অসমৰ লোক-সংস্কৃতিত পৰম্পৰাগত নৃত্য-গীত
নলিনী ৰঞ্জন ভূঞা,জামুগুৰিহাট, শোণিতপুৰ
অসম, ভাৰতৰ উত্তৰ-পূবৰ এক অপূৰ্ব ৰাজ্য, যাৰ সংস্কৃতি বৈচিত্ৰ্যৰে ভৰা। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ লগতে মানুহৰ জীৱন ধাৰণ ,সামাজিক আৰু ধাৰ্মিক দিশৰ লগতে কলা -সংস্কৃতি বিশেষভাৱে সমৃদ্ধ। অসমৰ লোক সংস্কৃতি অতি সমৃদ্ধ আৰু বৈচিত্ৰতাৰে পৰিপূৰ্ণ ৷ লোক সংস্কৃতিৰ পৰম্পৰাগত নৃত্য- গীতে অসমীয়া সমাজৰ ঐতিহ্য, বিশ্বাস , সুখ – দুখ আৰু জীৱন ধাৰাক প্ৰতিফলিত কৰে ৷ অসমীয়া লোক-সংস্কৃতি মূলতঃ খেতিপথাৰৰ জীৱন, ধৰ্মীয় বিশ্বাস, সমাজৰ চাল-চলন, আৰু উৎসৱ – পাৰ্বনৰ লগত জড়িত। অসমীয়া বিভিন্ন জাতি – জনগোষ্ঠীৰ নিজা নিজা সংস্কৃতিক বিকশিত কৰি ৰাখিবলৈ বিভিন্ন নৃত্য আৰু গীতৰ বিশেষ অৱদান আছে। অসমীয়া লোক-সংস্কৃতিৰ পৰম্পৰাগত নৃত্য-গীতসমূহ কেৱল বিনোদনৰ উপকৰণ নহয়, বৰং ইয়াত সামাজিক, ধৰ্মীয়, আৰু ঐতিহাসিক দিশো প্ৰকাশ পায়। অসমত বিভিন্ন জাতি, জনজাতি আৰু সম্প্ৰদায়ে নিজৰ পৰম্পৰাগত নৃত্য আৰু গীতৰ মাধ্যমেৰে সমাজৰ আনন্দ – বেদনাৰ অভিব্যক্তি প্ৰকাশ কৰে ৷ দৰাচলতে লোকগীত আৰু লেকনৃত্যৰ মাজত ৰক্ষিত হৈ আছে অবিচ্ছেদ্য সম্পৰ্ক ৷ লোকগীতৰ নাম অনুসৰিয়েই গীতটোৰ সৈতে সম্পৰ্কীত নৃত্যটোৰো নামাকৰণ কৰা হয় ৷ উদাহৰণ স্বৰূপে বিহু গীতৰ লগত সম্পৰ্ক যুক্ত নাচটোক কোৱা হয় বিহুনাচ বা বিহুনৃত্য ৷
আকৌ ডিমাছা সকলৰ বুচু উৎসৱৰ অনুস্থানত গোৱা গীত আৰু এই গীতৰ সৈতে জড়িত নৃত্যক কোৱা হয় বুচু গীত আৰু বুচুনাচ আনহাতে বড়ো সকলৰ দোমাসী উৎসৱৰ লগত অনুসংগত ভাৱে গোৱা গীত আৰু এই গীতৰ লগত নচা নাচক দোমাসী গীত আৰু দোমাসী নৃত্য বুলি কোৱা হয় ৷
অসমৰ পৰম্পৰাগত লোক নৃত্যক , জনজাতিয়েই হওক অথবা অজনজাতীয়ই হওক – – প্ৰধানতঃ চাৰিটা ভাগত ভাগ কৰা হৈছে ৷ এই ভাগকেইটা হ’ল — ১) পূজা উপাসনাৰ লগত জড়িত নৃত্য ২) উৎসৱ অনুষ্ঠানৰ লগত জড়িত নৃত্য ৩) কৃষিৰ লগত জড়িত নৃত্য ৪)প্ৰেম -প্ৰণয় আদিৰ লগত জড়িত নৃত্য ৷
