অসম কো’অ’পাৰেটিভ এপেক্স বেংকত কেলেংকাৰীৰ অভিযোগ, পাণবজাৰত তীব্ৰ প্ৰতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- অসম কো’অ’পাৰেটিভ এপেক্স বেংক লিমিটেডত সংঘটিত বিত্তীয় অনিয়মৰ বিৰুদ্ধে আজি অসম জাতীয় পৰিষদৰ যুৱ শাখা, জাতীয় যুব শক্তিয়ে গুৱাহাটীৰ পানবজাৰস্থিত বেংকটোৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত ধৰ্ণা প্ৰদৰ্শন কৰে। সংগঠনৰ সাধাৰণ সম্পাদকত্ৰয় চন্দ্ৰপাল বৰুৱা, ইফতিকাৰ হুছেইন আৰু অঙ্কুৰ গগৈ, উপসভাপতি দুর্লভ তালুকদাৰ আৰু মুখপাত্র অনন্যা শইকীয়াৰ নেতৃত্বত চলা এই প্ৰতিবাদত শতাধিক যুৱ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰি বেংকটোত সংঘটিত দুৰ্নীতিৰ উচ্চস্তৰীয় তদন্ত আৰু দোষীৰ কঠোৰ শাস্তিৰ দাবী জনায়৷প্ৰতিবাদকাৰীসকলে বেংকৰ পৰিচালন কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ শ্লোগান দি অভিযোগ কৰে যে বেংকটোৰ অধ্যক্ষ, বিধায়ক বিশ্বজিৎ ফুকন আৰু ব্যৱস্থাপনা পৰিচালক ডম্বৰু শইকীয়াই ব্যক্তিগত লাভৰ বাবে বিত্তীয় অনিয়ম সংঘটিত কৰিছে।ধৰ্ণাথলিত প্ৰতিবাদকাৰী সকলে ‘চেন্ট্ৰেল ভিজিলেন্স কমুচনাৰ’ লৈ ইতিপূৰ্বে প্ৰেৰিত এখন স্মাৰকপত্ৰৰ প্ৰতিলিপি বিতৰণ কৰে। উক্ত অভিযোগ পত্ৰত উল্লেখ কৰা অনুসৰি, ২০২৪ চনৰ জুন মাহৰ পৰা বেংকটো কোনো ‘আই টি ভেণ্ডৰ’ (IT Vendor) ৰ সৈতে আনুষ্ঠানিক চুক্তি নোহোৱাকৈ অট’-পাইলট ম’ডত (Auto Pilot Mode)ত চলি আছে। এই পৰিস্থিতিয়ে এক বৃহৎ বিত্তীয় সংকটৰ সম্ভাৱনা সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, ২০১৮ চনত ₹২৮ কোটিৰ আছিল বেংকটোৰ ডিজিটেল প্লেটফৰ্ম উন্নীতকৰণ খৰচ, কিন্তু ২০২৫ চনত ইয়াৰ ব্যয় অত্যধিক বৃদ্ধিহৈ প্ৰায় ₹৫০ কোটি পাইছে, য’ত কে-পিএম-জিক (KPMG) বিতর্কিতভাৱে ₹১৪ কোটি টকা আদায় দিয়া হৈছে। এই অভিযোগক গুৰুত্ব সহকাৰে লৈ অসম চৰকাৰৰ সমবায় বিভাগে বিষয়টো তগন্ত কৰিবলৈ নিৰ্দেশ দিছে যদিও এতিয়ালৈকে কোনো তদন্ত হোৱা নাই। ৰাজ্য চৰকাৰৰ সমবায় বিভাগে যোৱা ৩ মাৰ্চত সমবায় বিভাগৰ পঞ্জীয়ক (Registrar of Cooperative Societies)ক বিষয়টো ১৫ দিনৰ ভিতৰত তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। কিন্তু বাস্তৱত অসম চৰকাৰে এতিয়াও দোষীসকলক ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছে বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে৷প্ৰতিবাদকালত জাতীয় যুব শক্তিৰ সাধাৰণ সম্পাদক চন্দ্ৰপল বৰুৱাই কয়, “বেংকটোৰ গ্ৰাহকৰ ভবিষ্যৎ সংকটত পৰিছে, অথচ চৰকাৰে এতিয়াও নীৰৱ। আমি ন্যায়পূৰ্ণ তদন্ত আৰু দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছোঁ। যদি চৰকাৰে ততালিকাভাৱে ব্যৱস্থা নলয়, আমি বৃহৎ আন্দোলনৰ দিশে আগবাঢ়িম।”অসম কো’অ’পাৰেটিভ এপেক্স বেংক লিমিটেড ৰাজ্যখনৰ এক গুৰুত্বপূৰ্ণ বিত্তীয় প্ৰতিষ্ঠান। এই বিত্তীয় অনিয়ম সন্দৰ্ভত উদ্ভৱ হোৱা অভিযোগে সমগ্ৰ ৰাজ্যৰ জনসাধাৰণৰ মাজত গভীৰ চিন্তাৰ সৃষ্টি কৰিছে। এতিয়া চৰকাৰ এই অভিযোগৰ প্ৰতি কেনেকৈ সঁহাৰি প্ৰদান কৰে, তাৰ ওপৰত সকলোৰে দৃষ্টি থকা পৰিলক্ষিত হৈছে।