‘অসমৰ বান সমস্যা আৰু কেন্দ্ৰৰ বঞ্চনা’ ‘বানমুক্ত অসম বিজেপিৰ ৰাজনৈতিক শ্লোগান’- ৰিপুণ বৰা

‘অসমৰ বান সমস্যা আৰু কেন্দ্ৰৰ বঞ্চনা’ ‘বানমুক্ত অসম বিজেপিৰ ৰাজনৈতিক শ্লোগান’- ৰিপুণ বৰা

ৰঙিলী বাৰ্ত্তাসেৱা-  বানপানীত আজি বিধস্ত অসমৰ জনজীৱন। চৌদিশে বন্যাৰ্তৰ ক্ৰন্দন। হাজাৰ হাজাৰ গাওঁ আজি বানৰ কৱলত। বানপানী যেন অসমৰ মানুহৰ বাবে দুঃস্বপ্নত পৰিণত হৈছে। বিজেপি চৰকাৰৰ বানমুক্ত অসম কেৱল নিৰ্বাচনী শ্লোগানতেই সীমাবদ্ধ হৈ ৰ’ল। অসম তৃণমূল কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয়তঅনুষ্ঠিত এক সংবাদমেলত অসমৰ মানুহক বানমুক্ত কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ প্ৰতাৰণা সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে দলৰ সভাপতি ৰিপুণ বৰা। বৰাই বিজেপি চৰকাৰৰ মিথ্যাচাৰৰ কেতবোৰ তথ্যও সংবাদমেলত দাঙি ধৰে।বৰাই কয় যে, “আজি চৰকাৰৰ অকৰ্মণ্যতা আৰু চুড়ান্ত ব্যৰ্থতাৰ বাবেই অসমৰ ৰাইজে আজি বানত ককবকাই দুৰ্ভোগ ভূগিব লগীয়া হৈছে।বন্যাৰ্তৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ৰিলিফ কেম্প এতিয়াও খোলা হোৱা নাই৷ বহুত মানুহ এতিয়াও মথাউৰি আৰু ৰাজপথত সামান্য চালি আৰু তম্বু তৰি আছে৷ বানক্ৰান্ত ৰাইজৰ মাজত পৰ্যাপ্ত পৰিমাণৰ খাদ্য-সামগ্ৰী, ঔষধ, বিশুদ্ধ খোৱাপানী, শিশু খাদ্য আৰু পশু খাদ্যৰ সাংঘাতিক নাটনি হৈছে৷ লাখ-লাখ হেক্টৰ কৃষি মাটিৰ খেতিৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে বহু ঠাইত কঠিয়া সম্পূৰ্ণৰূপে বানপানীয়ে উটুৱাই লৈ গৈছে ৷ প্ৰতিবছৰেই জুন মাহৰ পৰা অসমত বানপানী হয় বুলি চৰকাৰ জ্ঞাত কিন্তু পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ চৰকাৰে কোনো আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰা দেখা নগ’ল৷ কেৱল জানুৱাৰীৰ পৰা মে’ মাহলৈকে বিজেপি চৰকাৰে কেনেকৈ গাদী দখল কৰিব পাৰে আৰু অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ তেওঁৰ ভৰিৰ তলৰ মাটি ৰাখিব পাৰে তেনে উদ্দেশ্য আগত ৰাখি লোকসভা নিৰ্বাচনতেই ব্যস্ত আছিল৷ প্ৰতিবছৰেই জুন মাহৰ পৰা অসমত বানপানী হয় বুলি চৰকাৰ জ্ঞাত যদিও এনে পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাক চৰকাৰে কোনো আগতীয়া প্ৰস্তুতি কৰা দেখা নগ’ল৷ কেৱল জানুৱাৰীৰ পৰা মে’ মাহলৈকে বিজেপি চৰকাৰে কেনেকৈ গাদী দখল কৰিব পাৰে আৰু অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ তেওঁৰ ভৰিৰ তলৰ মাটি ৰাখিব পাৰে তেনে উদ্দেশ্য আগত ৰাখি লোকসভা নিৰ্বাচনতেই ব্যস্ত থাকিল।”বিজেপি শাসনাধীন কেন্দ্ৰীয় চৰকাৰৰ বঞ্চনাৰ সন্দৰ্ভতো বৰাই কয় যে,” পুখুৰী খান্দি অসমৰ বানপানী নিয়ন্ত্ৰণ কৰিবলৈ পৰামৰ্শ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমৰ ৰাইজক আৰু অসমৰ এই দীৰ্ঘদিনীয়া ভয়াবহ বান সমস্যাক ভেঙুচালি কৰিছে৷ অসমক ভাৰতৰ প্ৰথম 5 খন ৰাজ্যৰ এখন কৰিম বুলি দাংকোপ মৰা আৰু সকলো কথাতে ভাৰতৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি নিজকে জাহিৰ কৰিবলৈ অহৰহ চেষ্টা চলোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কিয় বানপানীৰ নামত অসমৰ প্ৰাপ্য ধন বিজেপি চৰকাৰৰ পৰা মোকোলাই আনিব পৰা নাই? বিগত পাঁচ বছৰে অসমে বিচৰা ১০,৭৮৫.৩৮ কোটি টকাৰ বিপৰীতে কেন্দ্ৰই মাত্ৰ ২৫০.৩১ কোটি টকাহে মোকলাই দিলে কেন্দ্ৰীয় চৰকাৰে? এই সকলো প্ৰশ্নৰ উত্তৰ দিব নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ?অসমৰ বন্যাৰ্ত ৰাইজৰ বুকুত জ্বলি থকা প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব পৰা সৎ সাহস মুখ্যমন্ত্ৰীৰ আছেনে?গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সন্দৰ্ভতো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে সভাপতি বৰাই। ইয়াৰ ওপৰিও বন্যাৰ্ত ৰাইজৰ সহায়ৰ বাবে অসম তৃণমূল কংগ্ৰেছৰ প্ৰত্যেকগৰাকী সদস্যক আগবাঢ়ি যাবলৈও আহ্বান জনালে বৰাই।