১) পূজা উপাসনাৰ লগত জড়িত নৃত্য —- অসমৰ পূজা-উপাসনাৰ লগত জড়িত নৃত্যসমূহ প্ৰধানকৈ ধৰ্মীয় আৰু সাংস্কৃতিক পৰম্পৰাৰ অংশ। তেনেধৰণৰ কেইটা মান উল্লেখযোগ্য নৃত্য হ’ল — ক) সত্ৰীয়া, ভাওনা আৰু খোল নৃত্য — বৈষ্ণৱ ধৰ্মৰ অংশ হিচাপে শ্ৰীমন্ত শংকৰদেৱে প্ৰচলন কৰা এই নৃত্যই ভগৱান শ্ৰীকৃষ্ণৰ লীলা আৰু অন্যান্য ধৰ্মীয় বিষয়বস্তু উপস্থাপন কৰে। ভাওনা নৃত্য হ’ল শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট ভাওনাৰ অংশ য’ত নৃত্যৰ জৰিয়তে বিভিন্ন পৌৰাণিক কাহিনী প্ৰদৰ্শন কৰা হয় আৰু খোলীয়া নৃত্য অসমৰ বৈষ্ণৱ ধৰ্মীয় উপাসনাৰ লগত জড়িত ৷ নাট ভাওনাৰ বৰধেমালি, সৰু ধেমালি, গুৰুঘাটৰ ওপৰিও খুলীয়া ভাউৰীয়া আদি খোলীয়া নৃত্যৰ অন্তৰ্ভুক্ত ৷ ইয়াৰ উপৰিও পুতলা নাচ, ঢুলীয়া নাচ আৰু ওজাপালি নাচ ,দেৱদাসী,কালীচণ্ডী নাচ, হুদুমপূজাৰ নৃত্য,খেৰাই নৃত্য,বাগৰুম্বা নৃত্য,হাবা জানায়, (বড়ো জনগোষ্ঠীৰ) ফাৰকান্তি নৃত্য,অগ্নি পূজাৰ নৃত্য ( ৰাভা সকলৰ) কচাৰী জনগোষ্ঠীৰ কচাৰী নৃত্য ,ডিমাছা সকলৰ ফাত্ৰীনৃত্য, কাৰবি সকলৰ চামাংকান নৃত্য,মিচিং সকলৰ মিবু দাকনাম লগতে শিৱ পুজা আৰু মনসা পূজাত তান্ত্ৰিক নৃত্য হিচাপে কৰা দেউধনী নৃত্যক পূজা উপাসনাৰ লগত জড়িত নৃত্য হিচাপে বিবেচনা কৰা হয় ৷ ইয়াৰ উপৰিও বিভিন্ন জাতি – জনজাতিৰ বহুকেইটা পূজা উপাসনাৰ লগত জড়িত নৃত্য আছে আৰু এই সমুহ গভীৰ ভাৱে অসমীয়া সংস্কৃতিৰ লগত জড়িত ৷
২) উৎসৱ অনুষ্ঠানৰ লগত জড়িত নৃত্য —– অসমৰ বিভিন্ন উৎসৱ পাৰ্বন আৰু অনুষ্ঠানত প্ৰদৰ্শিত নৃত্য সমুহৰ ভিতৰত প্ৰথমটো হ’ল, অসমৰ জাতীয় উৎসৱ বিহুৰ অৱিচ্ছেদ্য অংগই হ’ল বিহুনৃত্য ৷ য’ত পুৰুষ মহিলা উভয়েই অংশ লব পাৰে ৷ আনহাতে প্ৰাচীন ধ্ৰুপদী নৃত্য হিচাপে আৰু বৰ্তমান ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ অন্তৰ্ভূক্ত সত্ৰীয়া নৃত্যই বিশেষ স্হান অধিকাৰ কৰিছে ৷ বৰগীত, শ্ৰীকৃষ্ণৰ লীলা, ৰাসনৃত্য,নটুৱা নৃত্য সত্ৰীয়া নৃত্যৰ অংশ বিশেষ ৷ ইয়াৰ উপৰিও বড়ো সকলৰ বাগৰুম্বা, ৰাভা সকলৰ সাথাৰ, বহুৰঙী,বগেজাৰী, মিচিং সকলৰ চঃ মাননাম,ডিমাছা সকলৰ বাইডিমা, তিৱা সকলৰ ছাগ্ৰানাচ, দেউৰী সকলৰ আবৰ ব’ নাচ, কাৰবি সকলৰ দোমাহী কেকান, হাচ্ছা কেকান, সোনোৱাল কচাৰী সকলৰ হাগ্ৰানাচ,বহুৱানাচ আদি প্ৰধান ৷
৩) কৃষিৰ লগত জড়িত নৃত্য —- অসমৰ কৃষি কাৰ্যৰ লগত জড়িত নৃত্য সমুহৰ ভিতৰত অজনজাতীয় সমাজৰ বিহুনৃত্য, বড়োসকলৰ বৈসাগু আৰু দোমাসীনাচ, কাৰবি সকলৰ আৰাকুৰা নাচ, ৰাভা সকলৰ বগেজাৰী বা বহুৰঙী নাচ, মিচিং সকলৰ গুমৰাগ চঃমান, চুঃমাননাম, ডিমাছা সকলৰ বুচুনাচ বা বাইডিমা নাচ আদি প্ৰধান ৷
