অসমৰ প্ৰতিটো প্ৰান্তত লগতে বস্ত্ৰনগৰী শুৱালকুছিতো জুবিন গাৰ্গৰ জন্মদিন উদযাপন
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ প্ৰকৃত উপাধি বৰঠাকুৰ কিন্তু গোটেই ভাৰতবৰ্ষৰ বাহিৰেও বিদেশতো তেওঁ পৰিচিত জুবিন গাৰ্গ নামেৰে। অসমৰ হৃদস্পন্দনক হেৰুৱাবৰ দুমাহ পাৰ হ’ল।১৮নৱেম্বৰ ২০২৫তাৰিখে তেখেতৰ জন্মদিন সকলোৱে পালন কৰিলে মনত অশ্ৰু অঞ্জলিৰ সৈতে।শুৱালকুছি বালিচৰত জুবিন গাৰ্গ ফ্ৰেন ক্লাৱে প্ৰিয় শিল্পী গৰাকীৰ জন্মদিন পালন কৰিলে বৃহত্তৰ শুৱালকুছি ৰাইজৰ উপস্থিতিত। জনপ্ৰিয় শিল্পী সকলেও কন্ঠদান কৰিলে। শুৱালকুছিৰ বিভিন্ন অনুষ্ঠানেও জন্মদিনটো বিভিন্ন মাধ্যমেৰে পালন কৰিছে।ইয়াৰ উপৰি শুৱালকুছিৰ প্ৰতিখন শিক্ষানুষ্ঠানে ছাত্ৰ/ছাত্ৰী সকলৰ পাঠদান সম্পূৰ্ণ কৰাৰ লগতে সমান্তৰাল ভাবে শিল্পী গৰাকীক জন্মদিনৰ শুভেচ্ছা জনাইছে গীত মাতেৰে।শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়তো ছাত্ৰ/ছাত্ৰী সকলে নিজৰ নিজৰ বিষয়ৰ ক্লাচ কেইটা সমাপন কৰি শিল্পীজনক আনুষ্ঠানিক ভাবে জন্মদিনৰ শুভেচ্ছা জনাইছে জুবিন গাৰ্গৰ ওপৰত স্ব-ৰচিত কবিতা পাঠ/গীত মাত আদিৰে।
