অসম কলেজ শিক্ষক সংস্থাৰ সংবাদমেল ডিউ ডেট চাই পদোন্নতিৰ দাবী

p.c- x.com

অসম কলেজ শিক্ষক সংস্থাৰ সংবাদমেল
ডিউ ডেট চাই পদোন্নতিৰ দাবী

গুৱাহাটী,৩০ জুলাইঃ
গুৱাহাটীৰ পল্টন বজাৰৰ চলাপাৰাস্থিত অসম কলেজ শিক্ষক সংস্থাৰ মুখ্য কাৰ্যলয়ত আজি এখন সংবাদ মেল অনুষ্ঠিত কৰে। তেওঁলোকৰ আজিৰ সংবাদ মেলত মূল দাবী হৈছে যে তেওঁলোকৰ পদোন্নতি । যোৱা ইং -২৯/১/ ২০২৪ তাৰিখত কলেজ শিক্ষক সকলৰ এখন প্ৰায় ১৭০৫ জন শিক্ষকৰ পদোন্নতিৰ তালিকা প্ৰকাশ পাইছিল। আৰু চৰকাৰে এই শিক্ষক সকলৰ কাৰ্য্যকৰী দিন ধাৰ্য কৰিছিল ১/৪/২০২৪ তাৰিখ। কিন্তু কথা হ’ল একে তাৰিখতে সকলো শিক্ষকৰ পদোন্নতিৰ দিন ধাৰ্য্য কৰা হৈছিল। চাকৰিত ভৰ্তিৰ দিন অনুযায়ী যদি পদোন্নতি দিয়া নহয় তেন্তে জুনিয়ৰ চিনিয়ৰ বুলি একোৱে নাথাকিল। এতিয়া কথাটো হ’ল এজন শিক্ষকে যদি ২০১০ চনত চাকৰিত ভৰ্তি হৈছিল আৰু সেই একেখন কলেজত তেওঁৰেই ছাত্ৰ এজনে ২০২০ চনত চাকৰিত ভৰ্তি হৈছে , আৰু তেওঁলোকক একে সময়তে ২০২৪ চনত পদোন্নতি দিয়া হ’ল। আৰু এই নতিফিকেশ্বন মতে চীনিয়ৰ শিক্ষক সকল মানসিকভাৱে ভাগি যোৱাৰ উপৰিও অৰ্থনৈতিকভাৱে হাৰাশাস্তিৰ সন্মুখীন হ’ব। গতিকে চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ প্ৰতি তেওঁলোকৰ বিনম্ৰ অনুৰোধ যাতে চৰকাৰে এই সমস্যাবোৰ ডিউ ডেট চাই সকলো শিক্ষকৰ পদোন্নতিৰ ব্যৱস্থা কৰে। শিক্ষকৰ পদোন্নতিৰ সমস্যাৰ বিষয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা কথা আছিল যদিও বানপানীৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কেইদিন মান পিছত সাক্ষাতৰ আশ্বাস দিছে বুলি সংবাদমেলত প্ৰকাশ কৰে। লগতে তেওঁলোকে এইটোও উল্লেখ কৰে যে উক্ত সমস্যা সমূহৰ কোনো সু ব্যৱস্থা চৰকাৰে নকৰে তেন্তে ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱসৰ দিনা আন্দোলনৰ কাৰ্য্যসূচী হাতত ল’ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।আজিৰ সংবাদ
মেলত সভাপতি ড° জয়ন্ত বৰুৱা, উপ সভাপতি বিপুল চক্ৰৱৰ্তী, সম্পাদক পৰাগ জ্যোতি মহন্ত,বিত্ত সম্পাদক প্ৰাঞ্জল গগৈ, উপদেষ্টা হজৰত আলী, কাৰ্য্যকৰী সভাপতি ড° ববিতা দাস, মহিলা কোষৰ সম্পাদিকা বন্দিতা বৰবৰুৱাকে আদি কৰি কেবাজনো লোক উপস্থিত থাকে৷