অসমৰ বানপানী সমস্যা : এটি আলোকপাত
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
ব্ৰহ্মপুত্ৰ উপত্যকাৰ মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ অসংখ্য উপনদী আৰু বৰাক উপত্যকাৰ বৰাক নদী আৰু ইয়াৰ অসংখ্য উপনদীৰে ভৰপূৰ আমাৰ ৰাজ্য অসমখন এখন নদী মাতৃক দেশ। প্ৰতি বছৰে বাৰিষা কালত এই নদী আৰু উপনদীসমূহ ওফন্দি উঠি ধুবুৰীৰ পৰা সদিয়ালৈকে গোটেই অসমখন জলমগ্ন হৈ পৰাৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা বানপানী প্ৰতিৰোধী মথাউৰি সমূহ ভাঙি চিঙি যোৱাৰ ফলত হাজাৰ হাজাৰ হেক্টৰ শস্যৰ পথাৰ, সা-সম্পত্তি, বাসগৃহ ধ্বংসৰ গৰাহত পৰে। মানুহ-দুনুহ, জীৱ-জন্তু পানীত ডুবি অকাল মৃত্যু মুখত পৰে।অসংখ্য ৰাস্তা-ঘাট, দলং আদি ধ্বংস-প্ৰাপ্ত হৈ যাতায়ত ব্যৱস্থা ব্যাহত নিত্য প্ৰয়োজনীয় বস্তু-সামগ্ৰীৰ নাটনি হয়। এই সুযোগতে ক’লা বেপাৰী সকলে বয়-বস্তুৰ কৃত্ৰিম নাটনি সৃষ্টি কৰি এইবোৰৰ দাম আকাশ-লঙ্ঘী কৰে ; যাৰ ফলত নদন বদন শস্য-শ্যামলা আমাৰ অসম ৰাজ্যখন দাৰিদ্ৰ্য-পীড়িত ৰাজ্য হিচাপে শীৰ্ষস্থান পায়গৈ। বানপানী শুকাই যোৱাৰ পিছত কলেৰা ডায়েৰিয়া ইনফ্লুৱেঞ্জা মেলেৰিয়া আদি সংক্ৰামক ৰোগ গোটেই অসমতে বিয়পি পৰি জীৱন -মৃত্যুৰ এক জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হয় ; অথচ ৰাজ্যিক চৰকাৰে পৰ্যাপ্ত পৰিমাণে হাস্পাতাল ডাক্তৰ বা ঔষধ আদি নথকাৰ বাবে ঠিক মতে জৰুৰী সেৱা আগবঢ়াব নোৱাৰাৰ বাবেই ৰাইজৰ কুলাই পাচিয়ে নধৰা দুখ হয়। এয়েই হ’ল, আমাৰ ৰাজ্যৰ ভয়াৱহ বানপানী পৰিস্থিতিৰ বাস্তৱ চিত্ৰ।
চৰকাৰী তথ্য মতেই ১৯৫০ চনৰ পৰা হোৱা প্ৰলয়ংকৰী বানপানীৰ ফলত আমাৰ ৰাজ্যত বছৰি গড়ে ২০০ কোটি টকাৰ সা-সম্পত্তি ক্ষতিগ্ৰস্ত হৈ আছে। আৰু ৪.২৭ লাখ হেক্টৰ মাটি নদীৰ গৰা খহনীয়াত ধ্বংসৰ গৰাহত পৰি আছে।বছৰি ৮০০০ হেক্টৰ মাটি বিনষ্ট হৈ পৰিছে। দুই পাৰৰ খহনীয়াৰ ফলত ব্ৰহ্মপুত্ৰ নদী কোনো কোনো ঠাইত ১৫ কিলোমিটাৰ ওপৰলৈকে বহল হৈ পৰিছে।
১৯৯৮ চনৰ প্ৰৱল বানপানীৰ ফলত সৰ্বমুঠ ৫০০ কোটি টকাৰ সা-সম্পত্তি নষ্ট হৈছিল।২০০৪ চনত বানপানীত আক্ৰান্ত হৈ ৭৭১ কোটি টকাৰ সা-সম্পত্তি ধ্বংস-প্ৰাপ্ত হৈছিল।২০১২ চনত অসমৰ নখন জিলাৰ ১৭৪৪ খন গাঁও বানপানীত আক্ৰান্ত হৈ ৭০ হেজাৰ হেক্টৰ শস্য পথাৰ সম্পূৰ্ণ ৰূপে বিনষ্ট হৈ পৰি ১.২ মিলিয়ন মানুহৰ জীৱন বিপৰ্য্যস্ত হৈ পৰিছিল। ১৪০ জন মানুহ বানপানীত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছিল। মাজুলী ৱদ্বীপ, কাজিৰঙা আৰু পবিতৰা অভয়াৰণ্যও বেয়াকৈ আক্ৰান্ত হৈছিল। ২০১৪ চনৰ বানপানীৰ গৰাহত পৰি ৪০ জন মানুহ বানপানীত ডুব গৈ মৃত্যুবৰণ কৰিছিল।