অসমৰ বিদ্যালয়ত বন্ধ হ’ব চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি

অসমৰ বিদ্যালয়ত বন্ধ হ’ব চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ বিদ্যালয়ত বন্ধ হ’ব চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি। মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত শিক্ষাৰ্থীৰ নামভৰ্তিৰ ৰেহাই মাচুল বিদ্যালয়সমূহক প্ৰদান কৰা অনুষ্ঠানত অংশ লৈ সাংবাদিকৰে হোৱা বার্তালাপত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে চতুৰ্থবৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিদ্যালয়-মহাবিদ্যালয়ৰ অধ্যক্ষ-শিক্ষক সমাজৰ মতামত গ্রহণ কৰিব। উল্লেখ্য যে শিক্ষানুষ্ঠানত চতুৰ্থবৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত যথেষ্ট বেমেজালিৰ সৃষ্টি হৈছিল। বহু শিক্ষানুষ্ঠানে চতুৰ্থবৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ পৰিৱৰ্তে তৃতীয়বৰ্গৰ কৰ্মচাৰী নিযুক্তি দিয়াৰো পোষকতা কৰিছিল। তদুপৰি গ্ৰাম্য এলেকাৰ বহু বিদ্যালয়ে নিজাববীয়াকৈ চতুৰ্থবৰ্গৰ কৰ্মচাৰীক নিযুক্তি দি ৰাখিছিল। বিষয়টোক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কৰ মাজতে  শিক্ষামন্ত্ৰীয়ে উল্লেখ কৰে যে চতুৰ্থবৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ। সেয়েহে বিদ্যালয় আৰু মহাবিদ্যালয়ত চতুৰ্থবৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ দায়িত্ব সংশ্লিষ্ট শিক্ষানুষ্ঠানক প্রদান কৰা হ’ব। শিক্ষা বিভাগে কেৱল উক্ত পদৰ বিপৰীতে দৰমহা আদায় দি থাকিব। সংশ্লিষ্ট বিদ্যালয়সমূহে তৃতীয় পক্ষৰ সহযোগত এই পদ পূৰণ কৰিব পাৰিব। শিক্ষা বিভাগৰ অধীনত প্রায় ৫০ হাজাৰতকৈ অধিক বিদ্যালয়-মহাবিদ্যালয় আছে। গতিকে এই শিক্ষানুষ্ঠানসমূহক চতুৰ্থবৰ্গৰ পদ পূৰণৰ ক্ষেত্ৰত বিভাগে আঁতৰি থকাৰ বিপৰীতে কর্তৃপক্ষই তৃতীয়পক্ষৰ জৰিয়তে নিযুক্তি প্রক্রিয়া সম্পূৰ্ণ কৰিব পাৰিব। অৱশ্যে এটা শিক্ষা বিভাগ বা অসম চৰকাৰৰ সিদ্ধান্ত নহয়। এইক্ষেত্রত বিদ্যালয়- মহাবিদ্যালয়সমূহৰ পৰা পৰামৰ্শ গ্ৰহণ কৰা হ’ব। অহা ৩০ নৱেম্বৰত মহাবিদ্যালয়সমূহৰ অধ্যক্ষৰ পৰা প্ৰথমটো মতামত গ্ৰহণ কৰা হ’ব। উল্লেখ্য যে চতুৰ্থবৰ্গৰ কৰ্মচাৰী নিয়োগৰ ক্ষেত্ৰত বিদ্যালয়সমূহক বিত্ত বিভাগৰ নিয়মাবলী অনুসৰি বাহ্যিক উৎসৰ জৰিয়তে নিযুক্তি প্রক্রিয়া সম্পন্ন কৰিবলৈ শেহতীয়াকৈ এক অনানুষ্ঠানিক বার্তা প্ৰেৰণ কৰা হৈছে। যাৰ জৰিয়তে স্থানীয় যুৱক-যুৱতীসকলে নিযুক্তি লাভ কৰে, সেই দিশটোতো গুৰুত্ব প্রদান কৰা হৈছে। ইফালে বিদ্যালয়সমূহক ৰেহাই মাচুল প্রদান কৰা অনুষ্ঠানত উপস্থিত থকা শিক্ষকসকলক উদ্দেশ্যি শিক্ষামন্ত্ৰীগৰাকীয়ে কটাক্ষ কৰি কয় যে শিক্ষাসেতু এপ ব্যৱহাৰ কৰিবলৈ একাংশ শিক্ষকে আপত্তি দর্শাই আহিছে যদিও এইসকল শিক্ষকে কিন্তু ফেচবুক, হোৱাটএপছ ব্যৱহাৰ কৰোঁতে কোনো অসুবিধা পোৱা নাই। কিন্তু শিক্ষাসেতু এপ ব্যৱহাৰ কৰাত এই শিক্ষকসকলৰ কি অসুবিধা হয় সেয়া আচৰিত বিষয়। প্ৰতিগৰাকী শিক্ষাগুৰুক মন্ত্রী ডাঃ ৰণোজ পেগুৱে শিক্ষাসেতু এপ ব্যৱহাৰ কৰি বিভাগত হৈ থকা যুগান্তকাৰী পৰিৱৰ্তনৰ অংশীদাৰ হ’বলৈও আহ্বান জনায়। মন কৰিব লগা যে বিভিন্ন অজুহাতত একাংশ শিক্ষকে শিক্ষাসেতু এপ ব্যৱহাৰৰ পৰা আঁতৰি আছে। কাৰিকৰী বিসংগতি তথা শিক্ষাসেতু এপে শিক্ষকৰ বিদ্যালয়ত উপস্থিতি সঠিকভাবে দেখুৱাব পৰা নাই বুলিও এইসকল শিক্ষকে অভিযোগ কৰি আহিছে। এনে শিক্ষকসকলক উদ্দেশ্যি শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰে যে একাংশ শিক্ষকে সকলো সময়তে সামাজিক মাধ্যমত সক্ৰিয় হৈ থকা পৰিলক্ষিত হয়। ইয়াৰ বিপৰীতে কিন্তু এইসকল শিক্ষকে শিক্ষাসেতু এপ ব্যৱহাৰ কৰাত অসুবিধাৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰাৰ লগতে ম’বাইল নেটৱৰ্ক দুর্বল বুলিও অজুহাত উলিয়াই ইয়াক ব্যৱহাৰৰ পৰা আঁতৰি আছে। এয়া যথেষ্ট দুর্ভাগ্যজনক বিষয়। শিক্ষকসকলে বিভাগৰ সংস্কাৰমুখী পদক্ষেপ তথা পৰিৱৰ্তনৰ পদক্ষেপসমূহৰ লগত সহযোগ কৰা উচিত বুলিও শিক্ষামন্ত্রীয়ে  মুকলি সভাতে উল্লেখ কৰে।