অসম আমাৰ স্বাভিমান – ছেলিমা বেগম 

 ” অসম আমাৰ স্বাভিমান”
ছেলিমা বেগম 
জিলা নগাঁও।
অসম আমাৰ স্বাভিমান,
 গামোচা এখন আমাৰ গৌৰৱ ।
অসম আমাৰ গৌৰৱৰ মাটি ,
অসমীয়া ভাষাৰ উজ্জ্বল শিখা
এশ শতাংশ খাঁটি।
অসমী আই মুখৰ ভাষা
অতি মনোৰম ,
সেই বাবেই কৈছোঁ অসমীয়া ভাষা
অতি মৰমৰ।
সহস্ৰ শ্বহীদৰ তেজৰ বিনিময়ত
আমি পাইছোঁ অসমীয়া ভাষা
সুখ শান্তিতে থাকিব পাৰি,
হিন্দু, মুছলিম ভাই ভাই
থাকিম আমি কাজিয়া এৰি।
অসমৰ অসমীয়া আমি স্থায়ী বাসিন্দা
বিদেশী ভাষাৰ স্থান নাই ,
এনাজৰীৰে বান্ধি মিলি জুলি থাকিম
বিদেশী সোমাব নাপায়।
ভোটাৰৰ তালিকাত থাকিব
নিজৰ নিজৰ নাম ,
পঞ্জীয়ন কৰিব লাগিব স্বদেশী বুলি
বিদেশী মানুহৰ কি কাম ।
চিৰ চেনেহী মোৰ ভাষা জননী জয় আই অসম,
অসম আমাৰ ৰূপহী
সোণৰ অসম সোণ হৈ জিলিকি থাকক
সুৰক্ষিত থাকক প্ৰহৰী।