অসম এথলেটিকছ এছ’চিয়েশ্যনৰ সভাপতিৰ পৰা পদত্যাগ কৰক জয়ন্তমল্ল বৰুৱাই

অসম এথলেটিকছ এছ’চিয়েশ্যনৰ সভাপতিৰ পৰা পদত্যাগ কৰক জয়ন্তমল্ল বৰুৱাই

ৰঙিলী বাৰ্ত্তাসেৱা- দৌৰবিদ অম্লান বৰগোহাঁই আৰু তেওঁৰ দলৰ প্ৰতি অসম এথলেটিকছ এছ’চিয়েশ্যন আৰু ৰাজ্য চৰকাৰে দেখুওৱা চৰম দায়িত্বহীনতাক অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তীব্ৰ গৰিহণা দিছে। এথলীট অম্লান বৰগোহাঁইয়ে শেহতীয়াকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰাৰ পিছত অসম এথলেটিকছ এছ’চিয়েশ্যনে দেখুওৱা নিৰ্লিপ্ত ভূমিকাৰ বাবে এক্স হেণ্ডেলযোগে সমালোচনা কৰিবলগীয়া হোৱাতো এক জাতীয় দুৰ্ভাগ্য বুলি উল্লেখ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই। এক বিবৃতিত বৰাই কয় যে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ অম্লান বৰগোহাঁইয়ে শেহতীয়াকৈ চণ্ডীগড়ত অনুষ্ঠিত ইণ্ডিয়ান অপেন ৰীলে প্ৰতিযোগিতাত ৩৮.৬৯ ছেকেণ্ড সময় লৈ ১৫ বছৰ পুৰণি ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছে। বৰগোহাঁইয়ে তেওঁৰ সতীৰ্থ গুৰবিন্দৰ সিং, অনিমেশ কুজুৰ আৰু মণিকান্ত হবিলধৰক লৈ পূৰ্বৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছিল যদিও অসম এথলেটিকছ এছ’চিয়েশ্যনে বিষয়টোত গুৰুত্ব প্ৰদান নকৰিলে। খেলুৱৈজনে অভিযোগ কৰামতে তেওঁলোকে আনকি খেলৰ পঞ্জীয়ন মাচুলো নিজে দিবলগীয়া হৈছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো কথাতে আঁচনি ঘোষণা কৰি থকাৰ পিছতো ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈসকলে এনেদৰে নিজৰ মাচুল নিজে ভৰিবলগীয়া হোৱাতো অত্যন্ত দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি বৰাই কয় যে অসম এথলেটিকছ এছ’চিয়েশ্যনৰ সভাপতি জয়ন্তমল্ল বৰুৱা আৰু সম্পাদক গীতাৰ্থ গোস্বামীক মুখ্যমন্ত্ৰীয়ে জবাবদিহি কৰিব লাগে। বহুবল্কী মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই অসম এথলেটিকছ এছ’চিয়েশ্যন পৰিচালনা কৰাত চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি অভিযোগ কৰি তেওঁৰ পদত্যাগ দাবী কৰে। অসমৰ ক্ৰীড়া প্ৰতিভাক এনেদৰে আলাই-আথানি কৰাতো চৰম দুৰ্ভাগ্যজনক বুলিও বৰাই বিবৃতিটোত উল্লেখ কৰে।