২০১৫ চনত অসমৰ ২১ খন জিলাৰ ৬.৫ মিলিয়ন মানুহ বানপানীত বেয়াকৈ ক্ষতিগ্ৰস্থ হোৱাৰ উপৰিও ৪০ জন মানুহ বানপানীত ডুব গৈ মৃত্যুবৰণ কৰিছিল।২০১৭ চনত চাৰি মিলিয়ন মানুহ বানপানীত আক্ৰান্ত হৈছিল আৰু তাৰে ৫ লাখ মানুহে গৃহ হাৰা হৈছিল। ২০২০ চনত ৫ মিলিয়ন মানুহ বানপানীত আক্ৰান্ত হৈ ১২৩ চন মৃত্যু মুখত পৰিছিল। ২০২২ চনত ৮.৮ মিলিয়ন মানুহ বানপানীত আক্ৰান্ত হৈছিল আৰু মৃত্যু মুখত পৰিছিল ১৮১ জন। এই বছৰ আহাৰ মাহৰ আৰম্ভণিৰ পৰা আৰম্ভ হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত অসমত এক প্ৰলয়ংকৰী বানপানীৰ সৃষ্টি হৈ এক আতঙ্কময় পৰিৱেশৰ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপনদীসমূহ যেনে, সোৱণশিৰি, দিচাং, দিখৌ, ধনশিৰি, পুঠিমাৰী, কপিলী, দুধনৈ, কৃষ্ণাই, বেকী আৰু বৰাকৰ উপনদীসমূহৰ পানী ফেনেফোটোকাৰে বাঢ়ি এক ভয়াবহ পৰিৱেশৰ সৃষ্টি হৈছে।২০২৪ চনৰ এই বানপানীৰ ফলত ইতিমধ্যে ৪০ জন মানুহৰ প্ৰাণহানি ঘটিছে। অসমৰ ২৮ খন জিলা বানপানীত আক্ৰান্ত হৈ আহাৰ মহীয়া দ্বিতীয়টো বানৰ কবলত পৰি ইতিমধ্যে ৯২২টা ৰাস্তা ঘাট আৰু ৫২ খন দলং ধ্বংস-প্ৰাপ্ত হৈছে । সেনা, অৰ্ধ সামৰিক বাহিনী, এন ডি আৰ এফ, এছ ডি আৰ এফ, অগ্নি নিৰ্বাপক বাহিনী, স্বেচ্ছাসেৱক আৰু বেচৰকাৰী সংস্থাসমূহৰ সহযোগত নাও আৰু হেলিকপ্টাৰেৰে বানপীড়িত অঞ্চলসমূহৰ পৰা ৭৩৩৪ খন মানুহক স্থানান্তৰিত কৰি ১৩৪ আশ্ৰয় শিবিৰত ৰখা হৈছে ; তথাপি এতিয়াও অসংখ্য মানুহে বানপানীত ককবকাই আছে।
চৰকাৰী ভাষ্য অনুসৰি চীন, নেপাল আৰু অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে অসমত প্ৰলয়ংকৰী বানপানীৰ সৃষ্টি হৈছে ; ইয়াৰ পৰা ৰেহাইৰ কোনো উপায় নাই। কিন্তু, অসম চৰকাৰৰ ভাষ্য যিয়ে নহওক লাগিলে প্ৰাকৃতিক দুৰ্যোগ এই বানপানীৰ পৰা সম্পূৰ্ণ ৰেহাই লাভ কৰিবলৈ সক্ষম নহ’লেও চৰকাৰৰ দুৰ্যোগ-ব্যৱস্থাপনা পদ্ধতিৰ জৰিয়তে বানপানী প্ৰতিৰোধ বা সমস্যা সমাধান বহুত পৰিমাণে লাঘৱ কৰিব পাৰিলেহেতেন। সাধাৰণতে খৰালি কাল শেষ হোৱাৰ পিছত মে মাহৰ পৰা চৰকাৰী প্ৰশাসন যন্ত্ৰই বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰ সকলক ভগা মথাউৰি ৰাস্তা-ঘাট,দলং আদি নিৰ্মাণ বা পুনৰ্নিমাণ কৰিবলৈ নিৰ্দেশ দিয়ে। এইবোৰ বিশেষকৈ মথাউৰিসমূহ নিৰ্মাণ হওতে নহওতে আকৌ বাৰিষা কাল আৰম্ভ হৈ প্ৰবল বৃষ্টিপাত হোৱাৰ ফলতেই বানপানীৰ সমস্যাত জৰ্জৰিত হৈ অসম-বাসী জুৰুলা হৈ পৰে। মথাউৰি সমূহ বিজ্ঞান-সন্মত ভাবে নিৰ্মাণ নকৰাৰ বাবেও বানপানীৰ তীব্ৰ ঢৌত এইবোৰ আকৌ ভাঙি চিঙি ছেদেলি