অসম এথলেটিকচ্ এছ’চিয়েশ্বনৰ বাৰ্ষিক সাধাৰণ সভা

pc The Sentinel Assam

অসম এথলেটিকচ্ এছ’চিয়েশ্বনৰ বাৰ্ষিক সাধাৰণ সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম এথলেটিকচ্ এছ’চিয়েশ্বনৰ বাৰ্ষিক সাধাৰণ সভা ৫ মে’ৰ দুপৰীয়া ২.৩০ বজাৰ পৰা গুৱাহাটীস্থিত হোটেল তাজ ভিভান্টাত অনুষ্ঠিত হ’ব ৷উক্ত সভাত বিগত বৰ্ষত সন্থাৰ বিভিন্ন কামকাজৰ খতিয়ান তথা হিচাপ পৰীক্ষা কৰাৰ লগতে অসমত এথলেটিকছ খেলক আন এক উচ্চ পৰ্যায়লৈ লৈ যোৱাৰ লগতে পৰৱৰ্তী বছৰত ক্ৰীড়াৰ উন্নয়নৰ বাবে ল’ব লগা পৰিকল্পনা আৰু আঁচনিৰ বিষয়ে আলোচনা কৰা হ’ব৷অসমৰ ৰাজ্যিক আৰু জিলা ক্ৰীড়া সন্থাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিবলগীয়া উক্ত সভাত অসম এথলেটিকচ্ এছ’চিয়েশ্বনৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সাধাৰণ সম্পাদক অশোক কুমাৰ ভৰালীয়ে এছ’চিয়েশ্বনৰ সকলো সদস্যকে উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে ৷