিন গাৰ্গেও গীত পৰিৱেশন কৰিলেহেঁতেন। কিন্তু এতিয়া তেওঁৰ অনাকাংক্ষিত মৃত্যুৰ পিছত এই অনুষ্ঠান সম্পূৰ্ণৰূপে তেওঁৰ নামত উৎসৰ্গা কৰা হ’ব।