অসমৰ ৰাজনীতিৰ ‘ভীষ্ম পিতামহ’ কবীন্দ্ৰ পুৰকায়স্থৰ মহাপ্ৰয়াণ – কাজি শ্বাহাদত ইছলাম 

Pc The Hindu

অসমৰ ৰাজনীতিৰ ‘ভীষ্ম পিতামহ’ কবীন্দ্ৰ পুৰকায়স্থৰ মহাপ্ৰয়াণ

কাজি শ্বাহাদত ইছলাম 
সোনাইঘুলী, গুৱাহাটী 

“সন্ধিয়াৰ বেলিটি গোটেই দিনটোৰ কাৰ্যসূচী সামৰি ঘৰমূৱা হ’ল। লাহে লাহে এন্ধাৰে আকাশৰ নীলাখিনি গিলি পেলালে আৰু এক গধুৰ মৌনতাই শিলচৰ চহৰৰ বুকু চুই গ’ল। কিন্তু এই এন্ধাৰ কেৱল এক স্বাভাৱিক দিনৰ সমাপ্তি নাছিল, এই এন্ধাৰ আছিল অসমৰ ৰাজনীতিৰ আকাশৰ এটা উজ্জ্বল নক্ষত্ৰৰ চিৰকাললৈ অস্ত যোৱাৰ এক কৰুণ সংকেত। ঘড়ীৰ কাঁটাই যেতিয়া বিয়লি ৫:০৬ বজাৰ জাননী দিলে, ঠিক সেই মুহূর্ততে হাজাৰ হাজাৰ গুণমুগ্ধক কন্দুৱাই বৰাকৰ মাটিৰ পুত্ৰ, আধুনিক বিজেপিৰ অন্যতম খনিকৰ কবীন্দ্ৰ পুৰকায়স্থই ইহলীলা সম্বৰণ কৰি মহানিদ্ৰাত বিলীন হ’ল।”

হয়, অসমৰ ৰাজনীতিৰ এগৰাকী বটবৃক্ষ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা কবীন্দ্র পুৰকায়স্থই ২০২৬ চনৰ ৭ জানুৱাৰী  ৯৪ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত পৃথিৱীৰ মায়া এৰি কেতিয়াও উভতি নহাৰ বাটেৰে গুচি যোৱা বিষয়টো অসমৰ জনসাধাৰণৰ বৰ অসহনীয়। তেওঁৰ বিয়োগে কেৱল বৰাক উপত্যকাতে নহয়, সমগ্ৰ অসমৰ ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত এক বৃহৎ ক্ষতি সাধন হ’ল। যি ক্ষতি বিকল্প ব্যৱহাৰৰ জৰিয়তে পূৰ কৰা সম্ভৱ নহয়।

১৯৩৭ চনত বৰ্তমানৰ বাংলাদেশৰ ছিলেট (Sylhet) জিলাত কবীন্দ্র পুৰকায়স্থৰ জন্ম হৈছিল। দেশ বিভাজনৰ সেই কঁপনি তোলা সময়ৰ পাছত নিয়তিৰ চাপত পৰি তেওঁলোকৰ পৰিয়ালটো শিলচৰলৈ গুচি আহে। শিলচৰৰ মাটি, মানুহ আৰু তেওঁলোকৰ সৈতে কৰা সামাজিক সহাৱস্থানতেই তেওঁৰ জীৱনৰ চহকী ইতিহাস গঢ় লৈ উঠিছিল। এগৰাকী শিক্ষক হিচাপে জীৱন আৰম্ভ কৰা পুৰকায়স্থই অতি সাধাৰণ জীৱন-যাপনৰ মাজেৰেই জনসাধাৰণৰ হৃদয় জয় কৰিবলৈ শিকিছিল।

ৰাজনীতিত সক্ৰিয় হোৱাৰ পূৰ্বে তেওঁ এজন নিষ্ঠাবান শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁৰ গভীৰ অধ্যয়নশীলতা আৰু শৈক্ষিক দৃষ্টিভংগীয়েই তেওঁক এজন দূৰদৰ্শী নেতা হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল। তেওঁ কেইবাখনো গ্ৰন্থ ৰচনা কৰি সাহিত্য আৰু বিচাৰধাৰাৰ জগততো নিজৰ স্বাক্ষৰ এৰি থৈ গৈছে।

