অসমৰ মুখ‍্যমন্ত্ৰীক সাক্ষাৎ দেশী জনগোষ্ঠীয় মঞ্চৰ নেতৃবৃন্দৰ

অসমৰ মুখ‍্যমন্ত্ৰীক সাক্ষাৎ দেশী জনগোষ্ঠীয় মঞ্চৰ নেতৃবৃন্দৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ কেন্দ্ৰীয় সভাপতি ইছলামূল হক মণ্ডলৰ নেতৃত্বত এটা সঁজাতি দলে মুখ‍্যমন্ত্ৰী ড0 হিমন্ত বিশ্বশৰ্মাক কোকৰাঝাৰৰ বড়োলেণ্ড গেষ্ট হাউচত সাক্ষাৎ কৰি ছয় দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে। উক্ত স্মাৰক পত্ৰত দেশী লোকসকলৰ বাবে বসুন্ধৰাৰ অধীনত ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে বিশেষ ব‍্যৱস্থা গ্ৰহণ, দেশী উন্নয়ন পৰিষদ গঠন, জনগোষ্ঠীটোৰ আদিপুৰুষ আলিমেচৰ নামত গোৱালপাৰাত সংস্কৃতিক প্ৰকল্প স্থাপন, কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত দেশীসকলৰ অধিকাৰ সুৰক্ষিত কৰা, আৰ্থ-সামাজিক জৰীপৰ কামৰ গতি ত্বৰান্বিত কৰা আদি দাবী উত্থাপন কৰে । মুখ‍্যমন্ত্ৰীয়ে দাবীসমূহক লৈ বিশদ আলোচনাৰ পিছত সঁজাতি দলটোক গুৰুত্বপূৰ্ণ দাবীসমূহ পূৰণ কৰাৰ আশ্বাস দিয়ে৷