অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী জনোৱা জমিয়তৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভৰ জুই

অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী জনোৱা জমিয়তৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভৰ জুই

ৰঙিলী বাৰ্ত্তাসেৱা- জমিয়ত উলেমা ই-হিন্দৰ মুৰব্বীৰ বক্তব্যই জ্বলাইছে অসম ৷ বেদখলকাৰী সন্দেহযুক্ত বাংলাদেশীৰ পক্ষত অৱস্থান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধাচাৰণেৰে তেওঁৰ গ্ৰেপ্তাৰ-অপসাৰণৰ দাবী তোলা জমিয়ত উলেমা-ই-হিন্দৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভৰ জুই জ্বলিছে। বহু বিতর্কিত সংগঠনটোৰ এনে দুঃসাহসক ধিক্কাৰ জনাই খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাত অহর্নিশে ব্রতী হৈ অহা মুখ্যমন্ত্রী ড° শৰ্মাৰ সমর্থনত  প্রান্তে প্রান্তে বিভিন্ন দল-সংগঠন ৰাজপথলৈ ওলাই আহিল। ধর্মীয় মেৰুকৰণেৰে সাম্প্রদায়িক বিষবাষ্প বিয়পোৱাৰ কুটিল ষড়যন্ত্রত লিপ্ত হোৱা জমিয়ত উলেমাক নিষিদ্ধ আৰু সংগঠনটোৰ মুৰব্বী মৌলানা মাহমুদ মাদানীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন হয়। প্রতিবাদী কাৰ্যসূচীৰ মাজতে প্ৰতিবাদকাৰীসকলে খিলঞ্জীয়া অসমীয়াৰ আবেগ-অনুভূতিক পদাঘাত কৰা জমিয়ত উলেমাৰ সভাপতি মৌলানা মাহমুদ মাদানীৰ পুত্তলিকা দাহ কৰে। ইয়াৰ সমান্তৰালভাৱে ‘অসমত মিঞাৰ দদপনি নচলিব, খিলঞ্জীয়াৰ আধিপত্য লাগিবই, মৌলানা মাহমুদ মাদানী মুর্দাবাদ, জমিয়ত উলেমা মুর্দাবাদ’ আদি ধ্বনিৰে ৰাজ্যৰ আকাশ-বতাহ মুখৰ হৈ পৰে। মুখ্যমন্ত্রী ড° শৰ্মাক গ্ৰেপ্তাৰ-অপসাৰণৰ দাবীৰে কাৰ্যকৰী কমিটীৰ বৈঠকত প্ৰস্তাৱ গ্ৰহণ কৰা জমিয়ত উলেমা আৰু মৌলানা মাহমুদ মাদানীক প্রতিটো প্রতিবাদকাৰী জাতীয় দল-সংগঠনে শেষ সকীয়নি প্রদান কৰে। প্ৰতিবাদকাৰী সংগঠনসমূহৰ ভিতৰত অন্যতম আছিল সদৌ টাই আহোম ছাত্র সন্থা, বীৰ লাচিত সেনা, সদৌ অসম চুতীয়া জাতি ছাত্র সন্থা, সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থা, সদৌ অসম গোর্খা ছাত্র সস্থা, সদৌ অসম কোচ ৰাজবংশী ছাত্র সন্থা, সদৌ অসম নাথ-যোগী ছাত্র সন্থা, অসমীয়া যুৱ মঞ্চ, টাই আহোম যুৱ পৰিষদ আৰু গুৱাহাটী বিশ্ববিদ্যালয় ষ্টুডেন্টছ ছ’চাইটী।

তদুপৰি আন বিভিন্ন দল-সংগঠন আৰু ব্যক্তিবিশেষে জমিয়ত উলেমাৰ অসমবিৰোধী দুদ্ধাৰ্যক একমুখে ধিক্কাৰ দিছে।  ৰাজ্যৰ অন্যান্য প্রান্তৰ লগতে গুৱাহাটী মহানগৰীতো জমিয়ত উলেমাৰ বিৰুদ্ধে বিভিন্ন জাতীয় দল-সংগঠনে তীব্র প্রতিবাদ সাব্যস্ত কবে। মহানগৰীৰ কাহিলিপাৰাত টাই আহোম যুৱ পৰিষদ আৰু স্থানীয় ৰাইজৰ উদ্যোগত ৰূপায়ণ কৰা হয় প্রতিবাদী কাৰ্যসূচী। জমিয়ত উলেমাৰ মুৰব্বী মৌলানা মাহমুদ মাদানীৰ প্রতিকৃতিত চেণ্ডেলৰ মলা পিন্ধাই দাহ কৰা হয়। অসমৰ অবৈধ বাংলাদেশী নাগৰিকৰ সমস্যা অতি ভয়ংকৰ বুলি উল্লেখ কৰি প্রতিবাদস্থলীত টাই আহোম যুৱ পৰিষদৰ নেতৃত্বই কয় যে অসমত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্রী ড° শর্মাই যি সাহসী পদক্ষেপ গ্রহণ কৰি আছে, তাক প্রতিজন খিলঞ্জীয়া অসমীয়াই সমর্থন জনাইছে। কিন্তু মৌলবাদী সংগঠনৰ নেতা মৌলানা মাহমুদ মাদানী নামৰ এজন বহিৰাগত ব্যক্তিয়ে অসম তথা ভাৰতত ভাতৃঘাতী সংঘৰ্ষৰ সূচনা কৰাৰ চেষ্টা চলাই আছে। অসমৰ মুখ্যমন্ত্রীক কোনোবা মৌলানা মাহমুদ মাদানীয়ে তুচ্ছ-তাচ্ছিল্য কৰিব সেয়া আমি সহ্য নকৰোঁ। টাই আহোম যুৱ পৰিষদে জমিয়ত উলেমা তথা সংগঠনটোৰ সভাপতি মৌলানা মাহমুদ মাদানীক মুখ্যমন্ত্রী ড° শৰ্মাৰ ওচৰত ক্ষমা বিচাৰিবলৈ দাবী জনায়। অন্যথা অসমত মৌলানা মাহমুদ মাদানীৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ দিয়ে। গুৱাহাটী বিশ্ববিদ্যালয়তো জমিয়ত উলেমাৰ বিৰুদ্ধে ষ্টুডেন্টছ ছ’চাইটীয়ে তীব্র প্রতিবাদ সাব্যস্ত কৰে। বিশ্ববিদ্যালয়ৰ তোৰণৰ সন্মুখত ষ্টুডেন্টছ ছ’চাইটীৰ উদ্যোগত ৰূপায়িত প্রতিবাদী কাৰ্যসূচীৰ মাজতে কংগ্ৰেছৰ ঘনিষ্ঠ সংগঠনটোৰ মুৰব্বী মৌলানা মাহমুদ মাদানীৰ পুত্তলিকা দাহ কৰা হয়। প্রতিবাদকাৰীসকলে বাংলাদেশী গ’ বেক, মৌলানা মাহমুদ মাদানী গ’ বেক আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। গুৱাহাটী বিশ্ববিদ্যালয় স্টুডেন্টছ ছ’চাইটীয়ে জমিয়ত উলেমাক নিষিদ্ধ ঘোষণা আৰু সংগঠনটোৰ মুৰব্বী মৌলানা মাহমুদ মাদানীক গ্ৰেপ্তাৰৰ দাবী জনায়।