অসমৰ ৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ ২০২৬ বৰ্ষৰ পদ্মশ্রী সন্মান

অসমৰ ৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ ২০২৬ বৰ্ষৰ পদ্মশ্রী সন্মান

ৰঙিলী বাৰ্ত্তাসেৱা- ঘোষণা কৰা হ’ল ২০২৬ বৰ্ষৰ পদ্ম বঁটাপ্ৰাপকসকলৰ নাম । দেশৰ বিভিন্ন প্ৰান্তৰ মুঠ ১৩১ গৰাকী ব্যক্তিলৈ এইবাৰ পদ্ম বঁটা আগবঢ়োৱা হৈছে। ইয়াৰে ৫ গৰাকীলৈ পদ্মবিভূষণ, ১৩ গৰাকীলৈ পদ্মভূষণ আৰু ১১৩ গৰাকীলৈ পদ্মশ্ৰী বঁটা ঘোষণা কৰা হয়।  কলা, সমাজ সেৱা, ৰাজহুৱা কাম-কাজ, বিজ্ঞান-অভিযান্ত্রিক, বাণিজ্য-উদ্যোগ, চিকিৎসা, সাহিত্য-শিক্ষা, ক্রীড়া আৰু অসামৰিক সেৱাৰ ক্ষেত্রখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে প্ৰতিবছৰে আগবঢ়োৱা দেশৰ সৰ্বোচ্চ অসামৰিক পদ্ম বঁটা এইবাৰ অসমৰ পাঁচজন বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে। ঘোষণা কৰা পদ্ম বঁটাৰ তালিকাত অসমৰ কলা-সংস্কৃতি, গৱেষণা আৰু ৰাজহুৱা কৰ্মৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বিশিষ্ট লোকশিল্পী পখিলা লেকথেপি, প্রসিদ্ধ কলা নির্দেশক নুৰুদ্দিন আহমেদ, হৰিচৰণ শইকীয়া, ৰেছম শিল্পৰ বিশিষ্ট গৱেষক ড° যোগেশ দেউৰী আৰু সদ্যপ্রয়াত ৰাজনীতিক কবীন্দ্ৰ পুৰকায়স্থক মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান। লক্ষণীয় যে, হৰিচৰণ শইকীয়াক শিল্প ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰত শইকীয়াৰ অৱদান অতুলনীয়। নুৰুদ্দিন আহমেদে প্ৰায় ৫০ বছৰ ধৰি শিল্প-ভাস্কৰ্য সাধনা কৰি আহিছে। বৰদোৱাৰ নৱনিৰ্মিত প্ৰকল্পৰ সৈতেও জড়িত হৈ আছিল তেওঁ। শিল্প ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে আহমেদলৈ এই বঁটা প্ৰদান কৰা হৈছে। কাৰ্বি পাহৰৰ সুকণ্ঠী গায়িকা পখিলা লেকথেপিলৈও পদ্মশ্ৰী সন্মান আগবঢ়োৱা হয়। এইগৰাকী লোকশিল্পীয়ে অসমলৈ বহু অৱদান আগবঢ়াই গৈছে। কাৰ্বিপাহাৰৰ নাইটিংগেল খ্যাত এইগৰাকী মহিলাই এতিয়া লাভ কৰিছে পদ্ম সন্মান। এৰি আৰু ৰেচম বিশেষজ্ঞ যোগেশ ৰাজবংশী। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ৰেচম বিভাগৰ প্ৰাক্তন সঞ্চালক ড° যোগেশ দেউৰীয়ে উন্নতমানৰ পাট সূতা উৎপাদনৰ লগতে বিশেষকৈ অসম চৰকাৰৰ সোণালী সূতা আৰু সোণালী ধাৰা প্ৰকল্পৰ অধীনত অগ্ৰণী ভূমিকা লৈছিল। ৰেচন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক এই সন্মান আগবঢ়োৱা হয়। আনহাতে বিজেপিৰ এগৰাকী প্ৰসিদ্ধ ৰাজনীতিবিদ আছিল কবিন্দ্ৰ পুৰকায়স্থ। বিজেপি দলৰ অন্যতম ভেঁটি গঢ়োতা আছিল তেওঁ। অসম বিজেপৰ ভেঁটি শক্তিশালী কৰাত তেওঁৰ অৱদান আছিল অতুলনীয়। