অসম আন্দোলনৰ নেতা মুকুল দাসৰ মৃত্যু

অসম আন্দোলনৰ নেতা মুকুল দাসৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম আন্দোলনৰ নিৰ্যাতিত তথা অবিভক্ত কামৰূপ জিলা ছাত্র সন্থাৰ প্ৰাক্তন ছাত্ৰ নেতা, অগপ দলৰ জ্যেষ্ঠ নেতা , বৰপেটা পৌৰসভাৰ প্ৰাক্তন পৌৰপতি, সমাজ কৰ্মী মুকুল দাস আৰু নাই। বুধবাৰে সন্ধিয়া ৮ঃ৩০ বজাত মুকুল দাসৰ পৰলোকপ্ৰাপ্তি ঘটে।তেওঁ কেইবাদিন ধৰি গুৱাহাটীস্থিত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৫ বছৰ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু মন্ত্ৰী প্ৰয়াত ভৃগু কুমাৰ ফুকনৰ সৈতে একেলগে অসম আন্দোলনৰ নেতৃত্ব দিছিল মুকুল দাসে। লগতে দৈনিক অসম কাকতৰ বৰ্তমানৰ সম্পাদক ড⁰ হিতেশ ডেকা অবিভক্ত কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি হৈ থাকোঁতে সাধাৰণ সম্পাদকৰ গুৰু দায়িত্ব পালন কৰিছিল মুকুল দাসে।আনহাতে অতুল বৰা, কেশৱ মহন্তই সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত মুকুল দাসে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ত আঞ্চলিকতাবাদত বিশ্বাসী মুকুল দাসে অসম গণ পৰিষদত যোগদান কৰি বৰপেটা পৌৰসভাৰ পৌৰপতি হিচাপে নিৰ্বাচিত হৈছিল।উল্লেখযোগ্য যে, অসম আন্দোলনৰ সময়ত সেইসময়ৰ শাসক পক্ষই মুকুল দাসক কেইবাবাৰো পুলিচৰ হতুৱাই নিৰ্মম অত্যাচাৰ কৰাৰ ফলত তেওঁৰ এখন ভৰি চিৰদিনৰ বাবে অকামিলা হৈ পৰিছিল।আছুৰ পৰা অব্যাহতি লোৱাৰ পিছত মুকুল দাসে অগপত যোগ দি বৰপেটা পৌৰসভাৰ পৌৰপতিৰ দায়িত্ব বহন কৰিছিল ৷ অগপৰ জ্যেষ্ঠ নেতা মুকুল দাসৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোকপ্ৰকাশ কৰিছে ৷