অসমৰ দুখনকৈ গাঁও পঞ্চায়ত ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে নিৰ্বাচিত

অসমৰ দুখনকৈ গাঁও পঞ্চায়ত ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে নিৰ্বাচিত

ৰঙিলী বাৰ্ত্তাসেৱা- ‘ৰাষ্ট্ৰীয় পঞ্চায়ত পুৰস্কাৰ ২০২৪’ ৰ দীনদয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ শাখাৰ শিশুৰ বাবে অনুকূল পঞ্চায়ত শীৰ্ষক বিষয়ৰ পুৰস্কাৰত মাজুলী জিলাৰ উজনি মাজুলীৰ উন্নয়ন খণ্ডৰ জেংৰাই গাঁও পঞ্চায়তে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷আনহাতে, নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ শাখাৰ শ্ৰেষ্ঠ গাঁও পঞ্চায়ত শ্ৰেণীত নগাঁও জিলাৰ খাগৰিজান উন্নয়ন খণ্ডৰ বেবেজীয়া ডিমৌ বাংথাই গাঁও পঞ্চায়তে দ্বিতীয় স্থান লাভ সক্ষম হৈছে ৷এই গৌৰৱৰ মুহূৰ্তত বিভাগীয় মন্ত্ৰী হিচাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আৰু দুয়োখন পঞ্চায়তৰ সভাপতি প্ৰমুখ্যে নিৰ্বাচিত সদস্যসকলৰ লগতে গঞা ৰাইজলৈ আন্তৰিক শুভেচ্ছা জনায় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