অসমৰ পৰা মেক্সিকোলৈ অৰণ্য গঢ়িবলৈ যাব অৰণ্য মানৱ খ্যাত যাদৱ পায়েং

pc No-Mad India

অনলাইন বাৰ্ত্তাসেৱা – অসমৰ যাদৱ পায়েঙক দক্ষিণ আমেৰিকাৰ মেক্সিকো চৰকাৰে সন্মান জনাই প্ৰদান কৰিছে ১০ বছৰৰ ভিছা। পায়েঙৰ সৈতে মেক্সিকোৰ চৰকাৰে কৰিছে এক বিশেষ চুক্তি। পদ্মশ্ৰী যাদৱ পায়েঙক দেশখনত প্ৰতি বছৰে তিনি মাহ থকাকৈ দহ বছৰলৈ মেক্সিকোলৈ আমন্ত্ৰণ জনাইছে দেশখনৰ চৰকাৰে। কাৰণ দেশখনত চৰকাৰে আঠ লাখ হেক্টৰ মাটি লৈছে গছপুলি ৰোপণ কৰিবলৈ।
বৰ্ষাকাল আৰম্ভ হোৱাৰ লগে লগে মেক্সিকোলৈ গৈ উক্ত বৃহৎ পৰিসৰৰ মাটিত বৃক্ষ ৰোপণৰ তদাৰক কৰিব লাগিব যাদৱ পায়েঙে। দৈনিক এক লাখ ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীয়ে যাদৱ পায়েঙৰ সৈতে বৃক্ষ ৰোপণৰ কামত অংশ গ্ৰহণ কৰিব। মেক্সিকোত বাৰিষা আৰম্ভ হয় ছেপ্টেম্বৰ মাহত। ছেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈকে মেক্সিকোত থাকি প্ৰতি বছৰে এই আঠ লাখ হেক্টৰৰ বৃহৎ এলেকাৰ মাটিত বৃক্ষ ৰোপণ কৰিব যাদৱ পায়েঙে। প্ৰকৃতি সুৰক্ষাৰ এই পদক্ষেপে উৎফুল্লিত কৰি তুলিছে যাদৱ পায়েঙক।
অৰণ্য মানৱ যাদৱ পায়েঙে এনেদৰে কয়, “উন্নত দেশসমূহে বৰ্তমান প্ৰকৃতিৰ মূল্য বুজি উঠিছে। এক বৃহৎ এলেকাত এনেদৰে গ্ৰহণ কৰা দহ বছৰ যোৰা বৃক্ষৰোপণ কাৰ্যৰে পৃথিৱীখন সেউজ কৰাৰ এই প্ৰচেষ্টা ধন্যবাদৰ পাত্ৰ। চৰকাৰে গ্ৰহণ কৰা আঠ লাখ হেক্টৰ মাটিত দিনে এক লাখ লৰা-ছোৱালীৰ লগত মই গছপুলি ৰুব লাগিব।” মেক্সিকোত দেশখনৰ জলবায়ুৰ সৈতে খাপ খোৱা সেই অঞ্চলৰে বিভিন্ন প্ৰজাতিৰ গছ ৰুব বুলি কয় যাদৱ পায়েঙে। তেওঁ ইয়াকো জানিব দিয়ে যে বিদেশত গছপুলি ৰোপণৰ এই বৃহৎ প্ৰকল্পত অসমৰ পৰা দুটা বিশেষ পুলি লৈ যাব। মেক্সিকোত ৰুবৰ বাবে অসমৰ পৰা লৈ যাব এটা তামোলৰ পুলি আৰু এটা নাৰিকলৰ পুলি।