অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বদান্যতা
মাজুলীৰ অসুস্থ দলীয় নেতা কিৰণ কুমাৰ মেধিক দিলে দুই লাখ টকাৰ চেক
মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কিৰণ কুমাৰ মেধিৰ
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ এজন সক্ৰিয়, অসুস্থ দলীয় কৰ্মীৰ হাতত বৃহস্পতিবাৰে দুই লাখ টকাৰ চেক প্ৰদান কৰি এক মহানুভৱতা দেখুৱালে। নামনি মাজুলীৰ চিলাকলাৰ বাসিন্দা, ভাৰতীয় জনতা পাৰ্টিৰ মাজুলী জিলা অনুসূচিত জাতি মৰ্চাৰ প্ৰাক্তন সভাপতি কিৰণ কুমাৰ মেধিক আজি দুই লাখ টকাৰ চেক প্ৰদান কৰে। নাৰ্ভৰ জটিল ৰোগত আক্ৰান্ত কিৰণ কুমাৰ মেধিয়ে কালি মাজুলী ভ্ৰমণলৈ অহা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি তেওঁৰ অসুস্থতাৰ খবৰ দিছিল। কালি মাজুলীত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আচঁনিৰ চেক বিতৰণ অনুষ্ঠান ৰূপায়ন কৰি ষ্টেজৰ পৰা নামি অহাৰ পাছতে অসুস্থ দলীয় কৰ্মী কিৰণ মেধিক সাক্ষাৎ কৰে। নামনি মাজুলী চিলাকলা গাঁৱৰ নিৱাসী আৰু মাজুলী জিলাৰ ভাৰতীয় জনতা পাৰ্টী সক্ৰিয় কাৰ্যকৰ্তা তথা প্ৰাক্তন অনুসূচিত জাতি মৰ্চাৰ সভাপতি কিৰণ কুমাৰ মেধিয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি তেওঁৰ স্বাস্থ্যজনিত জটিলতা বৰ্ণনা কৰে। উক্ত সাক্ষাৎ কালতে ড° হিমন্ত বিশ্ব শৰ্মাই কম সময়ৰ ভিতৰত আৰ্থিক সাহায্য হিচাপে ২০০০০০.০০ (দুই লাখ )টকাৰ ধন ৰাশি প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল। মাজুলীৰ বিধায়ক ভূৱন গামৰ জৰিয়তে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উক্ত আৰ্থিক সাহায্যৰ চেকখন অসুস্থ দলীয় নেতা কিৰণ মেধিৰ বাসগৃহলৈ প্ৰেৰণ কৰে। আজি দুপৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ এটা সঁজাতি দলে কিৰণ মেধিৰ চিলাকলা বাসগৃহত উপস্থিত হৈ দুই লাখ টকাৰ উক্ত চেকখন প্ৰদান কৰে । এই আৰ্থিক সাহায্যৰ উক্ত চেকখন আজি মাজুলী জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি দীপক গোস্বামীয়ে কিৰণ মেধিৰ বাসগৃহত গৈ অসুস্থ মেধিৰ হাতত অৰ্পণ কৰে। উক্ত , চেক বিতৰণ অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ নামনি মাজুলী মণ্ডলৰ সভাপতি প্ৰেমকান্ত মেধি, সাধাৰণ সম্পাদক নৱজিত মিলি ,মধ্য মাজুলী মণ্ডলৰ সভাপতি উৎপল ভেৰুৱা,চিলাকলা গাঁও পঞ্চায়তৰ সভানেত্ৰী সুমিত্ৰা হাজৰিকা ,শক্তিকেন্দৰ আহ্বায়ক মিনাৰাম মিলিৰ উপস্থিতিত চেকখন প্ৰদান কৰা হয় । উক্ত, চেকখন গ্ৰহণ কৰি ভাৰতীয় জনতা পাৰ্টিৰ কিৰণ মেধিয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু তেওঁৰ চিকিৎসাৰ ক্ষেত্ৰত ডাঙৰ সহায় হ’ব বুলি উল্লেখ কৰে।
