অসমৰ সৰ্বোচ্চ বঁটা অসম বৈভৱ বঁটা এইবাৰ প্ৰদান কৰা হৈছে ডাঃ তপন শইকীয়াক
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে ঘোষণা কৰিলে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা।কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি অসমৰ সৰ্বোচ্চ বঁটা অসম বৈভৱ বঁটা এইবাৰ প্ৰদান কৰা হৈছে ডাঃ তপন শইকীয়াক।অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ সজাগতা বৃদ্ধিৰ বাবে কৰি অহা প্ৰচেষ্টা আৰু সেৱাৰ বাবে মুম্বাইৰ প্ৰিন্স আলি খান চিকিৎসালয়ৰ কৰ্কট ৰোগ বিশেষজ্ঞ ডা: তপন শইকীয়ালৈ আগবঢ়োৱা হ’ল অসম বৈভৱ বঁটা।অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে কৃষ্ণ ৰয়, গীলবাৰ্টছন ছাংমা, নয়নমণি শইকীয়া, বিনয় কুমাৰ শইকীয়া আৰু ডাঃ শশীধৰ ফুকনলৈ।অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে নৱগ্ৰহত সেৱা আগবঢ়াই অহা শ্মশান বন্ধু ধৃতিমালা ডেকা, ডাঃ দেৱজিৎ বৰ্মন, ৰূস্তম বসুমতাৰী, মাঞ্জেলা, বিনন্দ হাতীবৰুৱা, অতুল চন্দ্ৰ বৰুৱা, কল্যাণী ৰাজবংশী (আত্মসহায়ক গোটৰ অংশীদাৰ), শীলা গোৱালা (আশাকৰ্মী), ডাঃ যোগেশ দেউৰী (ৰেচম তথা সোণালী সূতাৰ বিশেষজ্ঞ), পংকজলাল গগৈ, সৰ্বেশ্বৰ বসুমতাৰী, মানথাং মাৰ (আনাৰস খেতিয়ক), ড০ ধ্ৰুৱজ্যোতি শৰ্মা (ডেফডিল), দয়াল গোস্বামী (মুখা শিল্পৰ দক্ষতা বিকাশ) আৰু ছৈয়দ ইফতিকাৰ আহমেদলৈ।কোনো এটা ভাল দিনত এই বঁটাসমূহ প্ৰদান কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।