৪) প্ৰেম প্ৰণয় মুলক নৃত্য —- বিহু নৃত্য ( অজনজাতীয়) বড়ো সকলৰ বৈসাগু মুচানায়, ৰাভা সকলৰ সাথাৰ নাচ , কাৰবি সকলৰ কাপা এৰ কেকান, মিছিং সকলৰ গুমৰাগ নাচ বা লিগাংনাচ, ডিমাছা সকলৰ বাইডিমা, ছাগ্ৰা নাচ, তিৱা সকলৰ ছাগ্ৰা নাচ, চাহ জনজাতি সকলৰ ঝুমইৰ নাচ আদিক প্ৰেম প্ৰণয় মুলক নাচৰ অন্তৰ্ভূক্ত কৰা হৈছে
অসমৰ লোকগীত সমুহ সমাজ ব্যৱস্হাত প্ৰচলিত ধৰ্মীয়,সামাজিক আৰু ঐতিহাসিক দিশৰ এক অনন্য সংমিশ্ৰণ ৷ তলত কেইবিধ মান উল্লেখযোগ্য লোকগীতৰ বিষয়ে উল্লেখ কৰা হ’ল ৷
১)বিহু গীত—বিহু গীত অসমৰ আটাইতকৈ প্ৰচলিত আৰু জনপ্ৰিয় গীত। মূলতঃ ৰঙালী বিহুত এই গীত গোৱা হয়, যি প্ৰেম, যৌৱন, জীৱন, প্ৰকৃতি আৰু কৃষি সংস্কৃতিক কেন্দ্ৰ কৰি ৰচিত।
৩) জিকিৰ আৰু জৰী —শ্রী মন্ত শংকৰদেৱৰ অনুসাৰী, হাজৰৎ আজান ফকীৰে ৰচনা কৰা জিকিৰ আৰু জৰী গীতসমূহেই অসমত মৈত্রী আৰু ধৰ্মীয় সম্প্ৰীতিৰ বার্তা প্ৰচাৰ কৰি অতি জনপ্ৰিয় হৈ আছে ।
৪) দেহবিচাৰ গীত—শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ অনুসাৰীসকলৰ দ্বাৰা লিখিত এই গীতসমূহে মূলতঃ মানুহৰ দেহ (শৰীৰ) আৰু আত্মাৰ সম্পৰ্ক, জীৱনৰ সত্যতা আৰু জীৱন মৃত্যুৰ মাজৰ দৰ্শনীয় চিন্তাধাৰা প্ৰতিফলিত হয় লগতেধৰ্মীয় দিশো প্ৰতিফলিত হয় ৷ আধ্যাত্মিক আৰু দৰ্শনমূলক বিষয় বস্তু, বৈষ্ণৱ ভক্তিৰ প্ৰভাৱ, লোকগীতৰ সুৰ আৰু সংগীত দেহ বিচাৰৰ গীতৰ প্ৰধান বৈশিষ্ট ৷
৫) টোকাৰী গীত —অসমৰ লোকসংস্কৃতিৰ অঙ্গ হিচাপে টোকাৰী গীত এক গুৰুত্ব পূৰ্ণ ধাৰা ৷ এই গীত সমুহ একমাত্ৰ মনোৰঞ্জনৰ বাবে নহয় বৰং সচেতনতা সৃষ্টি কৰাৰো অন্যতম মাধ্যম হিচাপে গণ্য কৰা হয় ৷ এই গীত সাধাৰণতে নানান ছন্দযুক্ত শব্দ সংযোগৰ জৰিয়তে ৰচিত হয় ৷ বিদ্ৰুপ আৰু কটাক্ষযুক্ত সহজ সৰল ভাষা, চিত্ৰাত্মকতা, লোক সংগীতৰ সুৰ লগতে সামাজিক আৰু ৰাজনৈতিক প্ৰসঙ্গই হৈছে টোকাৰী গীতৰ বৈশিষ্ট ৷
৬) কামৰূপীয়া আৰু গোৱালপৰীয়া লোকগীত—অসমৰ সমৃদ্ধ সংগীত পৰম্পৰাৰ মাজত কামৰূপীয়া আৰু গোৱালপৰীয়া লোকগীত বিশেষভাৱে উল্লেখযোগ্য। এই লোকগীতসমূহত অসমৰ পৃথক পৃথক অঞ্চলৰ সমাজ-সংস্কৃতি, জীৱন-জীৱিকা, ধৰ্মীয় বিশ্বাস, আৰু প্ৰকৃতিজনিত অভিজ্ঞতাৰ প্ৰতিফলন ঘটে।
