অসমৰ বান বিধ্বস্ত এলেকা চাবলৈ নহা প্ৰধানমন্ত্ৰীক গৰিহণা জ্যেষ্ঠ কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙৰ

অসমৰ বান বিধ্বস্ত এলেকা চাবলৈ নহা প্ৰধানমন্ত্ৰীক গৰিহণা জ্যেষ্ঠ কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ভয়াৱহ বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি অভিযোগ কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে। জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে কয় যে অসমত পূৰ্বতে হোৱা বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেই সময়ৰ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে যৎপৰোনাস্তি চেষ্টা চলোৱাই নহয়, অসমৰ বানবিধ্বস্ত এলেকাসমূহ পৰিভ্ৰমণ কৰিছিল। কিন্তু বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বানাক্ৰান্ত এলেকালৈ গৈ মানুহৰ দুখ-দুৰ্গতিৰ বুজ লোৱাতো বাদেই পৰ্যাপ্ত পৰিমাণে সাহায্যও মুকলি কৰি দিয়া নাই। এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো প্ৰতিনিধি অসমলৈ নহাতো তেওঁ দুৰ্ভাগ্যজনক আখ্যা দিয়ে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, বিৰোধী দলৰ নেতা, সকলো সাংসদ, বিধায়ক আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলক বানত ক্ষতিগ্ৰস্ত এলেকালৈ গৈ ৰাইজক সহায় কৰিবলৈ জিতেন্দ্ৰ সিং ডাঙৰীয়াই নিৰ্দেশ জাৰি কৰিছে। নিখিল ভাৰত কংগ্ৰেছৰ তৰফৰ পৰা অসমৰ বান-পীড়িত ৰাইজক সকলোধৰণৰ সহায়-সাহায্য কৰাৰ কথাও জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে ঘোষণা কৰিছে। ইফালে, অসম কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰায়ো অসমৰ সকলো কংগ্ৰেছ কৰ্মীক বন্যাৰ্ত অঞ্চললৈ যাবলৈ আহ্বান জনায় আৰু সাধ্যনুসৰি সহায় কৰিবলৈ অনুৰোধ কৰে। সভাপতি ভূপেন বৰাই আজি শোণিতপুৰ জিলাৰ বান-বিধ্বস্ত এলেকাসমূহৰ পৰিস্থিতি বুজ লয়। সভাপতি বৰাই তেজপুৰৰ কলীবাৰীত বানপানীত মোলান দাস নামৰ এজন যুৱক উটি যোৱা ঘটনাৰ বুজ লয় আৰু উদ্ধাৰকাৰী দলটোৱে বিশেষ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে। উদ্ধাৰকাৰী দলটো এক-ডেৰঘণ্টা থাকিয়েই ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি যোৱা যুৱকজনৰ সন্ধান কৰিবলৈ বাদ দিয়ে বুলি অভিযোগ কৰি জিলা আয়ুক্তৰ সৈতে এই সন্দৰ্ভত বাৰ্তালাপ কৰে। ইফালে, সমগ্ৰ ঘটনাটোৰ প্ৰশাসনৰ গাফিলতিৰ ফলতে হোৱা বুলিও অভিযোগ কৰিছে শোণিতপুৰ জিলা কংগ্ৰেছে। শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিয়ে এই ঘটনাৰ তদন্ত দাবী কৰে।