অসমৰ বানপানী সমস্যা
হীৰক কলিতা , ছাত্ৰ , নলবাৰী মহাবিদ্যালয়
বৰ্তমান সময়ত অসমৰ মাজুলীকে ধৰি বহুকেইখন জিলাত বানপানীয়ে এক ভয়াবহ ৰূপ লৈছে । অসম হ’ল এখন নদীমাতৃক দেশ । বংগোপসাগৰৰ পৰা বলা উত্তৰ – পূব মৌচুমী বতাহে হিমালয়ত ঠেকা খাই বৰষুণৰ সৃষ্টি কৰে । ফলত নদীবোৰ সোনকালে পানীৰে পূৰ্ণ হৈ ওফন্দি উঠি কাষৰ অঞ্চলবোৰত বানপানীৰ সৃষ্টি কৰে ইয়াৰ ওপৰিও বনাঞ্চল ধ্বংস , বৰফ স্তৰৰ গলন , জধে – মধে গছ কটা আদি বহু কেইটা কাৰণৰ ফলত বানপানীৰ সৃষ্টি হয় । অসমত প্ৰতিবছৰে বানপানী হোৱা দেখা যায় আৰু এই বানপানীয়ে মানুহৰ ঘৰ – দুৱাৰ , জীৱ – জন্তু আদি নিমিষতে উটুৱাই নিয়ে । বানপানী হ’ল এক প্ৰাকৃতিক দুৰ্যোগ এই দুৰ্যোগৰ ফলত অসম প্ৰতিবছৰে অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হৈ আহিছে । বানপানী হোৱাৰ ফলত মানুহৰ লগতে জীৱ – জন্তু , চৰাই – চিৰিকটি আদি মৃত্যুৰ মুখত পৰা দেখা যায় । এই বানপানীৰ ফলত অসমৰ কৃষক সকল যথেষ্ঠ ক্ষতিগ্ৰস্ত হয় তেওঁলোকৰ খেতি – বাতি নষ্ট হয় । বানপানী হৈ যোৱাৰ পাছতো এই অঞ্চল সমূহত খাদ্য – সামগ্ৰীৰ নাটনি হয় আৰু বিভিন্ন ৰোগ যেনে : কলেৰা , টাইফয়েড , জণ্ডিচ , গ্ৰহণী , পেটৰ অসুখ আদি হয় এই ৰোগ সমূহৰ পৰা হাত সাৰিবলৈ তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে । তদুপৰি বানপানী হৈ যোৱাৰ পাছত খোৱাপানী পৰিষ্কাৰ – পৰিচ্ছন্নতাৰে খাব লাগে , মুকলিকৈ ৰখা খাদ্য বস্তু খাব নালাগে । বানপানীৰ পৰা হাত সাৰিবলৈ নদীৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বৃক্ষৰোপণ কাৰ্যসূচী , মথাউৰি বা বান্ধ নিৰ্মাণ আদি কাৰ্যসূচী হাতত লোৱা উচিত ।