কামৰূপীয়া লোকগীত মূলত কামৰূপ জিলা (বৰ্তমানৰ কামৰূপ, নলবাৰী, বাক্সা, বৰপেটা আদি অঞ্চল) পৰম্পৰাগতভাৱে গোৱা হয়। সহজ ভাষা, কাব্যিক অনুভূতি, ভক্তি মূলক আৰু দেহতত্ব মূলক লগতে প্ৰেম আৰু প্রকৃতি-প্ৰেম এই গীত সমুহৰ বৈশিষ্ট ৷ এই গীত সমুহ সাধাৰণতে বাঁহী, ঢোল, পেপা, নগৰা আদি লোকবাদ্যৰ সৈতে গোৱা হয়।
গোৱালপৰীয়া লোকগীত প্ৰধানকৈ গোৱালপাৰা অঞ্চলত (বৰ্তমানৰ ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বৰপেটাৰ কিছু অংশ) গোৱা হয়। এই গীতসমূহৰ ওপৰত বেংগালী-ভোজপুৰী আৰু কোচ-ৰাজবংশী সংস্কৃতিৰ প্ৰভাৱ দেখা যায়।
দুখ-দুৰ্দশা, ধৰ্মীয় অনুভূতি, আৰু সামাজিক জীৱন , কোষ-ৰাজবংশী ভাষাৰ প্ৰভাৱ এই গীতৰ বৈশিষ্ট ৷ বাঁহী, ঢোল, খোল, তাল, কাহালি আদি বাদ্যৰ ব্যৱহাৰে এই গীতক অধিক মৰমলগা কৰে। গোৱালপৰীয়া লোকগীত সাধাৰণতে শান্ত আৰু অনুভূতিপূৰ্ণ হয়।
কামৰূপীয়া আৰু গোৱালপৰিয়া- লোকগীত উভয়ে অসমীয়াৰ নিজস্ব সংস্কৃতিৰ এক অপূৰ্ব পৰিচায়ক অঞ্চলভেদে এই গীতসমূহৰ ভাষা, সুৰ, আৰু বিষয়বস্তুৰ কিছুমান পাৰ্থক্য দেখা যায় যদিও, ইয়াক অসমীয়াৰ জাতিসত্তাৰ এক অবিচ্ছেদ্য অংগ হিচাপে গণ্য কৰিব পাৰি। আজিও এই লোকগীতসমূহ অসমীয়াৰ লোকসংগীত পৰম্পৰাত এক অনন্য স্থান অধিকাৰ কৰি আছে।
৭ ) চাহ জনগোষ্ঠীৰ লোকগীত—চাহ জনজাতি অসমৰ অন্যতম জনগোষ্ঠী ৷ চাহ জনগোষ্ঠীৰ সংগীতত তেওঁলোকৰ দৈনন্দিন জীৱন, শ্ৰমিক জীৱন, আৰু প্ৰেমমূলক বিষয়বস্তু থাকে। কৰ্মজীৱনৰ প্ৰতিফলন, প্ৰেম আৰু জীৱনযাত্ৰা, ধাৰ্মিক আৰু উৎসৱৰ লগত জড়িতৰ উপৰিও নৃত্য এই গীতৰ বৈশিষ্ট ৷
সাধাৰণতে অসমৰ লোকগীত সমুহ অসমৰ উৎসৱ অনুষ্ঠান, পূজা উপাসনা, মানুহৰ সংস্কাৰ মূলক কৃত্য, শিশুৰ সৈতে, শ্ৰমৰ সৈতে, সকাম সবাহ আদিৰ সৈতে জড়িত ৷
পৰিশেষত —অসমৰ লোক-সংস্কৃতিত পৰম্পৰাগত নৃত্য-গীত এক অপৰিহাৰ্য অংশ। এই নৃত্য-গীতসমূহ অসমীয়াৰ সামাজিক, ধৰ্মীয়, আৰু ঐতিহাসিক জীৱনক প্ৰতিফলিত কৰে। প্ৰযুক্তি আৰু নতুন সময়ৰ লগে লগে যদিও কিছুমান পৰম্পৰাগত শৈলীৰ প্ৰভাৱ কমিছে, তথাপি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, প্ৰতিযোগিতা, আৰু অনুষ্ঠানৰ জৰিয়তে এই লোক-সংস্কৃতিক সংৰক্ষণৰ প্ৰচেষ্টা অব্যাহত আছে। অসমীয়া সংস্কৃতিৰ এই ঐতিহ্যবাহী নৃত্য-গীতৰ প্ৰচাৰ-প্ৰসাৰৰ জৰিয়তে অসমীয়া সমাজ আৰু কৃষ্টিক বিশ্বদৰবাৰত নিশ্বয়কৈ প্ৰতিষ্ঠিত কৰি ৰাখিব পৰা যাব ৷
(লেখক অৱসৰপ্ৰাপ্ত শিক্ষক, উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়)
