অসম আৰক্ষীৰ  ১৭১৫ কনিষ্টবল পদৰ বাবে বিজ্ঞাপন প্ৰকাশ

অসম আৰক্ষীৰ  ১৭১৫ কনিষ্টবল পদৰ বাবে বিজ্ঞাপন প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ সুখবৰ। প্রকাশ পালে অসম আৰক্ষীত খালী পদৰ বিজ্ঞাপন। প্রকাশ হোৱা বিজ্ঞাপন অনুসৰি ১,৭১৫টা কনিষ্টবল পদৰ বাবে যুৱক-যুৱতীসকলে আবেদন কৰিব পাৰিব। এই বিজ্ঞাপনত সশস্ত্র শাখা (এবি) আৰু নিৰস্তু শাখা (ইউবি) দুয়োটাকে সামৰি লোৱা হৈছে। উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্য চৰকাৰে ৫,৮১৮ গৰাকী প্রার্থীক অসম আৰু গৃহ বিভাগত নিযুক্তি দিছে। এই নিযুক্তি-পত্ৰ বিতৰণৰ দিনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছিল যে অতি সোনকালে অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে বিজ্ঞাপন দিয়া হ’ব। সেই ঘোষণা অনুসৰিয়েই ১,৭১৫টা কনিষ্টবল পদৰ বাবে বিজ্ঞাপন প্রকাশ পালে। স্বাভাৱিকতে ৫,৮১৮ পদৰ নিযুক্তিৰ পৰা বঞ্চিত হোৱাসকলে এইবাৰ কনিষ্টবল পদত পুনৰ আবেদনৰ সুযোগ লাভ কৰিব।