অসমৰ সংবাদ জগতৰ এটি নমস্য নাম,মহেশ চন্দ্ৰ মেধি
অসমৰ সংবাদ জগতৰ এটি নমস্য নাম,মহেশ চন্দ্ৰ মেধি।আসাম ট্ৰিবিউন কাকতেৰে নিজৰ কৰ্মজীৱন আৰম্ভ কৰা মেধি ডাঙৰীয়াই জীৱনৰ পিছৰ সময়ছোৱাত নিজৰ একান্ত প্ৰচেষ্টাত আৰু সাহসেৰে জন্ম দিছিল এখনি সাপ্তাহিক বাতৰি কাকত নাম “ৰঙিলী বাৰ্ত্তা”।তাৰোপৰি তেখেত আছিল ভাৰতীয় জনতা পাৰ্টীৰ এজন সক্ৰিয় সদস্য।তেখেতক মই ব্যক্তিগতভাৱে কাহানিও লগ পোৱা নাছিলোঁ,কিন্তু এদিন সৌভাগ্য ক্ৰমে তেখেতৰ একমাত্ৰ পুত্ৰ উদ্দীপ্ত নয়ন মেধিক লগ পাইছিলোঁ।তেখেতৰ পৰা দেউতাকৰ বিষয়ে জানিব পাৰিছিলোঁ।দুখ থাকি গ’ল তেনে এজন ব্যক্তিৰ সান্নিধ্য নোপোৱাৰ বাবে।আজি মেধি ডাঙৰীয়া আমাৰ মাজৰ পৰা অজান দেশলৈ যোৱা এটা বছৰ পূৰ হ’ল।তেখেত আমাৰ মাজত নাই সচাঁ কিন্তু আমাৰ মাজত আছে তেখেতৰ মৰমৰ ৰঙিলী বাৰ্ত্তাখন।ৰঙিলী বাৰ্ত্তাৰ সমুহ পৰিয়ালবৰ্গৰ ফালৰ পৰা তেখেতৰ মৃত্যুৰ দিনটোত তেখেতলৈ জনাইছোঁ একাজলি অশ্ৰুভৰা শ্ৰদ্ধাঞ্জলি।