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও পুৰকায়স্থই বহু অৱদান আগবঢ়াই গৈছে। জনতাৰ বাবেও অৱদান অতুলনীয়। সমাজৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে এইগৰাকী ৰাজনীতিবিদক মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হৈছে। বলিউডৰ প্ৰখ্যাত অভিননেতা প্রয়াত ধর্মেন্দ্র (সিং দেউল)মৰণোত্তৰভাৱে আৰু কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্রী ভি এছ অচ্যুতানন্দলৈ এই বছৰৰ পদ্মবিভূষণ সন্মান আগবঢ়োৱা হৈছে। এই বছৰ মুঠ ৫জন ব্যক্তিলৈ পদ্মবিভূষণ বঁটা আগবঢ়োৱা হৈছে। এই বঁটা লাভ কৰা আন ব্যক্তিকেইজন হ’ল ক্রমে কে টি থমাছ, এন ৰাজম আৰু পি নাৰায়ণন। ইফালে অলকা য়াগ্নিক, ভগত সিং কোশ্যাৰী, দাক্ষিণাত্যৰ চিনেমা জগতৰ প্রখ্যাত অভিনেতা মামুতি, বিজয় অমৃতৰাজকে ধৰি ১৩গৰাকী ব্যক্তিলৈ পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে। ঝাড়খণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা জে এম এমৰ প্ৰতিষ্ঠাপক ছিবু ছোৰেন, পীযূষ পাণ্ডে আৰু ভি কে মালহোত্রাক মৰণোত্তৰভাৱে এই বঁটাৰে সন্মানিত কৰা হয়। পদ্মভূষণ বঁটাৰে সন্মানিত কৰা আনকেইগৰাকী ব্যক্তি হ’ল ক্রমে কল্লীপট্টী ৰামাছামী পলানীস্বামী (চিকিৎসা), ডাঃ নোৰী দত্তাত্রেয়ুডু (চিকিৎসা), এছ কে এম মেইলানন্দন (সামাজিক কার্য), উদয় কোটাক, ভেল্লাপল্লী নটেছন আৰু শতবধনি আৰ গণেশ। ইফালে ১১৩গৰাকী ব্যক্তিক তেওঁলোকে দেশ তথা সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে পদ্মশ্রী বঁটাৰে সন্মানিত কৰা হৈছে। পদ্মশ্রী বঁটাৰে সন্মানিত কৰাসকলৰ ভিতৰত বিশ্ব কাপ বিজয়ী ভাৰতীয় মহিলা ক্রিকেট দলৰ অধিনায়িকা হৰমনপ্রীত কৌৰ, ভাৰতীয় পুৰুষ দলৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা, হকী খেলুৱৈ সবিতা পুনিয়া, অভিনেত্রী সতীশ শ্বাহো আছে। এই তালিকাত ১৯গৰাকী মহিলা, ৬গৰাকী বিদেশী ব্যক্তিক স্থান দিয়া হৈছে। আনহাতে ১৬গৰাকীক মৰণোত্তৰভাৱে এই বঁটা দিয়া হৈছে। অসমৰ ৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা  খবৰে যথেষ্ট আনন্দিত কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ।বঁটাপ্ৰাপকসকলক অভিনন্দন জ্ঞাপন কৰি আৰু তেওঁলোকৰ অৱদান সঁচা অৰ্থত প্ৰেৰণাদায়ক বুলি প্ৰশংসা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।সামাজিক মাধ্যম এক্সত পোষ্ট কৰি অসমৰ পুত্ৰ-কন্যাক সন্মানীয় পদ্ম বঁটাৰে সন্মানিত কৰাৰ লগে লগে অসম গৌৰৱেৰে আলোকিত হৈছে বুলিও তেওঁ প্ৰকাশ কৰে । তেওঁ লিখিছে, “সমাজ আৰু জাতিৰ প্ৰতি আগবঢ়োৱা অসাধাৰণ সেৱাৰ বাবে হৰিচৰণ শইকীয়া, যোগেশ দেউৰী, পখিলা লেকথেপী আৰু নুৰুদ্দিন আহমেদলৈ আন্তৰিক অভিনন্দন ।” তেওঁ লগতে লিখিছে, “ইয়াৰ উপৰিও জনসেৱাত আগবঢ়োৱা অৱদানৰ বাবে প্ৰয়াত কবীন্দ্ৰ পুৰকায়স্থজীক পদ্মশ্ৰী (মৰণোত্তৰ) সন্মান জনোৱাটো আমাৰ বাবে এক গৌৰৱৰ মুহূৰ্ত ।”মুখ্যমন্ত্ৰীয়ে লিখিছে, “সকলো বঁটাপ্ৰাপকৰ অৱদানে আমাক সকলোকে অনুপ্ৰাণিত কৰিছে – তেওঁলোকৰ কৃতিত্বৰ বাবে অসম অসীম গৌৰৱান্বিত ।”