অসমৰ দৰদী কণ্ঠশিল্পী অৰুণ দাসৰ দেহাৱসান

অসমৰ দৰদী কণ্ঠশিল্পী অৰুণ দাসৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমীয়া সংগীতৰ পথাৰ উকা কৰি গ’লগৈ তেওঁ। দীৰ্ঘদিনে শাৰীৰিক অসুস্থতাৰে যুঁজি অৱশেষত অচিন দেশলৈ যাত্ৰা কৰিলে জনপ্ৰিয় সংগীতশিল্পী অৰুণ দাসে। দেওবাৰে পুৱতি নিশা ৪.৩৫ বজাত জনপ্ৰিয় শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। সৰুমটৰীয়াৰ বাসগৃহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ অসমীয়া সংগীত জগতৰ নব্বৈৰ দশকৰ ‘লিজেণ্ড অৱ নাইন্টি’ আছিল। তেওঁৰ গানবোৰত দৰদ ভৰা অতীতৰ গোপন স্মৃতি প্ৰকাশ পাইছিল। তেওঁ এই পৃথিৱীৰ পৰা গুচি গ’ল যদিও দৰদ ভৰা প্ৰেমৰ আপদাৰে গোৱা সেই গীতবোৰ থাকি গ’ল, যি চিৰসেউজ হৈ ৰ’ব।নব্বৈৰ দশকত তেওঁৰ জনপ্ৰিয় গান আজিও অনুৰাগীসকলৰ প্ৰিয়।  এইগৰাকী মহান শিল্পীৰ বিয়োগ অসমীয়া জাতিৰ বাবে অপূৰণীয় ক্ষতি।