অসম আৰক্ষীৰ বিশেষ অফাৰ 

অসম আৰক্ষীৰ বিশেষ অফাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  অপৰাধীৰ খবৰ দি অসম আৰক্ষীৰ পৰা লাভ কৰক ২ লাখ টকাৰ পুৰস্কাৰ।এই অফাৰ আগঢ়াইছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে।দুটা দুধৰ্ষ গঁড় চিকাৰীৰ যিয়ে সন্ধান দিবলৈ সক্ষম হ’ব তেওঁলোকক ২ লাখকৈ টকা পুৰস্কাৰ দিব আৰক্ষীয়ে।অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে টুইটাৰত উল্লেখ কৰা অনুসৰি এই গঁড় চিকাৰী দুটাৰ নাম আব্দুল মাটিন ওৰফে কালা আৰু আতাউৰ ৰহমান।ইয়াৰে আব্দুল মাটিনৰ বয়স ৩৬ বছৰ।আনহাতে আতাউৰ ৰহমানৰ বয়স ৩৫।বিশ্বনাথ জিলাৰ চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত ১ নং আদাভেঁটি গাঁৱৰ ইছমাইল আলীৰ পুত্ৰ আব্দুল মাটিন আৰু মহম্মদ ইফাৰ আলীৰ পুত্ৰ আতাউৰ ৰহমান।