অসমৰ মহিলা নিৰাপদ নহয়ঃববিতা শৰ্মা
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰেছমিট সম্বোধন কৰে এ পি চি চিৰ উপ-সভাপতি ববিতা শৰ্মা, এ পি চি চিৰ ছচিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ৰাতুল কলিতা আৰু এ পি চি চিৰ মুখপাত্ৰ বৰ্ণালী ফুকনে।আজিৰ প্ৰেছমিটত ববিতা শৰ্মাই কয় যে,এই মঞ্চৰ পৰাই সংবাদ মাধ্যমৰ সন্মুখত দিনে দিনে নাৰীৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধৰ প্ৰতিবাদত অহৰহ কথা কবলগীয়া হোৱাটো লজ্জাজনক আৰু গুৰুতৰ চিন্তাৰ বিষয় হিচাপে আমি অনুভৱ কৰোঁ। এনে অপৰাধে আমাৰ তথাকথিত সভ্য সমাজৰ অৱস্থাৰ বিষয়ে বহু কথাই প্ৰকাশ কৰিছে। ধিঙৰ কণমানি ছোৱালীজনীৰ বিৰুদ্ধে হোৱা জঘন্য অপৰাধ কাণ্ডক অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তীব্ৰ গৰিহণা দি অপৰাধ সংঘটিত কৰা দোষীৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা লোৱাৰ দাবী জনাইছো।অসমৰ বিজেপি চৰকাৰৰ মুৰব্বী মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱা দুমাহত সংঘটিত হোৱা এনে ঘটনাৰ নাম তালিকাভুক্ত কৰি অসমৰ মহিলা নিৰাপদ নহয় বুলি স্বীকাৰোক্তি দিয়াটোও গভীৰ চিন্তাৰ বিষয়! তেওঁ নিজে ছ’চিয়েল মিডিয়াত তালিকাখন পঢ়ি শুনাই জনাইছে যে বিজেপিৰ শাসনত অসমৰ নাৰী নিৰাপদ নহয়। তেনেহলে এয়া অসমত মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত আইন-শৃংখলাৰ ব্যৰ্থতা হোৱাটো সৰ্বোচ্চ কৰ্তৃপক্ষৰ স্বীকাৰোক্তি নহয়নে? এয়া আমাৰ ৰাজ্যৰ নাৰীক সুৰক্ষা দিয়াত অসম আৰক্ষী আৰু প্ৰশাসন ব্যৰ্থ হোৱাটো স্বীকাৰোক্তি নহয়নে?তদুপৰি এইবোৰ কেৱল পঞ্জীয়নভুক্ত গোচৰ আৰু এনেকুৱা আৰু বহুতো পঞ্জীয়নবিহীন গোচৰ আছে। সেয়েহে অসমত বিজেপিৰ শাসনৰ যোৱা ৮-৯ বছৰত অসমৰ বিভিন্ন জিলাত অসংখ্য নাৰী ধৰ্ষণ, হত্যা আৰু নিৰ্যাতনৰ বলি হৈছে। বহু ক্ষেত্ৰত গ্ৰেপ্তাৰ হোৱাৰ পাছত অপৰাধীয়ে পুনৰ মুকলি হবলৈ সক্ষম হোৱাটোও ক্ষোভৰ বিষয়। তলত গোচৰৰ তথ্য, গ্ৰেপ্তাৰ আৰু শাস্তিৰ হাৰ (courtsey- Dainik Asom) উদাহৰণ স্বৰূপে দিয়া হৈছে। ২০১৮ চনত ২৭৬৮৭ পঞ্জীয়ন কৰা গোচৰ, ৩০০৯৪ জনক গ্ৰেপ্তাৰ কৰা হৈছিল, অপৰাধৰ হাৰ আছিল ১.০৮ শতাংশ।২০১৯ চনত ৩০০২৫ পঞ্জীয়ন কৰা গোচৰ, ৪৪২৩২ জনক গ্ৰেপ্তাৰ কৰা হৈছিল, অপৰাধৰ হাৰ আছিল ০.৯৫ শতাংশ ২০২০ চনত ২৬৩৫২ পঞ্জীয়ন কৰা গোচৰ আৰু ৩৩৫৩৭ জনক গ্ৰেপ্তাৰ কৰা হৈছিল, অপৰাধৰ হাৰ আছিল ০.৫৩ শতাংশ। ২০২১ চনত ২৯০৪৬ পঞ্জীয়ন কৰা গোচৰ আৰু ৩৪৯২৩ জনক গ্ৰেপ্তাৰ কৰা হৈছিল, অপৰাধৰ হাৰ আছিল ০.৫০ শতাংশ।২০২২ চনত ১৪১৪৮ পঞ্জীয়ন কৰা গোচৰ আৰু ১৯৭৮৯ জনক গ্ৰেপ্তাৰ কৰা হৈছিল, অপৰাধৰ হাৰ আছিল ৩.