অসমৰ ৯৫গৰাকী যাত্ৰী আছিল দুৰ্ঘটনাগ্ৰস্ত ‘কাঞ্চনজংঘা’ত 

অসমৰ ৯৫গৰাকী যাত্ৰী আছিল দুৰ্ঘটনাগ্ৰস্ত ‘কাঞ্চনজংঘা’ত 

ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিম বংগত ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱা কাঞ্চনজংঘা যাত্ৰীবাহী ৰে’লখনত অসমৰ ৯৫গৰাকীকৈ যাত্ৰী আছিল। ৰে’লৱে বিভাগে এই তথ্য সদৰী কৰিছে । অৱশ্যে এই সংখ্যা পিছৰ পৰ্যায়ত আৰু অধিক বৃদ্ধি হ’বও পাৰে। এই ৯৫গৰাকী যাত্ৰীৰ ভিতৰত লামডিঙৰ ৪৫ জনকৈ যাত্ৰী, লংকাৰ ২৪ গৰাকী আৰু হোজাইৰ ২৬ গৰাকী যাত্ৰী আছিল বুলি সদৰি কৰিছে। সংৰক্ষিত আসনত যাত্ৰা কৰা লামডিং ৪৫ গৰাকী যাত্ৰী পশ্চিমবংগৰ বিভিন্ন ঠাইলৈ যাত্ৰা কৰিছিল ।