অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা ক’ব নোৱাৰেঃমুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীত সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক এছআইটিলৈ অপেক্ষা নকৰি এতিয়াই সাংবাদিকৰ আগত তেওঁ পাকিস্তানলৈ গৈছিল নে নাই, তেওঁৰ ল’ৰা-ছোৱালী দুটাৰ নাগৰিকত্ব কি, তেওঁৰ পৰিবাৰে পাকিস্তানৰ পৰা দৰমহা লৈছিল নে নাই সেই বিষয়ে সদৰী কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আহ্বান জনায়।আনহাতে অসমৰ মুখ্যমন্ত্ৰীয়ে ৯৯ শতাংশ মিছা কয় বুলি গৌৰৱ গগৈয়ে কৰা মন্তব্য খণ্ডন কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা ক’ব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা ক’লে বিধানসভাতো প্রস্তাৱ হ’ব আৰু আদালতেও চমন দিব পাৰিব। হিমন্ত বিশ্ব শর্মাই মিছা কথা ক’ব পাৰে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা ক’ব নোৱাৰে। ইপিনে, সাংসদ গগৈয়ে মুখ্যমন্ত্রী বাংলাদেশলৈ যোৱা বুলি কৰা মন্তব্যৰ প্ৰতিক্রিয়া ব্যক্ত কৰি ড° শর্মাই কয় যে বাংলাদেশৰ লগত কি আছে? বাংলাদেশৰ লগত অহা-যোৱা আছেই। শ্বেখ হাছিনা প্রধানমন্ত্রী হৈ থকা সময়ত বাংলাদেশ ভাৰতৰ আটাইতকৈ বন্ধুত্বপূর্ণ দেশ আছিল। এই কথা সকলোৱে জানে। আজিও ভাৰতৰ লোক বাংলাদেশত আছে। মহম্মদ ইউনুছ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত বাংলাদেশলৈ যোৱাটো অপৰাধ হ’ব। কাৰণ ইউনুছ ভাৰতবিৰোধী। গৌৰৱ গগৈৰ পাকিস্তান লিংক সম্পর্কত মুখ্যমন্ত্রী ড° শর্মাই সংবাদ মাধ্যমত অহা ১০ ছেপ্টেম্বৰলৈ অপেক্ষা কৰিবলৈ আহ্বান জনোৱাৰ লগতে সাংসদ গগৈকো হয় আচল কথাৰ উত্তৰ দিয়ক, নহ’লে সেই বিষয়ত কথা নাপাতিবলৈ মুখ্যমন্ত্রী ড° শর্মাই মন্তব্য কৰে।