৬১ শতাংশ। গতিকে ইয়াত উত্থাপিত প্ৰশ্নটো হ’ল অসমত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ ৰোধৰ বাবে চৰকাৰে কি কৰিছে? মহিলাৰ বিৰুদ্ধে অপৰাধৰ সৈতে এক নিৰাপদ পৰিৱেশৰ ওতঃপ্ৰোত সম্পৰ্ক আছে – ষ্ট্ৰীট লাইটৰ ব্যৱস্থা, কৌশলগতভাবে বিশেষ স্থানত চিচিটিভিৰ ব্যৱস্থা, মহিলা সুৰক্ষা বাবে এপচ আৰু হেল্পলাইন নম্বৰৰ উপলব্ধতা। কিন্তু বিজেপি চৰকাৰে মহিলাৰ সুৰক্ষাৰ বাবে এই প্ৰয়োজনীয়তাসমূহ প্ৰদান কৰিবলৈ সক্ষম হৈছেনে? খোদ গুৱাহাটীতে আমি দেখিছোঁ স্মাৰ্ট চিটি প্ৰকল্পৰ নামত কোটি কোটি টকা মহানগৰ আৰু ইয়াৰ আশে-পাশে চিচিটিভি স্থাপনৰ বাবে অনুমোদন দিয়া হৈছিল। কি হ’ল অনুমোদিত চিচিটিভিবোৰৰ? সেইবোৰ ইনষ্টল কৰা হৈছে নে? আমি দেখিলোঁ যে মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী ড. দ্ৰৌপদী মুৰ্মুৱে ২০২৩ চনৰ এপ্ৰিল মাহত মহিলা সুৰক্ষা এপচ এটা উদ্বোধন কৰিছিল। ইয়াক জনপ্ৰিয় কৰাৰ বাবে চৰকাৰে পদক্ষেপ লৈছে নে? অসমৰ মহিলাসকলো ইয়াৰ বিষয়ে সচেতন নে? এই এপচে এতিয়াও কাম কৰি আছে নে নাই? এইদৰে বাৰে বাৰে ঘোষণা কৰা আন মহিলা সুৰক্ষা এপবোৰৰ চৰকাৰে কি ক’ব? মাত্ৰ যেতিয়া এনে ঘটনা সংঘটিত হয়, তেতিয়াহে চৰকাৰৰ এনে কথাবোৰ মনলৈ আহে কিন্তু কাৰ্যক্ষেত্ৰত একো কৰা নাই, কেইমাহমানৰ পাছত সকলো পাহৰি যায় কিয়? ইয়াৰ বাবে কোন জবাবদিহি হ’ব এনেধৰণৰ অপৰাধ সংঘটিত হ’লেই সদায় বোবা দৰ্শক হৈ থকা সংগঠন, অসমৰ মহিলা আয়োগৰ ভূমিকাক লৈ আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছো। মহিলা আয়োগৰ অধ্যক্ষ কোন আমি জানো নে? ইয়াৰ সদস্য কোন? যেতিয়াই নাৰীৰ বিৰুদ্ধে এনে কোনো অপৰাধ হয় আমি মহিলা আয়োগৰ কোনো কাৰ্যকলাপ দেখা নাপাওঁ কিয়? ইটো কিন্তু আমাৰ ৰাইজৰ কৰৰ ধনেৰে পৰিচালিত। সংবাদ মাধ্যমেও অসমৰ নাৰীৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত মহিলা আয়োগৰ সন্দেহজনক ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰা উচিত। অসমত মহিলাৰ বিৰুদ্ধে অপৰাধ ক্ৰমাৎ বৃদ্ধি পাইছে বুলি বিজেপি চৰকাৰে নিজেই স্বীকাৰ কৰাৰ বাবেই আমি দাবী জনাইছো যে অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ বিস্তৃত প্ৰতিবেদন আৰু বিগত ১০ টা এনে অপৰাধ ৰোধৰ বাবে লোৱা পদক্ষেপৰ সৈতে, এই পদক্ষেপ কাৰ্যকৰী কৰিব বিচৰা সময় উল্লেখ কৰি শ্বেতপত্ৰ দাখিল কৰা হওক। এই দাবীক বিজেপি চৰকাৰে কেৱল ৰাজনৈতিক দলৰ মঞ্চৰ দাবী হিচাপে লোৱা উচিত নহয়, বৰঞ্চ অসমৰ নিৰাপদ আৰু সুৰক্ষিত জীৱন যাপন কৰিব বিচৰা প্ৰতিগৰাকী মাতৃ, প্ৰতিগৰাকী ভগ্নী আৰু প্ৰতিগৰাকী কন্যাৰ দাবী হিচাপে লোৱা উচিত।সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ চ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই আইন শৃংখলা ৰক্ষাত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ দলিল দাঙি ধৰে। ২০২৩ চনৰ মাৰ্চ মাহত অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত আইন শৃংখলাজনিত কাৰ্যৰ ওপৰত দিয়া লিখিত প্ৰতিবেদনৰ সমূহ তথ্য দাঙি ধৰে।