অসম কবি সন্মিলনৰ অন্তৰ্গত  মাজুলী জিলা সমিতিৰ উদ্যোগত  “সম্ভাৱনাৰ শাওণত ৰুই দিওঁ কবিতাৰ শ‌ইছ” সম্পন্ন

অসম কবি সন্মিলনৰ অন্তৰ্গত  মাজুলী জিলা সমিতিৰ উদ্যোগত  “সম্ভাৱনাৰ শাওণত ৰুই দিওঁ কবিতাৰ শ‌ইছ” সম্পন্ন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  অসম কবি সন্মিলনৰ অন্তৰ্গত নৱগঠিত মাজুলী জিলা সমিতিৰ উদ্যোগত শাওনৰ‌ শেষ দিনটোত “সম্ভাৱনাৰ শাওণত ৰুই দিওঁ কবিতাৰ শ‌ইছʼʼ শীৰ্ষক এখনি ৱেবিনাৰ সভাৰ আয়োজন কৰে। অসম কবি সন্মিলনৰ মাজুলী জিলা সমিতিৰ সম্পাদক পাপু বৰা‌ আৰু যুটীয়া সম্পাদক শংকুসিদ্ধ নাথে কাৰিকৰী শিল্পকলাৰে আঁতধৰি পৰিচালনা কৰা দৃশ্য-শ্ৰাৱ্য-ভ্ৰাম্যভাষী কাব্যানুষ্ঠানৰ বিশেষ আঢ়ৈ ঘণ্টাৰ উক্ত অনুষ্ঠানৰ উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা অসম প্ৰকাশন পৰিষদৰ বিষয়ববীয়া দেৱজিৎ বৰাই। উদ্বোধক বৰাই কয় ঐক্যবদ্ধ প্ৰচেষ্টাইহে এটা জাতি সংঘৱদ্ধ তথা শক্তিমন্ত কৰি ৰাখিব পাৰে ৷ পৰিকল্পিত বিভাজনৰ অংকৰ বিপৰীতে সকলোৰে ঐকান্তিক সহযোগিতাতহে এটা জাতি জীৱন্ত হৈ থাকিব ৷ ভাষা-সাহিত্য উত্তৰণৰ বাবে আমি সকলো ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজন আহি পৰিছে ৷ সমিতিৰ মাজুলী জিলাৰ সভাপতি ৰমেশ চন্দ্ৰ শইকীয়াৰ সঞ্চালনাত মাজুলীৰ‌ নতুন খলিহামাৰিৰ পৰা নিয়ন্ত্ৰিত সভাখনত অসম কবি সন্মিলনৰ সভাপতি গীতা দত্তই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মাজুলী জিলা সমিতিৰ এই বিশেষ পদক্ষেপৰ শলাগ গ্ৰহণ কৰি কবি আৰু কবিতাৰ বিভিন্ন দিশত আলোকপাত কৰে। জিলা সম্পাদক কবি পাপু বৰা‌ই উদ্দেশ্য ব্যাখ্যা কৰা বৰ্ণিল সভাখনত অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক নীলকমল বৰাই বিশেষ আমন্ত্ৰিত অতিথি হিচাপে কবিতা পাঠ কৰাৰ লগতে সাংগঠনিক দিশত পৰামৰ্শ প্ৰদান কৰে। ৩২ শাওন ১৪৩১ ভাস্কৰাব্দ, (১৭ আগষ্ট ২০২৪) শনিবাৰে দিনৰ ১ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানত অসম কবি সন্মিলনৰ উপ-সভাপতি তথা অসম সাহিত্য সভাৰ লক্ষীমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বিপুল শৰ্মা বৰুৱা আৰু লক্ষীমপুৰ জিলাৰ অসম কবি সন্মিলনৰ জিলা সম্পাদক ডঃ তৰুণ চন্দ্ৰ বৰাই কাব্য আৰু আলোচনাৰ বহল পৰ্যালোচনা আগবঢ়ায়। অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক মৃণালী শইকীয়া, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য কন্দৰ্প কুমাৰ কলিতা, মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক কেশৱ কাকতি, ৰাৱনাপাৰ শাখা সাহিত্য সভাৰ সম্পাদক তিলক ৰাজখোৱাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কবিতা পাঠ কৰা সভাখনত শিল্পী ৰুণমণি শইকীয়াৰ গীত আৰু একুঁৰি কবিৰ কবিতা পাঠে অনন্য মাত্ৰা প্ৰদান কৰে। সাংবাদিকদ্বয় উৎপল কাকতি আৰু মহানন্দ হাজৰিকা, মাজুলী জিলা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি মনোজ্যোতি ৰেগন, উপ-সভাপতি মুনিন টায়ে, নয়নমণি বাৰিক, জোনালী নাথ প্ৰমুখ্যে ভালেসংখ্যক সাহিত্যপ্ৰেমীৰ  অংশগ্ৰহণত সফল সমাপ্তি ঘটা বেৱিনাৰ সভাখনৰ শেষত শলাগ জ্ঞাপন কৰে সম্পাদক পাপু বৰা‌ই । জাতীয় সংগীত পৰিৱেশনৰে সভাৰ পৰিসমাপ্তি ঘটে।