অসমৰ বন্যাৰ্তলৈ বলীউডৰ তাৰকাৰ সাহায্য

pc hindustan times

অসমৰ বন্যাৰ্তলৈ বলীউডৰ তাৰকাৰ সাহায্য

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ বন্যাৰ্তলৈ বলীউডৰ তাৰকাৰ সাহায্য।অসমৰ বানপীড়িত লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিল বলীউডৰ অভিনেতা অৰ্জুন কাপুৰ আৰু পৰিচালক ৰোহিত চেট্টী।উল্লেখযোগ্য যে, অভিনেতা অৰ্জুন কাপুৰ আৰু পৰিচালক ৰোহিত চেট্টিয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে ৫ লাখ টকা।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰী কৰিছে এই কথা।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কয়,”বলীউড অভিনেতা অৰ্জুন কাপুৰ আৰু পৰিচালক ৰোহিত চেট্টীয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ টকা অৰিহণা যোগাইছে।তেওঁলোকৰ উদ্বেগ আৰু উদাৰতাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছো।”