অসম এক গভীৰ আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰ বলি হৈছে

অসম এক গভীৰ আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰ বলি হৈছে

ৰঙিলী বাৰ্ত্তাসেৱা-বিগত বছৰত শেহতীয়াভাৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা একেলগে বহু সংখ্যক ইছলামিক সন্ত্রাসবাদী বা জেহাদী আটক হোৱা ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে হিন্দু সুৰক্ষা সেনা, অসমে। এক প্রেছ বিবৃতিৰ জৰিয়তে বিষয়টো সন্দৰ্ভত নিজৰ প্রতিক্রিয়া প্রকাশ কৰি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কাঞ্চন নাথে কয় যে অসম যে, ইছলামিক সম্প্ৰসাৰণবাদীহঁতৰ অন্যতম লক্ষ্য হৈ উঠিছে আৰু তাৰ বাবে যে জেহাদী অপশক্তিয়ে ৰাজ্যখনত বিস্তৃতভাৱে জাল পেলাইছে, এই সকীয়নি হিন্দু সুৰক্ষা সেনাই দীর্ঘদিন ধৰি দি আহিছে। কিন্তু এনে সকীয়নিৰ প্ৰতি চৰকাৰ প্রশাসনে কর্ণপাত নকৰাৰ পৰিণতিতে জেহাদীৰ বীজে আজি বিশাল বটবৃক্ষৰ ৰূপ লৈছে আৰু সমগ্ৰ অসমৰ নিৰাপত্তা বিঘ্নিত কৰাৰ উপৰি সমগ্র ভাৰতবৰ্ষৰেই অখণ্ডতা আৰু সাংস্কৃতিক চৰিত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। বিবৃতিটোত নাথে আৰু কয় যে অসমত জেহাদী অপশক্তিৰ উত্থানৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই হিন্দু সুৰক্ষা সেনা, অসমে বহুদিন আগৰেই পৰাই মছজিদ-মাদ্ৰাছাসমূহত নিয়মিত তালাচী চলোৱাৰ লগতে অসমৰ চৰ অঞ্চল আৰু অন্যান্য পূর্ববংগীয় মূলৰ মুছলমান অধ্যুষিত অঞ্চলসমূহত সেনা অভিযান চলোৱাৰ পোষকতা কৰি আহিছে। পিছে এই ক্ষেত্রত চৰকাৰ প্ৰশাসনৰ গা নলৰিল আৰু পৰিণতিত সমগ্ৰ অসম আজি বৃহত্তৰ ইছলামিস্তানৰ অংগ হোৱাৰ পথত আগবাঢ়িছে। বিগত বছৰত শেহতীয়াভাৱে ধৰা পৰা জেহাদীহঁত অসমত গঢ়ি উঠা বিশাল জেহাদী নেটৱৰ্কৰ এক ক্ষুদ্র অংশহে বুলি মন্তব্য কৰি সভাপতি নাথে আৰু কয় যে এতিয়া খোদ অসমৰ মুখ্যমন্ত্ৰীয়েই জেহাদীৰ বাংলাদেশ সংযোগৰ কথা স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। ইয়ে প্ৰমাণ কৰিছে যে বিপদ এতিয়া জোৰ পুৰি হাত পোৱা অৱস্থাত আহি ৰৈছেহি আৰু অসম এক গভীৰ আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰ বলি হৈছে। এনে ষড়যন্ত্ৰৰ পৰা অসম তথা ভাৰতক ৰক্ষা কৰিবলৈ হ’লে দিল্লী-দিছপুৰে অতি কঠোৰ ব্যৱস্থা ল’ব লাগিব বুলি উল্লেখ কৰে লগতে সেনাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আকাশ শইকীয়া আৰু সম্পাদক মিঠুন দাসে কয় যে ইছলামিক সন্ত্রাসবাদ বা জেহাদ নির্মূল কৰিবলৈ হ’লে প্রথমে ইছলামিক মৌলবাদ নির্মূল কৰিব লাগিব আৰু ইছলামিক মৌলবাদ নির্মূল কৰাৰ প্ৰাথমিক পদক্ষেপ হিচাপে ৰাজ্যজুৰি চৰকাৰে বোর্খা নিষিদ্ধ কৰা উচিত, যিহেতু বোখাই জোহাদীহঁতক কূটাঘাত চলাবলৈকো সুযোগ দিয়ে আক নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰো সৃষ্টি কৰে। তদুপৰি মাদ্ৰাছা শিক্ষা ব্যৱস্থা চৰকাৰী খণ্ডৰ নিচিনাকৈ ব্যক্তিগত খণ্ডতো বন্ধ কৰি দিব লাগে বুলি নেতাদ্বয়ে মন্তব্য কৰে। তেওঁলোকে লগতে কয় যে অসমৰ সকলো মছজিদ, মাদ্রাছা আৰু অন্যান্য ইছলামিক ধর্মীয় অনুষ্ঠান চৰকাৰৰ নিয়ন্ত্রণাধীন কৰিব লাগে আৰু এইবোৰৰ আয় চৰকাৰে নিজৰ হাতলৈ আনিব লাগে। বাংলাদেশ আদিৰ নিচিনা মৌলবাদী দেশৰ পৰা অসম বা ভাৰতলৈ মৌলানা আদিৰ আগমন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ ওপৰতো শইকীয়া আৰু দাসে গুৰুত্ব দিয়ে। তদুপৰি সেনাৰ নেতাদ্বয়ে কয় যে অসমৰ যিবোৰ অঞ্চলত পূর্ববংগীয় মূলৰ মুছলমান ৫০ শতাংশতকৈ বেছি, সেইবোৰ অঞ্চলৰ ধৰ্মীয় জনগাঁথনি তাৎক্ষণিতকভাৱে পৰিৱৰ্তন ব্যৱস্থা ল’ব লাগে আৰু তেনেবোৰ ঠাইত’ চৰকাৰে ব্যাপকভাৱে হিন্দু মানুহৰ বসতি স্থাপন কৰাব লাগে বুলি চৰকাৰৰ উচৰত দাবী জনোৱাৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত লগতে গুৱাহাটী মহানগৰীত জেহাদীৰ বিৰুদ্ধে তিব্ৰ অভিযান আৰাম্ভ কৰিবলৈ নেতাদ্বয়ে দাবী জনায়৷