অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধান কেতিয়া হব ? – দেবর্ষি গৌতম

অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধান কেতিয়া হব ?

দেবর্ষি গৌতম, বনগাঁও

বছৰৰ প্ৰথমটো বানে অসমৰ প্ৰায় প্ৰতিখন জিলাকে চুই গৈছে। কম বেছি পৰিমানে প্ৰায় কেইখন জিলাতে বানৰ কৱলত পৰি জীৱকুলৰ আলাই আথনি নোহোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে। কিছু কিছু ঠাইত বানে একেবাৰে সংহাৰী ৰূপ ধাৰণ কৰিছে। মানুহৰ স্থায়ী অস্থায়ী সম্পত্তিৰ লগতে পশুধনৰো বিস্তৰ ক্ষতি সাধন হোৱা আমি দেখিবলৈ পাইছোঁ। নিজৰ অতি মৰমৰ ঘৰখন এৰি এক নিৰাপদ স্থানলৈ সপৰিয়ালে যাবলৈ বাধ্য হৈছে। চৰকাৰ প্ৰশাসনৰ লগতে কিছুমান বেচৰকাৰী সংস্থাইও বানপীড়িত লোকক সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে। এইয়া বানপীড়িত লোকসকলৰ বাবে এক আদৰণীয় পদক্ষেপ। যদি আমি অসমৰ প্ৰেক্ষাপটত চাবলৈ যাওঁ তেনেহলে দেখিবলৈ পাম যে বানপানী অসমত উদযাপন কৰা এক ঋতুকালীন উৎসৱ সদৃশ হৈ পৰিছে। নিৰ্দিষ্ট সময়ত বানপানী আহে আৰু একাংশ লোকক সৰ্বশ্ৰান্ত কৰি থৈ যায়। চৰকাৰ প্ৰশাসনে এনে লোকসকলৰ বাবে এককালীন সহায়ৰ হাত আগবঢ়াই আৰু তাৰ পিছত পৰৱৰ্তী বানপানী অহালৈকে সকলোৱে মনে মনে হাত সাৱটি বহি থাকে। প্ৰতি বছৰে আমি বানপানীৰ সময়ত সেই একেখন ছবিকে দেখিবলৈ পাওঁ। হয়তো আজিলৈকে ক্ষমতাত থকা কোনো লোকে এবাৰৰ বাবে হলেও হৃদয়ংগম কৰিব নোৱাৰিলে আচলতে বানপীড়িত লোকসকলে কিদৰে বানপানীৰ সময়ত নিজকে জীয়াই ৰাখিবলৈ যুজঁ দিবলগীয়া হয় ? কোনেও এবাৰৰ বাবেও হয়তো অনুধাৱন কৰা নাই যে অসমত বানপানীৰ সমস্যাক কিদৰে স্থায়ী সমাধান কৰিব পৰা যাব। তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ইমান আগবাঢ়ি যাবলৈ সক্ষম হোৱা এখন দেশত এনেদৰে প্ৰতিবছৰে বানপানীৰ দৰে প্ৰাকৃতিক দুর্যোগে যদি জুৰুলা কৰি থাকে তেনেহলে সেই প্ৰযুক্তি বিদ্যাৰ সফলতাৰ লাভালাভ কি হব ? পৰ্যায়ক্ৰমে যাতে বানপানীৰ সমস্যাক স্থায়ী ভাবে নিৰ্মূল কৰিব পৰা যায় সেই ক্ষেত্ৰত বিশেষজ্ঞ সকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰি এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব লাগে যাতে প্ৰতিবছৰে সাধাৰণ লোকসকলে বানপানীৰ বাবে দুৰ্ভোগ ভুগিব লগীয়া নহয়। বানপানীৰ সংহাৰী ৰূপৰ পিছত সাহাৰ্য্য, মেৰামতি আদি কামত যি বৃহৎ অংকৰ ধনৰ ব্যয় হয় তাৰ পৰিৱৰ্তে যদি সেই ধন সমূহ বানপানীৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে খৰচ কৰা হয় তেতিয়া হয়তো সেই বৃহৎ অংকৰ ধন প্ৰতি বছৰে খৰছ কৰিব লগীয়া নহয়। যদি সাহাৰ্য্য প্ৰদান কৰিয়ে চৰকাৰ আৰু প্ৰশাসনে নিজৰ দায়িত্ব শেষ বুলি ভাবে তেনেহলে সাধাৰণ লোকসকলে সদায় বানপানীৰ এই সমস্যাটোৰ সৈতে সহবাস কৰিব লাগিব। এক দূৰদৰ্শী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ জৰিয়তেহে বানপানীৰ সমস্যাক ৰোধৰ ক্ষেত্ৰত চৰকাৰ আৰু প্ৰশাসন সফল হব। অসমত বানপানী ৰোধ কৰিবলৈ যদি এক স্থায়ী সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ নকৰে তেনেহলে চৰকাৰ প্ৰশাসন যিমানেই কঠোৰ নহওক লাগিলে সাধাৰণ জনতাই কিন্তু সদায়ে দুৰ্ভোগ ভুগি থাকিব লাগিব। কোনো পধ্যেই বানপানীৰ সমস্যাক নিৰ্মূল কৰিবলৈ সক্ষম নহব। অস্থায়ী ভাবে লোৱা ব্যৱস্থাৰ বাবে নিৰ্দিষ্ট ঠাইৰ কিছু লোকক সাময়িক ভাৱে সকাহ ঠিকে দিব কিন্তু তাৰ পৰিৱৰ্তে অন্য এখন নতুন ঠাইৰ লোকে একো সেই দুৰ্ভোগ ভুগিবলগীয়া হব। গতিকে চৰকাৰ প্ৰশাসনে এক দৃঢ় পদক্ষেপ গ্ৰহণ কৰি বানপানী সমস্যা ৰোধৰ বাবে স্থায়ী সমাধান সূত্ৰ যুগুত কৰাটো বৰ্তমান সময়ৰ বাবে অতিকৈ প্ৰয়োজনীয় হিচাপে বিবেচিত হৈছে।