অসমৰ সাঁচিপতীয়া পুথিৰে ৰাষ্ট্ৰপতি ভৱন উজলিব
ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া ভাষাৰ ধ্রুপদী মর্যাদাক অধিক গৰিমামণ্ডিত কৰি তোলাৰ লক্ষ্যৰে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সৌজন্যত এক উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰা হৈছে। সেই অনুসৰি কলাক্ষেত্ৰৰ উদ্যোগত ৰাষ্ট্ৰপতি ভৱনৰ পুথিভঁৰালত সংৰক্ষণ তথা প্রদর্শনৰ বাবে পাঁচখন প্রাচীন সাঁচিপতীয়া পুথিৰ এক সংগ্ৰহ আগবঢ়োৱা হৈছে। এই পদক্ষেপৰ জৰিয়তে অসমীয়া ভাষাৰ ঐতিহ্য-যাত্রাই এক নতুন গতি লাভ কৰিব বুলি আশা কৰা হৈছে। উল্লেখ্য যে বিষয়টোৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি ভৱনৰ সচিবালয়ৰ আগ্ৰহৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ আৰু পৃষ্ঠপোষকতাত তথা মুখ্য সচিব ৰবি কোটাৰ নিৰ্দেশনাত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজে অসমৰ বিভিন্ন প্রান্তৰ সত্ৰানুষ্ঠানৰ সৈতে যোগাযোগ কৰি সাঁচিপতীয়া পুথিকেইখন সংগ্ৰহৰ ব্যৱস্থা কৰে। কলাক্ষেত্রৰ সচিব সুদর্শন ঠাকুৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত নতুন দিল্লীস্থিত অসম ভৱনৰ আবাসিক আয়ুক্তকে প্রমুখ্য কৰি অসম আৰু ভাৰত চৰকাৰৰ কেইবাগৰাকী বিষয়াৰ উপস্থিতিত ৰাষ্ট্রপতি ভৱন সচিবালয়ৰ সচিব দিপ্তী উমাশংকৰৰ হাতত অমূল্য সাঁচিপতীয়া পুথিকেইখন আনুষ্ঠানিকভাৱে অর্পণ কৰে। ৰাষ্ট্রপতি ভৱনৰ পুথিভঁৰালৰ শোভা বৃদ্ধি কৰা সাঁচিপতীয়া পুথিকেইখন হৈছে- মাজুলীস্থিত শ্রীশ্রী দক্ষিণপাট সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ শ্রীশ্রী ননীগোপাল দেৱগোস্বামীদেৱে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিৰচিত ‘কীর্তন ঘোষা’, মৰিগাঁওস্থিত শ্রীশ্রী নৰোৱা কুঁজি সত্র (বৈকুণ্ঠপূৰ থান)-ৰ পূজ্যপাদ সত্ৰাধিকাৰ শ্রীশ্রী নিত্যানন্দ দেৱগোস্বামীদেৱে, ভাগৱতৰ দশম স্কন্ধৰ আধাৰত শ্রীমন্ত শংকৰদেৱৰ ভাবানুবাদ ‘আদি দশম’, মাজুলীস্থিত শ্রীশ্রী উত্তৰ কমলাবাৰী সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ শ্রীশ্রী জনার্দন দেৱগোস্বামীয়ে মহাপুৰুষ শ্রীশ্রী মাধৱদেৱ বিৰচিত ‘নামঘোষা’, তিতাবৰস্থিত শ্রীশ্রী কমলাবাৰী সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ শ্রীশ্রী ভৱকান্ত দেৱগোস্বামী, সংস্কৃত ভাষাত বিষ্ণুপুৰী সন্ন্যাসীয়ে ৰচনা কৰা ‘শ্রী ভক্তি ৰত্নাৱলী’ৰ মহাপুৰুষ শ্রীশ্রী মাধৱদেৱৰ দ্বাৰা অনুদিত ‘ভক্তি ৰত্নাৱলী’ আপুৰুগীয়া পুথিকেইখন সংগ্ৰহ কৰাৰ ক্ষেত্রত সহযোগ আগবঢ়ায়।