অসমৰ মাটিত পথ নিৰ্মাণৰ বিৰোধিতা কংগ্ৰেছৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ মাটিত পথ নিৰ্মাণৰ বিৰোধিতা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ নিৰ্দেশক্ৰমে প্ৰদেশ কংগ্ৰেছৰ এটি প্ৰতিনিধি দলে অসম- অৰুণাচল প্ৰদেশৰ সীমান্তত থকা মিংমাং অঞ্চল ভ্ৰমণ কৰে আৰু সীমান্তত থকা অসমবাসীৰ সমস্যাৰ বুজ লয় ৷ সীমান্তত অৰুণাচলে একপক্ষীয় ভাবে পথ নিৰ্মাণ কৰি থকাৰ প্ৰতিবাদ কৰা অসমৰ বাসিন্দাসকলক অৰুণাচলী দুৰ্বৃত্তই সঘনে ভাবুকি প্ৰদান কৰা বুলিও সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজে প্ৰতিনিধি দলটোক অৱগত কৰে ৷ আনকি যোৱা ২৫ জানুৱাৰীত অসমৰ ভুমিত অৰুণাচল প্ৰদেশ চৰকাৰে কৰি থকা পথ নিৰ্মাণৰ বিৰোধিতা কৰা অসমৰ বাসিন্দালৈ অৰুণাচলী দুৰ্বৃত্তই গুলীচালনাও কৰে ৷ প্ৰদেশ কংগ্ৰেছৰ দলটোৱে গোটেই সমস্যাবোৰৰ বুজ লৈ শীঘ্ৰে অসম অৰুণাচলৰ সীমা সমস্যা সমাধান কৰাৰ লগতে অসমৰ ভুমিত অৰুণাচলৰ পথ নিৰ্মাণ বন্ধ কৰিবলৈ দাবী উত্থাপন কৰে ৷ প্ৰতিনিধি দলটোত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ কুমাৰ শৰ্মা , প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ক্ৰমে ৰামান্না বৰুৱা আৰু শৈলেন সোণোৱাল , হেমহৰি পেগু , ধেমাজী জিলা কংগ্ৰেছৰ সভাপতি মহেন্দ্ৰ বুঢ়াগোহাঁইকে ধৰি জিলা কংগ্ৰেছৰ কেবাজনো সদস্য আছিল ৷