ভেদেলি হৈ পৰে। তাৰ উপৰিও এই চৰকাৰী বিভাগীয় কৰ্তৃপক্ষৰ হেমাহি আৰু অবিজ্ঞান-সন্মত মানসিকতা বা দূৰদৃষ্টিৰ অভাৱত বান প্ৰতিৰোধী কোনো ব্যৱস্থাই সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই ; ইয়াৰ লগত জড়িত হৈ আছে বিভাগীয় কৰ্তৃপক্ষৰ লগতে ঠিকাদাৰ, বিভিন্ন কৰ্মচাৰী, আমোলা আৰু মন্ত্ৰীলৈকে মোটা অংকৰ কমিচনৰ দৰ-দাম নিৰ্ধাৰণৰ বিষয় । বানপানী-পীড়িত লাখ লাখ মানুহক সংস্থাপন, পুনৰ সংস্থাপন, আশ্ৰয় শিবিৰ প্ৰতিষ্ঠা, খাদ্য আৰু বিভিন্ন সা-সামগ্ৰী যোগান দিওঁতেও বিষয়াসকল নানা দুৰ্নীতিত লিপ্ত থকা দেখা যায় ; এনেকি খাদ্য আৰু বিভিন্ন সা-সামগ্ৰী আদি সম-বিতৰণ যোগান নোহোৱাৰ এইবাৰ অভিযোগ উত্থাপিত হৈছে। মুঠতে,সকলো ক্ষেত্ৰতে আমাৰ অসমত দুৰ্নীতি, ভ্ৰষ্টাচাৰ এনেকৈ শিপাইছে যে ভয়ংকৰ বানপানীৰ প্ৰতিৰোধী মথাউৰি, ৰাস্তা-ঘাট, দলং আদি নিৰ্মাণ বা পুনৰ্নিমাণ কাৰ্যসমূহ নিৰ্মাণ কৰোতে আৱন্টিত ধনৰ মাত্ৰ ৪০ শতাংশ কাম সম্পূৰ্ণ হয় বুলি ক’ব পাৰি। অথচ এই ভয়াৱহ বানপানী পৰিস্থিতিৰ মোকাবিলা কৰিব নোৱাৰিলে ভৱিষ্যতে অসম ৰাজ্যখন এখন ডুবন্ত ৰাজ্যলৈ পৰিণত হ’ব। অসমৰ সকলো ৰাজনৈতিক দল তথা স্বেচ্ছাসেৱী সংগঠনৰ ব্যক্তি সকলে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ বৰ্তমান বিজেপি শাসিত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক হেঁচা প্ৰয়োগ কৰা সত্ত্বেও অসমৰ বানপানী সমস্যাক কেৱল ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ বুলি ঘোষণা কৰি প্ৰতি বছৰে ন্যূনতম সাহায্য ঘোষণা কৰে যদিও সেয়াও ভালকৈ ব্যৱহাৰ হোৱা দেখা নাযায়।
প্ৰকৃততে, অসমৰ বানপানী সমস্যাক স্থায়ী সমাধান কৰিবলৈ হ’লে কেন্দ্ৰীয় চৰকাৰে বিজ্ঞান-সন্মত কিছুমান পৰিকল্পনা হাতত লোৱা উচিত। যেনে, বিজ্ঞান-সন্মত ভাবে স্থায়ী মথাউৰি নিৰ্মাণ। ৰাস্তা-ঘাট, দলং আদি অতি ওখকৈ কটকটীয়াকৈ নিৰ্মাণ, নদীৰ দুয়ো পাৰে বিভিন্ন গছ-গছনি ৰোপন, পাহাৰৰ গছ-গছনিবোৰ সুৰক্ষিত ৰখাৰ ব্যৱস্থা, তদানীন্তন কংগ্ৰেছৰ শাসন কালতে কোটি কোটি টকা খৰচ কৰি অনা ড্ৰেজাৰ যন্ত্ৰ বোৰেৰে ; (যিবোৰৰ বেছিভাগেই ইতিমধ্যে ক্ষয় প্ৰাপ্ত হৈছে) বাম হৈ পৰা নদীসমূহৰ তলি খান্দি দ কৰা , নদীৰ মাজত শ্লুইটচ গেটৰ ব্যৱস্থা কৰা,পানী জমা কৰি ৰখাৰ বাবে ” ৰিজাৰ্ভয়”ৰ সু-ব্যৱস্থা কৰা। নদীৰ পাৰ সমূহত ডাঠ শিল, বালিৰে মজুত কৈ বন্ধাৰ ব্যৱস্থা কৰা, বানপানী নিয়ন্ত্ৰণ কৰাৰ বাবে সকলো মানুহক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰ আদিক সমূলি বিনাশ কৰিবলৈ বানপানী সমস্যাৰ স্থায়ী সমাধান সম্ভৱ হ’ব।