অসম আৰক্ষীৰ ৫,৮১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- চলিত মাহতে পুনৰ ৫ হাজাৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিব ৰাজ্য চৰকাৰে। উল্লেখ্য যে স্বচ্ছ আৰু মেধাৰ ভিত্তিত নিযুক্তি প্রক্রিয়া চলাই যোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ইতিমধ্যে ১,৪১,১৯৪ গৰাকী যুৱক-যুৱতীক নিযুক্তি প্রদান কৰিছে। গৃহ বিভাগত ৫,৮১৮গৰাকী যুৱক-যুৱতীক নিযুক্তি প্রদানেৰে এই প্রক্রিয়া আগুৱাই নিয়া ৰাজ্য চৰকাৰে অহা ৮ ডিচেম্বৰত ৫ হাজাৰ নতুন কনিষ্টবলৰ নিযুক্তিৰ বিজ্ঞাপন প্রকাশ কৰিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। সৰুসজাইত নিযুক্তি-পত্ৰ বিতৰণ অনুষ্ঠানত এই ঘোষণা কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়- অহা ৮ ডিচেম্বৰত পুনৰ নিযুক্তিৰ বিজ্ঞাপন মুকলি হ’ব। গতিকে ভাগিনসকলে দৌৰি থকা কাম অব্যাহত ৰাখক। আজি নিযুক্তি লাভ কৰাসকলে তেওঁলোকৰ পৰিয়ালৰ আন সদস্যসকলক নতুন নিযুক্তিৰ বাবে সাজু হ’বলৈ উদ্দ্গনি জনাব লাগিব। গতিকে নতুনকৈ ৫ হাজাৰ পদৰ বিজ্ঞাপনৰ বাবে ভাগিনসকলে দৌৰি থাকক। নিযুক্তি চলিয়ে থাকিব। মুখ্যমন্ত্ৰীৰ ঘোষণা- ২০২৬ চনৰ বিধানসভা নির্বাচনত বিজেপি চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে এক লাখ নিযুক্তিৰ পৰিৱৰ্তে দুই লাখক দিয়া হ’ব নিযুক্তি। কিমান আগুৱাই যাব তাৰ চিন্তা কৰিব নালাগে। উল্লেখ্য যে ৰাজ্য চৰকাৰে ইতিমধ্যে চলিত ডিচেম্বৰ মাহৰ ভিতৰত ১,৪১,১৯৪ গৰাকী যুৱক-যুৱতীক নিযুক্তি প্রদান কৰিছে। চলিত বৰ্ষৰ জুন মাহত এডিআৰইৰ নিযুক্তিৰ জৰিয়তে ১,২০,৩৫৯ গৰাকীক নিযুক্তি প্ৰদানৰ পাছত পুনৰ ৪০০ গৰাকী প্রার্থীক স্বাস্থ্য বিভাগত নিযুক্তি দিয়া হয়। আনহাতে আজি অসম আৰক্ষী আৰু গৃহ বিভাগত নিযুক্তি দিয়া হয় ৫,৮১৮গৰাকী যুৱক-যুৱতীক। ইয়াৰ পূৰ্বে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ২৩,৯৫৬গৰাকী ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা হৈছিল। কনিষ্টবলৰ নিযুক্তি-পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্রী ড° শর্মাই ইয়াকো উল্লেখ কৰে যে যিসকলে এই নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ নহ’ল, তেওঁলোকে হতাশ হোৱাৰ প্ৰয়োজন নাই। চৰকাৰে পুনৰ ৫ হাজাৰ কনিষ্টবল পদৰ বিপৰীতে বিজ্ঞাপন প্রকাশ কৰিব। গতিকে অসমত নিযুক্তি চলিয়ে থাকিব। আজি নিযুক্তি পোৱাসকলে ঘৰলৈ গৈ নিজৰ ভাতৃক ক’ব- আজিৰ পৰা তই দৌৰিবলৈ আৰম্ভ কৰ। কাৰণ বিজ্ঞাপন প্রকাশ পাবই। যিসকলে চাকৰি নোপোৱা বুলি দুখ কৰি আছে, তেওঁলোকক ক’ম- চিন্তা কৰিব নালাগে, পুনৰ নতুন পদৰ বিজ্ঞাপন প্রকাশ পাব। গতিকে চেষ্টা কৰিব লাগে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপৰি মন্ত্ৰী ৰূপেশ গোৱালা, বিধায়ক অতুল বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, মুখ্য সচিব ডঃ ৰবি কোটা, আৰক্ষী সঞ্চালকপ্ৰধান হৰমিৎ সিঙকে ধৰি কেইবাগৰাকীও বিষয়া উপস্থিত থাকে ।