২০১৬ ৰ পৰা ২৮ ফেব্ৰুৱাৰী, ২০২৩ লৈ সৰ্বমুঠ ধৰ্ষণ কাণ্ডৰ গোচৰ ৰুজু হৈছে ১২,৭২৬টা। অৰ্থাৎ প্ৰতি বছৰে গড়ে ১৮১৮ টা গোচৰ। ইয়াৰে গুৱাহাটীতে ৪৫২টা গোচৰ ৰুজু হৈছে। অসমত নাৰীজনিত অপৰাধৰ সৰ্বমুঠ গোচৰ ৰুজু হৈছে- ১,৭০,১৭৪ টা। ইয়াৰে ৩৯,০৭৫ টা গোচৰ নাৰী জনিত অপহৰণ, ৮,৩৫৮ টা হত্যাৰ গোচৰ, ১,০৩,২৯৬ টা চুৰিকাণ্ডৰ গোচৰ, ১১৫৮ টা ডকাইতিৰ গোচৰ, ৯৫৭৮ টা গোচৰ লুটপাটৰ, ১৮,৭৬৪ টা গোচৰ আত্মহত্যাৰ গোচৰ ৰুজু হৈছে। কেৱল ২০২২ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী দুটা মাহতে নাৰীজনিত অপৰাধৰ গোচৰ ৰুজু হৈছে ৩৪৬৮টা। কেৱল মাত্ৰ গুৱাহাটী মহানগৰত নাৰী জনিত অপৰাধৰ গোচৰ ৰুজু হৈছে সৰ্বমুঠ ৮৭০০টা। ৩১৫৩ টা অপহৰণৰ গোচৰ, ৫১৯ টা হত্যাৰ গোচৰ, ২৬,৭৪২ টা গোচৰ চুৰিৰ, ৫৩টা ডকাইটিৰ গোচৰ, ৩৩৬৬টা গোচৰ লুটপাটৰ আৰু ২৫২৭টা আত্মহাত্যাৰ গোচৰ ৰুজু হৈছে। ২০২১ চনত মহিলা জনিত অপৰাধৰ ৰাষ্ট্ৰীয় হাৰ আছিল প্ৰতি ১ লাখৰ বিপৰীতে ৬৪.৫। অসমত এই হাৰ ১৬৮.৩ৰে শীৰ্ষত, ১৪৭.৬ হাৰৰ সৈতে দিল্লী দ্বিতীয় আৰু ১৩৭.৮ হাৰেৰে উৰিষ্যা তৃতীয় স্থানত আছিল। অসমত এই হাৰ ২০১৭ চনত ১৪৩.৬, ২০১৮ চনত ১৬৬, ২০১৯ চনত ১৭৭, ২০২১ চনত ১৬৮.৩ আৰু ২০২২ চনত আছিল ১৫৪.৩।বিগত ৯ বছৰত ৰাজ্যত বিজেপি চৰকাৰ আৰু কেন্দ্ৰটো বিজেপি চৰকাৰ পিছতো কিয় অসমত নাৰীজনিত অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে, সেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্পষ্ট কৰিবলৈ দাবী জনাই ৰাতুল কলিতাই।অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ মুখপাত্ৰ বৰ্ণালী ফুকনে নাৰীক সুৰক্ষা দিব নোৱাৰা বিজেপি চৰকাৰক ধিক্কাৰ জনাই কয় যে বিগত ডেৰমাহত অসমত সংঘটিত হোৱা ২৩ নাৰীজনিত অপৰাধে বিজেপি চৰকাৰৰ ফোপোলা স্বৰূপ উদঙাইছে। তেওঁ চৰকাৰক দাবী জনাই যে ধৰ্ষণকাৰীক এনে দৃষ্টান্তমূলক শাস্তি বিহিব লাগে যাতে নাৰীৰ উপৰত লুলুপ দৃষ্টি ৰখা প্ৰতিজনৰ বুকু কঁপি উঠে। মুখ্যমন্ত্ৰীয়ে লোকসভা নিৰ্বাচনৰ পিছত নাৰীজনীত অপৰাধ বৃদ্ধি পোৱা আৰু তেখেতে কৰা সাম্প্ৰদায়িক মন্তব্যক গৰিহণা দি কয় যে নাৰীজনীত অপৰাধত সাম্প্ৰদায়িক ৰাজনীতি কৰাটো অনুচিত। ইণ্ডিয়া টুডেৰ উধৃতি দি বিজেপি দলটোত সৰ্বাধিক নাৰীজনীত অপৰাধত অপৰাধী সাংসদ-বিধায়ক আছে বুলিও তেওঁ কয়। বিজেপিৰ নিজ দলৰে ৰাজ্যিক মহিলা নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰেও ন্যায় নাপালে আৰু অভিযুক্ত আজিও মুকলি আকাশৰ তলত আছে বুলিও তেওঁ কয়। গতিকে অসমৰ নাৰীক কি সুৰক্ষা দিব বুলিও প্ৰশ্ন কৰে ফুকনে। তিনিচুকীয়াৰ বৰডুবিত তেৰ বছৰীয়া কণমানিক ধৰ্ষণ কৰা বিজেপি নেতা আজিও পলাতক। মুঠতে বিজেপি চৰকাৰে নাৰীক সুৰক্ষা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলিও তেওঁ কয়।