অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল’লে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্রধানমন্ত্রী মোদীয়ে বান পৰিস্থিতিৰ বুজ লোৱাৰ তথ্য প্রকাশ কৰে। সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড° শর্মাই লিখিছে- কিছুসময় আগতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মোক ফোন কৰি অসমৰ বান পৰিস্থিতিৰ বিষয়ে বুজ লৈছিল। অসম তথা দাঁতিকাষৰীয়া ৰাজ্যসমূহত ধাৰাবাহিক বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হৈছে আৰু বহু লোকৰ জীৱনত এই বানে কিদৰে প্ৰভাৱ পেলাইছে সেই বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰা হ’ল। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য অভিযানৰ বিষয়ে তেওঁক অৱগত কৰিলোঁ। প্রধানমন্ত্রী মোদীয়ে উদ্বেগ প্রকাশ কৰি আমাৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ প্ৰচেষ্টাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্পূর্ণ সমর্থনৰ আশ্বাস দিয়ে। তেওঁৰ পথ প্ৰদৰ্শন আৰু অসমবাসীৰ প্ৰতি অদম্য সহায়ৰ বাবে কৃতজ্ঞ। উল্লেখ্য যে বৰাক উপত্যকাৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ কাছাৰ জিলাত উপস্থিত হোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক ফোন কৰি বান পৰিস্থিতিৰ বুজ লোৱাৰ কথা অৱগত কৰে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে এই প্রসংগত কয়- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসমৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে মোক ফোন কৰিছিল। মই বৰাক-ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাৰ বান পৰিস্থিতিৰ সবিশেষ প্ৰকাশ কৰিলোঁ। লগতে বানপীড়িত ৰাইজক দিয়া সাহায্য আৰু উদ্ধাৰ অভিযানৰ কথাও তেওঁক অৱগত কৰিছোঁ। প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সহায় কৰাৰ কথা উল্লেখ কৰিছে। আনহাতে অসমতো ৰাজ্য চৰকাৰে যিমান সম্ভৱ সহায় কৰিব।