অসমৰ যুৱ কংগ্ৰেছৰ ফেচবুক একাউন্ট ছৌদি আৰবৰ পৰা চলেঃমুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰৰ নিৰাপত্তাত জড়িত হৈ থকা বিষয়টোৰ পৰিৱৰ্তে গৰুখুঁটি প্ৰকল্পৰ গীৰ গাই ক্রয় বিষয়টোৱে চর্চা লাভ কৰাটো চিন্তনীয় কথা বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত এক বিস্ফোৰক তথ্য দাঙি ধৰে। অসম প্রদেশ যুৱ কংগ্ৰেছৰ ফেচবুক একাউন্ট ছৌদি আৰবৰ পৰা চলি আছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই । এই বিষয়টো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে চিন্তনীয় বিষয়। সংবাদ মাধ্যমক উদ্দেশ্যি মুখ্যমন্ত্রীগৰাকীয়ে কয়- ৰাষ্ট্ৰৰ নিৰাপত্তাৰ বিষয়টো য’ত জড়িত হৈ আছে সেই বিষয়ে চর্চা হ’ব লাগে। ইতিমধ্যে দুই হাজাৰৰো অধিক বাংলাদেশী একাউন্ট অসমত চলি থকা বিষয়টো সন্দর্ভত সাংবাদিকে কিয় প্রশ্ন নকৰে বুলিও মুখ্যমন্ত্রীয়ে আক্ষেপ কৰে। তেওঁ কয়- পাকিস্তানৰ পৰা যে অসমৰ ফেচবুক একাউণ্ট চলি আছে সেই বিষয়েও আপোনালোকে প্রশ্ন কৰিব লাগে। কিন্তু এই বিষয়বোৰত আপোনালোকৰ গুৰুত্ব নাই। গৰুখুঁটি প্ৰকল্পৰ ৩৪টা গৰুৰ ওপৰত চৰ্চা চলিছে, কিন্তু ধুবুৰীত যে ১,৪৫০টা গৰু কুৰবানি হ’ল তাৰ বিষয়ে আলোচনা হোৱা নাই। এই গীৰ গাইসমূহ ক্ৰয় কৰি অনা গৰু আছিল। কিন্তু কুৰবানিৰ বাবে অনা গৰুসমূহ আছিল চুৰি কৰা গৰু। গৰুৰ মাংস যে নামঘৰ, মন্দিৰৰ সন্মুখত পেলাইছে এই বিষয়ে আলোচনা কিয় কৰা হোৱা নাই? ইফালে হেমকোষক লৈ সৃষ্টি হোৱা বিতর্ক প্রসংগতো মুখ্যমন্ত্রীয়ে কয়- হেমকোষৰ কপিৰাইট কাৰো হাতত নাই। সেয়েহে প্রকাশন পৰিষদে হেমকোষ এতিয়া প্ৰকাশ কৰিবলৈ প্রস্তুতি চলাইছে। হেমকোষ অভিধানখন এতিয়া জাতীয় সম্পদ। এই হেমকোষখন যিদৰে জয়ন্ত বৰুৱাই প্ৰচাৰ কৰিছে, ঠিক তেনেদৰে আনেও এইখন প্ৰচাৰ কৰিব পাৰিব। যেনেকৈ কীৰ্তন ঘোষাৰ কপিৰাইট নাই, নামঘোষাৰ কপিৰাইট নাই, তেনেদৰে এটা সময় পাৰ হৈ যোৱাৰ পাছত এই গ্ৰন্থসমূহৰ কপিৰাইট নাথাকে। ই আইনৰ ব্যৱস্থা। সেইকাৰণে আমি হেমকোষ অভিধান, চন্দ্রকান্ত অভিধান দুয়োখনে প্রকাশন পৰিষদৰ জৰিয়তে প্ৰকাশ কৰি প্ৰচাৰৰ দিহা কৰা হ’ব। ব্যক্তিগতভাৱে এই অভিধান দুখন বিনামূল্যে কোনেও নিদিয়ে। সেয়েহে হেমকোষ অভিধানখন চৰকাৰে প্ৰকাশ কৰি ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয়সমূহত এটা বিনামূলীয়াকৈ কপী প্ৰদান কৰা হ’ব। কিন্তু ইয়াৰ মাজতে এটা কথা ক’ব লাগিব যে বেইল সংস্কৰণ প্ৰকাশ কৰাটো যথেষ্ট ভাল কাম হৈছে। মই নিজেই জয়ন্ত বৰুৱাক প্ৰধানমন্ত্ৰীৰ ওচৰলৈ লৈ গৈছোঁ।