অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিলে হৰমীত সিঙে
ৰঙিলী বাৰ্ত্তাসেৱা- অসম আৰক্ষীৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিলে হৰমীত সিঙে। বুধবাৰে সিঙক এই দায়িত্ব প্ৰদান কৰে আই পি এছ বিষয়া তথা অসম আৰক্ষীৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। সপৰিয়ালে উলুবাৰীৰ অসম আৰক্ষী হেড কোৱাৰ্টাৰত উপস্থিত হৈ ৰাজ্যৰ DGP ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙে।১৯৯২ চনৰ অসম- মেঘালয় কেডাৰৰ আই পি এছ বিষয়া হৰমীত সিং।
উল্লেখ্য যে, সুদীৰ্ঘ ৩৪ বছৰ অসম আৰক্ষীত সেৱা আগবঢ়াই অসম ত্যাগ কৰিলে জি পি সিঙে। বুধবাৰৰ দিনটো জি পি সিঙৰ বাবে অসম আৰক্ষীত আছিল শেষৰটো দিন। বুধবাৰে সদ্যপ্ৰাক্তন ডিজিপিগৰাকীক অসম আৰক্ষীয়ে পেৰেডেৰে বিদায় সম্ভাষণ জনায়। অসম আৰক্ষীৰ ৮টাকৈ প্লাটুনে জি পি সিঙক এই সন্মান জ্ঞাপন কৰে।
উল্লেখ্য যে কেন্দ্রীয় গৃহ মন্ত্রালয়ে শেহতীয়াকৈ জি পি সিঙক চিআৰপিএফৰ সঞ্চালক ৰূপে নিযুক্তি দিছে। এই নিযুক্তি লাভৰ পাছতে ৰাজ্যৰ ডিজিপি পদৰ পৰা অব্যাহতি লোৱা জি পি সিঙৰ স্থানত স্থলাভিষিক্ত কৰা হৈছে শীৰ্ষ আৰক্ষী বিষয়া হৰমিট সিঙক।
মন কৰিবলগীয়া যে বিগত দুটা বছৰত ডিজিপিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত জি পি সিঙৰ নেতৃত্বত অসম আৰক্ষীত দেখা গৈছিল আমূল পৰিৱৰ্তন। কাহিলিপাৰাস্থিত চতুৰ্থ আৰক্ষী বেটেলিয়নৰ ছাউনীত শীর্ষ বিষয়াগৰাকীক জনোৱা এই বিদায় অনুষ্ঠানত পত্নী আৰু দুই কন্যাৰ সৈতে অংশ লৈ কিছু আৱেগিক হৈ পৰে জি পি সিং। বিদায়ী ভাষণত সদ্যপ্রাক্তন ডিজিপিগৰাকীয়ে কয়- মই যোৱাৰ পিছত যদি অসমৰ ৰাইজে মোক অসমৰ তোলনীয়া সন্তান হিচাপে ভাবে, মই বহু আনন্দিত হ’ম। তেওঁ কয়- অসম আৰক্ষী, অসমৰ ৰাইজ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোক এই সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে। অসম আৰক্ষী সদায়ে মোৰ লগত আছিল আগবাঢ়ি যোৱাত। নতুন দায়িত্ব লাভ কৰিছোঁ, দেশৰ বাবে কি কৰিব পাৰোঁ সেই মনোভাবেৰে কাম কৰি যাম। মোৰ উন্নতিত মা কামাখ্যাৰ আশীর্বাদ আছে আৰু এই আশীর্বাদ লৈয়ে নতুন দায়িত্বলৈ যাব ওলাইছোঁ। যোৱা ৩৪ বছৰে অসমবাসী ৰাইজে মোক যি সহযোগ আৰু সহায়-আশীর্বাদ দিলে, তাৰ বাবে ৰাইজক ছেল্যুট জনাইছোঁ। জি পি সিঙৰ এই বিদায়ী পেৰেড অনুষ্ঠানত ৰাজ্যৰ গৃহ বিভাগৰ লগতে অসম আৰক্ষীৰ বহু শীর্ষ বিষয়া উপস্থিত থাকে। জি পি সিঙৰ অন্তিম দিনটোত তেওঁক বিদায় জনাবলৈ উপস্থিত হয় প্রতিখন জিলাৰ আৰক্ষী অধীক্ষক। সতীৰ্থ আৰক্ষী বিষয়াসকলক উদ্দেশ্যি জি পি সিঙে কয়- মোৰ কৰ্মভূমি অসম-অসমবাসীক সদায় মনত ৰাখিম। সন্ত্রাসজৰ্জৰ অসম আৰু বৰ্তমানৰ ক্ষণৰ স্মৃতি, অসম আৰক্ষীৰ কৰ্মক লৈ বহু অভিজ্ঞতা ভাষণ প্রসংগত দাঙি ধৰে জি পি সিঙে।
ইয়াৰ পূৰ্বে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পুৱাৰ ভাগতে জি পি সিঙৰ চৰকাৰী বাসগৃহত উপস্থিত হৈ বিদায় জনোৱাৰ লগতে আগন্তুক যাত্ৰাৰ বাবে জি পি সিঙক শুভকামান জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° শর্মাই জি পি সিঙক বিদায় জনাই লিখিছে- বিগত চাৰিটা বছৰত অসমত অভূতপূর্ব শান্তিৰ বাতাৱৰণ সৃষ্টি হৈছে। অপৰাধৰ হাৰ সৰ্বকালৰ নিম্নগামী স্তৰত উপনীত হোৱাৰ লগতে দোষী সাব্যস্ত হোৱাৰ হাৰো ক্ৰমাগতভারে উন্নতি হৈছে। অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জ্ঞানেন্দ্র প্রতাপ সিঙে অসমত এনে এক মাইলৰ খুঁটি স্থাপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ‘কা’ আন্দোলনৰ প্ৰত্যাহ্বানমূলক তথা অন্যান্য জটিল পৰিস্থিতিৰ সময়ত তেওঁৰ নেতৃত্বত অসমৰ সমাজ ব্যৱস্থাত এক গভীৰ প্ৰভাৱ পেলাইছিল। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান হিচাপে নতুন দায়িত্ব গ্ৰহণ কৰিবলৈ লোৱাৰ মুহূৰ্তত তেওঁৰ বাসগৃহত উপস্থিত হৈ ভৱিষ্যতৰ কৰ্মময় জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
জি পি সিঙক অগপ সভাপতি তথা মন্ত্রী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি তথা মন্ত্রী কেশৱ মহন্তয়ো তেওঁৰ বাসগৃহত উপস্থিত হৈ বিদায় সম্ভাষণ জনায়।