অসম-ঐতিহ্যৰ দীপশিখা – কুণ্ডিল হাজৰিকা

Pc- অসমীয়া ৱিকিপিডিয়া-Wikipedia

অসম-ঐতিহ্যৰ দীপশিখা

কুণ্ডিল হাজৰিকা
যোৰহাট, টিয়ক (ভগামুখ)

ব্ৰহ্মপুত্ৰৰ গৰিমাৰে গঢ়ি উঠা দেশ,
নীল আকাশৰ আঁচলেৰেৰে দ্যুতিময় বিশেষ।
সেউজীয়া বননী, শস্যৰে ভৰা ক্ষেত,
অম্লান সৌন্দর্যত জ্বলিছে পুণ্যভূমি পুত্ৰস্মৃত।

ঢোল-পেঁপাৰ তালেৰে বিহুৰ উল্লাস,
ঐতিহ্যৰ বাণী এনে অনন্ত সুবাস।
কপৌফুলৰ ৰঙত প্রেমৰ পৰশ,
অসমীয়া হৃদয়ত সপোনৰ আভাস।

সত্ৰ-নামঘৰত উজ্বল ধৰ্মৰ দীপ,
ভ্ৰাতৃত্বৰ বাণীৰে উদ্ভাসিত চিত্ত।
শংকৰ-মাধৱৰ ধৰ্ম-সংস্কৃতি,
শান্তিৰ প্ৰতীক, মিলনৰ গাঁথি।

অহোম, মিচিং, বড়ো , কাৰ্বি
সকলো জাতি-জনগোষ্ঠী একতাৰে ধৰি।
বিচিত্রতাৰ মাজত একতাৰ গান,
অসমৰ মাটিতেই গঢ়ে জীৱনৰ মান।

ওঁঠত নামৰ সুৰ, হিয়াত ভক্তি,
ঐতিহ্য-সংস্কৃতি আমাৰ শাশ্বত শক্তি।
অসম—তুমি মোৰ মৰমৰ ধন,
গৌৰৱৰ দীপশিখা, চিৰজীৱন।