অসমৰ ভূমিত পুনৰ চলিছে নগাৰ আগ্ৰাসন

অসমৰ ভূমিত পুনৰ চলিছে নগাৰ আগ্ৰাসন

ৰঙিলী বাৰ্ত্তাসেৱা- অসম-মেঘালয়ৰ সীমা বিবাদক লৈ উত্তেজনা চলি থকাৰ মাজতেই এইবাৰ অসমৰ ভূমিত পুনৰ চলিছে নগাৰ আগ্ৰাসন। মেঘালয়ৰ পিছত নাজিৰাৰ নাগালেণ্ড সীমান্তত আজি পুৱাই হয় এক উত্তেজনা। নাজিৰাৰ বিহুবৰত নগা আৰক্ষীয়ে ভাঙিলে ১২খনকৈ হোটেল, দোকান। ঔগুৰিজানত পুৱাই নগা আৰক্ষীয়ে এক্সকেভেটৰেৰে ভাঙিলে ১২খনকৈ দোকান-পোহাৰ। অসমৰ মাটিত নাগালেণ্ড প্ৰশাসনৰ অভিযানক লৈ আজি পুৱাই বিহুবৰৰ ঔগুৰিজানত সৃষ্টি হয় উত্তেজনা। দোকান-পোহাৰসমূহত সুৰাৰ অবাধ প্ৰচলন চলাৰ অভিযোগ নাগালেণ্ডৰ। চুবুৰীয়া ৰাজ্যৰ সকীয়নিৰ বিপৰীতে নীৰৱ ভূমিকা গ্ৰহণ কৰি আছিল নাজিৰা মহকুমা প্ৰশাসন, বিহুবৰ আৰক্ষী থানাই। দুদিন পূৰ্বে নাজিৰা প্ৰশাসনৰ স্থিতি নস্যাৎ কৰি নাগিনীমৰা প্ৰশাসনে দিছিল সকীয়নি। আজি পুৱাই  নগা আৰক্ষীয়ে অতৰ্কিত উচ্ছেদ চলাই বিহুবৰৰ ঔগুৰিজানত। দীৰ্ঘদিন ধৰি বিহুবৰৰ ঔগুৰিজান নিজৰ বুলি দাবী কৰি আহিছে নাগালেণ্ডে।