অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে মাধুৰ্য ৰাজ চৌধুৰীয়ে

অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে মাধুৰ্য ৰাজ চৌধুৰীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- ​অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনি এক উল্লেখনীয় কৃতিত্ব প্ৰদৰ্শন কৰিছে লখৰাস্থিত এন.পি.এছ. ইণ্টাৰনেচনেল স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ মাধুৰ্য ৰাজ চৌধুৰীয়ে। তেওঁ চি.বি.এছ.ই. ৰাষ্ট্ৰীয় ৰ’লাৰ স্কেটিং চেম্পিয়নশ্বিপ ২০২৫–২৬ত ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে। নতুন দিল্লীৰ গুৰগাঁৱত অৱস্থিত এইচ.এছ.ভি. গ্লোবেল স্কুলত ১৩ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা এই চেম্পিয়নশ্বিপত দেশৰ প্ৰায় ৮০০ স্কেটৰে অংশগ্ৰহণ কৰিছিল।​গুৱাহাটীত ৰ’লাৰ স্কেটিং প্ৰশিক্ষণৰ বাবে উপযুক্ত সুবিধাৰ অভাৱ আৰু এই খেলৰ প্ৰতি চৰকাৰৰ ন্যূনতম সমৰ্থন থকা স্বত্বেও, মাধুৰ্যৰ দৃঢ়তা, নিয়মানুৱৰ্তিতা আৰু স্ব-প্ৰেৰিত প্ৰচেষ্টাই তেওঁক ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰাত সহায় কৰিলে। ১৪ বছৰ অনুৰ্দ্ধ কুৱাড (স্পীড স্কেটিং) শাখাত প্ৰতিদ্বন্দিতা কৰি তেওঁ ১০০০ মিটাৰ ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ লগতে ৫০০ মিটাৰ দৌৰত চতুৰ্থ স্থান দখল কৰে।​এই শেহতীয়া সফলতাৰ উপৰিও, মাধুৰ্য ৰাজ চৌধুৰীয়ে চি.বি.এছ.ই. ফাৰ ইষ্ট জ’ন ৰ’লাৰ স্কেটিং চেম্পিয়নশ্বিপ, সৰ্ব অসম আন্তঃবিদ্যালয় ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ, সৰ্ব অসম ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপকে ধৰি কেইবাখনো উল্লেখযোগ্য প্ৰতিযোগিতাত সন্মানীয় সোণৰ পদক লাভ কৰি অসমেৰলৈ গৌৰৱ কঢ়িয়াই আনিছে।​মাধুৰ্য ৰাজ চৌধুৰী চান্দমাৰী কৃষ্ণ নগৰৰ নিবাসী মনোজ চৌধুৰী আৰু ডাঃ কৰবী হাজৰিকা চৌধুৰীৰ পুত্ৰ। তেওঁৰ এই সফলতাই বিদ্যালয় আৰু ৰাজ্যখনলৈ অশেষ গৌৰৱ কঢ়িয়াই অনাৰ লগতে অসমৰ উদীয়মান প্ৰতিভাসমূহৰ বাবে উন্নত ক্ৰীড়া আন্তঃগাঁথনি আৰু প্ৰতিষ্ঠানিক সমৰ্থনৰ জৰুৰী প্ৰয়োজনীয়তাকো উজ্জ্বল কৰি তুলিছে।