অসমৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা

অসমৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ ৫ টাকৈ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা। নিৰ্বাচন আয়োগে  নতুন দিল্লীৰ বিজ্ঞান ভৱনত এক সংবাদ মেল সম্বোধন কৰি মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সমান্তৰালকৈ অসমৰো নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি ১৩ নৱেম্বৰত অসমত অনুষ্ঠিত হ’ব ৫ টা বিধানসভা সমষ্টি ক্ৰমে চামগুৰি, ছিদলী, বিহালী, বঙাইগাওঁ আৰু ধলাইৰ উপ-নিৰ্বাচন। ইয়াৰ বাবে ১৮ অক্টোবৰত জাৰি হ’ব নিৰ্বাচনী অধিসূচনা। ২৫ অক্টোবৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ। সেইদৰে ৩০ অক্টোবৰৰ ভিতৰত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন নিৰ্ধাৰণ কৰা হৈছে। ২৩ নৱেম্বৰত ঘোষণা কৰ হ’ব নিৰ্বাচনী ফলাফল।উল্লেখ্য যে যোৱা লোকসভা নির্বাচনত ধলাই সমষ্টিৰ বিধায়ক পৰিমল শুক্লবৈদ্য, চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী, বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত আৰু চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন লোকসভালৈ নিৰ্বাচিত হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বিধায়ক পদ ত্যাগ কৰে। ফলত উক্ত ৫টা সমষ্টিত উপ-নিৰ্বাচনৰ প্ৰাসংগিকতা আহি পৰে। ইয়াৰ পৰিপ্ৰেক্ষিততে দেশৰ নিৰ্বাচন আয়োগে উক্ত ৫টা সমষ্টিত উপ-নির্বাচনৰ দিন ঘোষণা কৰে।নির্বাচনৰ দিন ঘোষণাৰ লগে লগে এই উপ-নির্বাচনত অৱতীর্ণ হ’বলগীয়া দল আৰু প্ৰাৰ্থীসকলৰ মাজত তৎপৰতা আৰু অধিক বৃদ্ধি পাইছে। শাসকীয় বিজেপি দলে এই উপ-নির্বাচনত নিজাববীয়াকৈ তিনিখন আসন ক্রমে ধলাই, বিহালী আৰু চামগুৰিত প্ৰতিদ্বন্দ্বিতা কৰিব। মিত্রদল অগপই বঙাইগাঁও আৰু মিত্রদল ইউপিপিএলে চিদলী সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াব। বিজেপি দলে প্রতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া সমষ্টি তিনিটাৰ বাবে ইতিমধ্যে প্রার্থিত্ব পেনেল ৰাজ্যিক নির্বাচন কমিটীয়ে যুগুতাই দলৰ কেন্দ্রীয় নেতৃত্বলৈ প্রেৰণ কৰিছে। সেইদৰে অগপ আৰু ইউপিপিএলে প্রতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া সমষ্টি দুটাৰ বাবেও প্রার্থী চূড়ান্ত কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে হাতত লৈছে। ইপিনে কংগ্ৰেছ দলেও ৫খন আসনতে প্রতিদ্বন্দ্বিতা আগবঢ়াব। কংগ্ৰেছ দলেও প্রার্থী চূড়ান্ত কৰাৰ বাবে ইতিমধ্যে নতুন দিল্লীত কংগ্ৰেছ হাইকমাণ্ডৰ সৈতে মিলিত হোৱাৰ পদক্ষেপ লৈছে। আনহাতে বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলেও এইবাৰ উপ-নির্বাচনত তিনিখন আসনত প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে চিদলীৰ আসনখনত প্রতিদ্বন্দ্বিতা কৰিব।