অসম আৰক্ষীৰ ‘অপাৰেচন ঘোষ্ট ছীম’ৰ জালত পৰিল ৭ চাইবাৰ জেহাদী

অসম আৰক্ষীৰ ‘অপাৰেচন ঘোষ্ট ছীম’ৰ জালত পৰিল ৭ চাইবাৰ জেহাদী

ৰঙিলী বাৰ্ত্তাসেৱা-  ভুৱা ছীমকাৰ্ডেৰে চাইবাৰ ক্ৰাইম আৰু দেশবিৰোধী কাৰ্যকলাপত জড়িত এটা বৃহৎ চক্ৰ উৎখাত অসম আৰক্ষীৰ ।শেহতীয়াকৈ ভাৰতীয় সেনাৰ গজৰাজ কৰ্প’ছৰ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অসম আৰক্ষীৰ এছটিএফে অভিযান চলাই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ৭টা চাইবাৰ জেহাদীক গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীৰ উলুবাৰীৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত আৰক্ষী সঞ্চালকপ্ৰধান হৰমিট সিঙে জানিবলৈ দিয়া মতে, ভাৰতীয় সেনাৰ পৰা পোৱা তথ্যৰ ভিত্তিত অভিযানটোক ‘অপাৰেচন ঘোষ্ট ছীম’ শীর্ষক নাম দি এছটিএফৰ কেইবাটাও দলে ৰাজস্থান, তেলেংগানা, ধুবুৰী আৰু মৰিগাঁও জিলাৰ লগতে দিল্লী আৰু গুৱাহাটী বিমানবন্দৰত চলোৱা অভিযানৰ অন্তত ধৃত ৭ চাইবাৰ জেহাদীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ধৃত জেহাদীকেইটা হৈছে ক্ৰমে ৰাজস্থানৰ ছাদ্দিক, আৰিফ খান, ছাজিদ, আকিক, আৰছাদ খান, ধুবুৰী জিলাৰ মফিজুল ইছলাম আৰু জাকাৰীয়া আহমেদ। উদ্বেগজনক বিষয়টো হৈছে যে অসমৰ পৰা কঢ়িয়াই নিয়া ছীম কার্ডেৰে জেহাদীৰ দলটোৱে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত চাইবাৰ আক্ৰমণৰ প্ৰস্তুতি চলাইছিল। উল্লেখ্য যে অসম আৰক্ষীয়ে বিগত কিছুদিন পূর্বে গজৰাজ কৰ্প’ছৰ পৰা ভুৱা ছীম কার্ড সন্দর্ভত এক তথ্য লাভ কৰিছিল। উক্ত তথ্যৰ আধাৰতে বিশেষ শাখাই বিষয়টো অধ্যয়ন কৰি এছটিএফক অৱগত কৰে। তাৰ পাছতে এছটিএফে যোৱা ১৬ মে’ত ‘অপাৰেচন ঘোষ্ট ছীম’ আৰম্ভ কৰে। আৰক্ষী সঞ্চালকপ্ৰধান হৰমিট সিঙে কয় যে এছটিএফৰ কেইবাটাও দলে পৃথকে পৃথকে যোৱা ১৬ মে’ৰ পৰা ৰাজস্থান, তেলেংগানা আৰু অসমত অভিযান আৰম্ভ কৰে। ধৃত ৭ জেহাদীৰ ভিতৰত ৰাজস্থানৰ ভৰতপুৰ জিলাৰ আকিক আৰু আৰছাদ খানক ক্ৰমে গুৱাহাটী বিমানবন্দৰ আৰু নতুন দিল্লীৰ বিমানবন্দৰৰ পৰা এছটিএফে গ্ৰেপ্তাৰ কৰিছে।  ধৃত চাইবাৰ জেহাদীৰ পৰা এছটিএফে ৯৪৮খন ছীম কার্ড জব্দ কৰিছে। আৰক্ষী সঞ্চালকপ্রধান হৰমিট সিঙে সদৰী কৰা মতে, উক্ত ছীম কাৰ্ডকেইখনৰ পৰা আহৰণ কৰা তথ্যসমূহ চাইবাৰ জেহাদীৰ দলটোৱে পাকিস্তানৰ সন্ত্রাসবাদীলৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলাইছিল। তেওঁ লগতে কয় যে সাধাৰণতে যিকোনো এটা ম’বাইলত হোৱাটছএপ ইনষ্টল কৰাৰ সময়ত মেটাৰ তৰফৰ পৰা এটা পঞ্জীকৃত ম’বাইল নম্বৰৰ সবিশেষ সোধা হয়। তেতিয়া ব্যৱহাৰকাৰী লোকজনে মেটাক দিয়া ম’বাইল নম্বৰটো কোম্পানীৰ তৰফৰ পৰা হোৱাটছএপ নির্দিষ্ট ম’বাইলটোত ইনষ্টল কৰিবলৈ এটা অ’টিপি প্ৰেৰণ কৰা হয়। এইখিনিতেই চাইবাৰ জেহাদী চক্ৰটোৰ মূল কাম আৰম্ভ হয়। তেওঁলোকে কোম্পানীটোৰ সকলো প্ৰক্ৰিয়া অনুসৰণ কৰি হোৱাটছএপৰ অ’টিপি লাভ কৰাৰ পাছতে সেইটো লগে লগে পাকিস্তানত থকা সন্ত্রাসবাদীলৈ প্ৰেৰণ কৰে। তাৰ পিছতে পাকিস্তানত সন্ত্রাসবাদীয়ে আন ম’বাইলত উক্ত অ’টিপিটো ব্যৱহাৰ কৰি নিৰ্দিষ্ট ভাৰতীয় ম’বাইল নম্বৰটোৰ আধাৰত হোৱাটছএপৰ একাউন্ট খুলি লয়। এনেধৰণৰ হোৱাটছএপ একাউণ্টক চাইবাৰ অপৰাধৰ ভাষাত মিউল একাউন্ট নামেৰে জনা যায়। অর্থাৎ উক্ত একাউন্টটোত দেখুৱাই থকা নম্বৰটো ভাৰতীয় টেলিকম কোম্পানীৰ নম্বৰ যদিও হোৱাটছএপটো মূলতঃ পাকিস্তানৰ পৰাই নিয়ন্ত্রণ হৈ থাকে। যাৰ বাবে বহু সময়ত ভাৰতীয় নিৰাপত্তা সংস্থাসমূহৰ বাবেও এনেধৰণৰ মিউল একাউণ্টৰ পৰা যদি কিবা চাইবাৰ অপৰাধ সংঘটিও হয়, তেন্তে মূল অপৰাধীজনৰ প্ৰকৃত অৱস্থিতি বিচাৰি উলিওৱাটো যথেষ্ট জটিল হৈ পৰে। শেহতীয়াকৈ গুৱাহাটী মহানগৰীত এনেধৰণৰ হোৱাটছএপৰ মিউল একাউণ্টৰ পৰা অহা বহু ফোনকল ৰিচিভ কৰি বহুসংখ্যক নাগৰিকে নিজৰ জমা ধন হেৰুওৱাৰ লগতে নানা সমস্যাৰ সম্মুখীন হ’বলগীয়া হৈছে। কিছুদিন পূর্বে চাইবাৰ আৰক্ষী থানায়ো এনেধৰণৰ ভুৱা হোৱাটছএপ কলৰ জৰিয়তে নাগৰিকৰ মূল হোৱাটছএপ একাউন্ট বন্ধ হৈ পৰাৰ কেইবাটাও অভিযোগ লাভ কৰিছিল। আশ্চর্যজনক কথাটো হ’ল যে কেন্দ্রীয় নিৰাপত্তা সংস্থাই কিছুদিন পূর্বে অপাৰেচন সিন্দুৰৰ সময়ত কেইবাটাও এনেধৰণৰ হোৱাটছএপ কলৰ তথ্য লাভ কৰিছিল, য’ত ভাৰতীয় সেনাৰ গতি-বিধিৰ তথ্য সন্দর্ভতো আলাপ-আলোচনা হৈছিল। আনহাতে এছটিএফে গ্ৰেপ্তাৰ কৰা ৭ চাইবাৰ জেহাদীৰ ভিতৰত ৫জনেই ৰাজস্থানৰ ভৰতপুৰ আৰু আলৱাৰ জিলাৰ বাসিন্দা। ভাৰতৰ চাইবাৰ অপৰাধৰ অন্যতম অভিকেন্দ্ৰ হৈছে ৰাজস্থানৰ ভৰতপুৰ জিলা। তাৰ পৰাই দেশজুৰি সংঘটিত হোৱা বহু চাইবাৰ অপৰাধৰ তথ্য কেন্দ্ৰীয় সংস্থাসমূহে বহুবাৰ লাভ কৰাৰ লগতে পাকিস্তানৰ সৈতে তথ্য আদান-প্রদানৰো খবৰ লাভ কৰিছিল। এক অর্থত ধৃত জেহাদীকেইটা পঢ়া-শুনাৰ দিশৰ পৰা চোকা নহ’লেও চাইবাৰ অপৰাধৰ ক্ষেত্ৰত যথেষ্ট পৰিপক্ক আছিল বুলি আৰক্ষী সঞ্চালকপ্ৰধান হৰমিট সিঙে মন্তব্য কৰে। জেহাদীকেইটাৰ পৰা জব্দ কৰা ছীম কাৰ্ডকেইখন ভাৰতৰ বিভিন্ন প্ৰান্তত থকা এজেন্টক যোগান ধৰি পৰৱৰ্তী সময়ত পাকিস্তানত বহি থকা মূল সন্ত্রাসবাদীক সহায় কৰাটোৱে ধৃত জেহাদীকেইটাৰ অন্যতম উদ্দেশ্য আছিল। এছটিএফে অভিযান অব্যাহত ৰখাৰ লগতে ধুবুৰী জিলাৰ আন ১৪জন লোককো এই সন্দর্ভত আটক কৰি তদন্ত অব্যাহত ৰাখিছে। ইয়াৰ বাহিৰেও সমান্তৰালভাৱে ৰাজস্থান আৰু তেলেংগানাতো চাইবাৰ জেহাদীৰ সন্ধানত অভিযান স্থানীয় আৰক্ষীৰ জৰিয়তে চলাই আছে এছটিএফে। ধুবুৰী জিলাত আটক কৰা ১৪জন লোকক বর্তমানলৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই যদিও মাৰাথন জেৰা অব্যাহত ৰাখিছে এছটিএফে। এই সন্দর্ভত এছটিএফে ভাৰতীয় ন্যায় সংহিতাৰ ৬১ (২)/১৪৭/১৪৮/৬২নং ধাৰাৰ লগতে ইউএ (পি) আইনৰ ১৮নং ধাৰা আৰু তথ্য-প্রযুক্তি আইনৰ ৬৬নং ধাৰাৰ অধীনত ২/২০২৫ নম্বৰত এটা গোচৰ ৰুজু কৰি সমগ্র ঘটনাটো তদন্ত কৰি আছে। এই সংবাদ মেলত এছটিএফৰ মুৰব্বী তথা গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ড° পাৰ্থসাৰথি মহন্তও উপস্থিত আছিল।