অসমৰ বাট-পথ-সত্যজিৎ গগৈ

Pc Team BHP
অসমৰ বাট-পথ
অসম ৰাজ্যখন ভাৰতবৰ্ষৰ উন্নত ৰাজ্যসমূহৰ ভিতৰত অন্যতম বুলি চৰকাৰে দাবী কৰিলেও কিন্তু প্ৰকৃত ছৱিখন সম্পূৰ্ণ ওলোটা।এখন ৰাজ্যক কেতিয়া উন্নত বুলি কোৱা হয়।যেতিয়া ৰাজ্যখনৰ প্ৰায় ৯০ শতাংশ সমস্যা নোহোৱা হ’ব।অসমৰ বেলিকাত এইয়া হৈছে জানো!দৈনিক নতুন নতুন সমস্যাৰে ভৰিহে পৰা দেখা গৈছে।তদুপৰি বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ অৱস্থা দেখিলে এনে ভাৱ হয় যেন আমি এতিয়াও বহুখিনি পিচপৰি আছোঁ।কেৱল কথাৰ ফুলজাৰি মাৰি থকা চৰকাৰে অসমৰ মূল ঘাই পথ কেইটাকেই আজিলৈকে মেৰামতি কৰি চলাচলৰ বাবে সূচল কৰিব নোৱাৰিলে।ভিতৰোৱা ৰাস্তা সমূহৰ কথাটো নকলোঁৱেই।যদিহে এখন ৰাজ্যৰ যাতায়তৰ ব্যৱস্থা উন্নত নহয়।তেন্তে সেই ৰাজ্যখন কিদৰে উন্নত দেশসমূৰ শাৰীত পৰিব।অসমৰ ৰাস্তা-ঘাটৰ অৱস্থা সূচনীয় বাবেই দৈনিক দূৰ্ঘটনা সমূহ দেখিবলৈ পোৱা যায়।মন্ত্ৰী বিধায়কৰ বাহনেই মহতীয়াই লৈ যায় পথচাৰীক।এজাক বৰষুণতেই পুখুৰী সদৃশ হৈ পৰে বাট-পথ সমূহ।এই ক্ষেত্ৰত চৰকাৰখন সম্পূৰ্ণৰূপে বিফল হৈছে।কিন্তু সেইখন চৰকাৰেই অসমৰ মূল সমস্যা সমূহ সমাধান নকৰি কেৱল আঁচনি মুকলি কৰি,মহিলাৰ ঋণ পৰিশোধ কৰি,বিশ্ব ৰেকৰ্ডৰ দৰে অনুষ্ঠান সমূহ কৰিয়েই ৰাজভঁড়ালৰ কোটিকোটি টকা পানীত পেলাই আহিছে।তদুপৰি চৰকাৰখনে কেৱল নিজৰ ব্যক্তিগত সম্পত্তি বৃদ্ধি কৰাতহে অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।সেয়েহে বিভিন্ন দূৰ্ঘটনা সমূহৰ বাবে যান-বাহন বিভাগৰ আৰক্ষী,পথচাৰী নাইবা চালক সকলক দুখ জাপি দিলেই নহ’ব।ইয়াৰ বাবে মূল জগৰীয়াই হৈছে চৰকাৰখন।ইয়াৰোপৰি চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ লেহেমীয়া নিৰ্মাণৰ ক্ষেত্ৰতো চৰকাৰে কেৱল কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কামত ৰাজ্য চৰকাৰৰ কৰণীয় একো নাই বুলি কৈয়েই দায়সৰা মন্তব্যৰে ৰাইজক আভুৱা ভৰাই আহিছে।এনেকৈ থাকিলে ভবিষ্যতে ইয়াতকৈও ভয়াবহ ভাৱে বৰ্ধিত হাৰত দুৰ্ঘটনা সমূহ সংঘতিত হোৱাৰ আশংকা কৰিব পাৰি।
সত্যজিৎ গগৈ
নাহৰকটীয়া