অসম আৰক্ষীৰ ১১গৰাকী আৰক্ষী অধীক্ষকক বদলি

অসম আৰক্ষীৰ ১১গৰাকী আৰক্ষী অধীক্ষকক বদলি

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ গৃহ বিভাগত ব্যাপক সাল-সলনি ।অসম আৰক্ষীৰ ১১গৰাকী আৰক্ষী অধীক্ষকক বদলি কৰা হয়। হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ক বদলি কৰি আৰক্ষী অধীক্ষক (আৰ এণ্ড এ চি) ৰ দায়িত্ব অৰ্পণ কৰা হয় ।কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক থুবে প্ৰতীক বিজয় কুমাৰক বদলি কৰি কমাণ্ডো বেটেলিয়নলৈ,মাণ্ডকাটা, উত্তৰ গুৱাহাটীৰ কমাণ্ডেণ্ট হিচাপে নিযুক্তি দিয়া হৈছে ।মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনক বদলি কৰি ধুবুৰীৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে । কাৰ্বি-আংলংৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙক বদলি কৰি কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে । ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিৎ দিলীপক বদলি কৰি তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হয় । তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীক বদলি কৰি কমাণ্ডেণ্ট, ১নং এ এ এফ পি এফ বি এন, বশিষ্ঠ, গুৱাহাটীত নিযুক্তি দিয়া হৈছে । গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত হেমন্ত কুমাৰ দাসক ক বদলি কৰি মৰিগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।পশ্চিম গুৱাহাটীৰ উপ আৰক্ষী আয়ুক্ত নৱনীত মহন্তক বদলি কৰি হাইলাকান্দিৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হয় ।এছ বি,আৰ এণ্ড এ চিৰ আৰক্ষী অধীক্ষক শুভাসিশ বৰুৱাক বদলি কৰি গুৱাহাটীৰ উপ আৰক্ষী আয়ুক্ত (প্ৰশাসন) হিচাপে নিযুক্তি দিয়া হয় । ১ নং এ এফ পি এফ বি এনৰ কমাণ্ডেণ্ট দেৱাশিস বৰাক বদলি কৰি উপ আৰক্ষী আয়ুক্ত,পশ্চিম গুৱাহাটীৰ কাৰ্যভাৰ প্ৰদান কৰা হয়। কামাণ্ডো বেটেলিয়নৰ অধিনায়ক সঞ্জীৱ কুমাৰ শইকীয়াক বদলি কৰি কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।