অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱালৈ আনুষ্ঠানিক বিদায় সম্বদ্ধৰ্না আৰু নৱ নিযুক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰক আদৰণি

অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱালৈ আনুষ্ঠানিক বিদায় সম্বদ্ধৰ্না আৰু নৱ নিযুক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰক আদৰণি

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাই আজি অৱসৰ গ্ৰহণ কৰে৷ উল্লেখযোগ্য যে, ১৯৮৮ চনত ভাৰতীয় প্ৰশাসনীয় সেৱাত যোগদান কৰি সুদীৰ্ঘ ৩৪ বছৰ কাল বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি আজি অসমৰ মুখ্য সচিবৰূপে তেখেতে অৱসৰ গ্ৰহণ কৰে৷ সেই উদ্দেশ্যে জনতাভৱনৰ চি এম ব্লকৰ সভাগৃহত মুখ্যসচিবগৰাকীৰ বিদায় সম্বদ্ধৰ্না আৰু নৱনিযুক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰক আদৰণি জনোৱাৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয়৷ তদুপৰি আজিৰ দিনটোতে ৩৫ বছৰীয়া চাকৰিৰ কাৰ্যকাল সমাপ্ত কৰা অতিৰিক্ত মুখ্য সচিব এম চি জহ্‌ৰী আৰু আয়ুক্ত সচিব ৰাণী কাঠাৰ্‌পীকো বিদায় সম্ভাষণ জনোৱা হয়৷ সচিবালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ভিডিঅ’ কনফাৰেন্সিঙ মাধ্যমেৰে জিলাসমূহৰ উপায়ুক্তসকলে ভাগ লোৱা এই অনুষ্ঠানত অতিৰিক্ত মুখ্য সচিব ক্ৰমে ৰবি শংকৰ প্ৰসাদ আৰু আশিস ভূটানী, প্ৰধান সচিব অৰ্চনা বাৰ্মা, আয়ুক্ত সচিব ক্ৰমে জি ডি ত্ৰিপাঠী আৰু কবিতা পদ্মনাভনে জিষ্ণু বৰুৱাকে ধৰি বিদায়ী বিষয়া তিনিগৰাকী আৰু নৱ নিযুক্ত মুখ্য সচিবগৰাকীৰ কৰ্মদক্ষতা সম্পৰ্কত অৱলোকন কৰে৷ বিদায়ী মুখ্য সচিব জিষ্ণু বৰুৱাক বিষয়াসকলৰ উপৰি বিজ্ঞ সমাজে তেখেতক এগৰাকী বিশিষ্ট বুৰজ্ঞীবিদ-সাহিত্যিক হিচাপে সদায় মনত ৰাখিব বুলি সকলোৱে মন্তব্য কৰে৷ চাকৰি কালত বিভিন্ন ক্ষেত্ৰত গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপ বিশেষকৈ সদম্ভাৱনা প্ৰকল্প সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত মুখ্য সচিবগৰাকীৰ ভূমিকা কৃতজ্ঞ তাৰে স্বীকাৰ কৰে৷ অনুষ্ঠানত বিদায়ী মুখ্য সচিব জিষ্ণু বৰুৱা, এম চি জহ্‌ৰী আৰু ৰাণী কাঠাৰ্‌পীৰ লগতে সদ্য নিযুক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰেও নিজৰ নিজৰ অনুভৱ বিশদভাৱে ব্যক্ত কৰে৷