অসমত ভাৰতীয় জনতা পাৰ্টিৰ ভেটি স্থাপন কৰা যি কেইগৰাকীমান পুৰোধা ব্যক্তি আছিল, তাৰ ভিতৰত কবীন্দ্র পুৰকায়স্থ অন্যতম। বিশেষকৈ বৰাক উপত্যকাত দলীয় আদৰ্শক তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদান আছিল অতুলনীয়। সেয়েহে তেওঁক বহুতে দলৰ ‘ভীষ্ম পিতামহ’ বুলিও আখ্যা দিছিল।

তেওঁৰ ৰাজনৈতিক সফলতা আছিল বিপৰীত পক্ষৰ বাবে ঈৰ্ষণীয়।তেওঁ শিলচৰ লোকসভা সমষ্টিৰ পৰা ১৯৯৮ আৰু ২০০৯ চনত দুবাৰকৈ সাংসদ নিৰ্বাচিত হৈছিল।

১৯৯৮ চনত অটল বিহাৰী বাজপেয়ীৰ চৰকাৰত তেওঁ কেন্দ্ৰীয় যোগাযোগ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সেই সময়ত তেওঁ যোগাযোগ ব্যৱস্থাৰ উন্নতিকৰণৰ বাবে কেইবাটাও উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছিল।

কবীন্দ্র পুৰকায়স্থ আছিল এজন অত্যন্ত অমায়িক আৰু সৰল ব্যক্তি। তেওঁ কেৱল এজন ৰাজনীতিবিদেই নাছিল, বৰঞ্চ তেওঁ আছিল বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত মিলাপ্ৰীতি আৰু সমন্বয়ৰ এগৰাকী সবল পৃষ্ঠপোষক। তেওঁৰ স্পষ্টবাদিতা আৰু আপোচহীন চৰিত্ৰই তেওঁক দল-মত নিৰ্বিশেষে সকলোৰে মাজত গ্ৰহণযোগ্য কৰি তুলিছিল।

তেওঁৰ এই মহাপ্ৰয়াণত আজি সমগ্ৰ ৰাজ্যখনতে এক গভীৰ শোকৰ ছাঁ পৰিছে। এজন অভিভাৱক হেৰুৱাই বৰাক-ব্ৰহ্মপুত্ৰৰ জনসাধাৰণ আজি ম্ৰিয়মান। কবীন্দ্ৰ পুৰকায়স্থৰ জীৱন যাত্ৰা আছিল ত্যাগ, নিষ্ঠা আৰু নিস্বাৰ্থ জনসেৱাৰ এক উজ্জ্বল নিদৰ্শন। তেওঁৰ আদৰ্শ আৰু নিৰহংকাৰী ব্যক্তিত্ব অনাগত দিনত অসমৰ প্ৰতিগৰাকী ৰাজনৈতিক কৰ্মীৰ বাবে এক চিৰন্তন প্ৰেৰণাৰ উৎস হৈ ৰ’ব।

যদিও সময়ৰ সোঁতত তেওঁ আমাৰ মাজৰ পৰা শাৰীৰিকভাৱে বিদায় লৈছে, কিন্তু তেওঁৰ যোগ্য পুত্ৰ কণাড পুৰকায়স্থই বৰ্তমান পিতৃৰ সেই মহান আদৰ্শক বুকুত বান্ধি ৰাজনীতিত সক্ৰিয় হৈ আছে। পুত্ৰৰ কৰ্মৰাজিতেই পিতৃৰ আধৰুৱা স্বপ্নবোৰে পুনৰ প্ৰাণ পাব আৰু কবীন্দ্ৰ পুৰকায়স্থৰ নাম অসমৰ ইতিহাসত সোণালী আখৰেৰে জিলিকি থাকিব।

হে মহান নেতা, আপোনাৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ।